India’s got latent: সময় ৰাইনা-ৰণবীৰ এলাহাবাদিয়া হাজিৰ হ’ব লাগিব অসম আৰক্ষীৰ সন্মুখত, অপূৰ্বা মাখিজা-আশীষকো চমন জাৰি

‘ইণ্ডিয়াছ গট লেটেণ্ট’ৰ ওপৰত কৰা মন্তব্যক লৈ বিতৰ্কত সাঙোৰ খোৱা সময় ৰাইনা, ৰণবীৰ এলাহাবাদিয়া, অপূৰ্বা মাখিজা আৰু আশীষ চাঞ্চলানীক মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ লগতে অসম আৰক্ষীয়েও তেওঁলোকৰ বক্তব্য ৰাখিবলৈ মাতিছে।

Indias got latent: সময় ৰাইনা-ৰণবীৰ এলাহাবাদিয়া হাজিৰ হ’ব লাগিব অসম আৰক্ষীৰ সন্মুখত, অপূৰ্বা মাখিজা-আশীষকো চমন জাৰি

সময় ৰাইনা-ৰণবীৰ এলাহাবাদিয়া হাজিৰ হ’ব লাগিব অসম আৰক্ষীৰ সন্মুখত

Published: 

15 Feb 2025 10:55 AM

‘ইণ্ডিয়াজ গট লেটেণ্ট’ত কৰা মন্তব্য কৰা ইউটিবাৰক মহাৰাষ্ট্ৰ চাইবাৰ চেলে চমন প্ৰেৰণ কৰিছে। ১৮ ফেব্ৰুৱাৰীত তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিবলৈও ফোন কৰিছে। ইয়াৰ সমান্তৰালকৈ এই ৪গৰাকী ইউটিউবাৰক অসম আৰক্ষীয়েও ফোন কৰি তেওঁলোকৰ মন্তব্য ল’বলৈ মাতিছে।

এই লোকসকলৰ বিৰুদ্ধে মুম্বাই, দিল্লীৰ লগতে গুৱাহাটীতো গোচৰ ৰুজু হৈছে। মুম্বাইৰ লগতে এই লোকসকলক ১৮ ফেব্ৰুৱাৰীত গুৱাহাটী আৰক্ষী মুখ্য কাৰ্যালয়লৈও মাতিছে। শুকুৰবাৰে ৰণবীৰৰ বিষয়েও এটা খবৰ আহিল যে, বৃহস্পতিবাৰে যেতিয়া আৰক্ষীয়ে তেওঁৰ বাৰ্চোবাৰ ঘৰত উপস্থিত হয় তেতিয়া তেওঁৰ দুৱাৰ বন্ধ আছিল। ইয়াৰ পূৰ্বে তেওঁৰ সুৰক্ষাৰ কথা উল্লেখ কৰি ৰণবীৰে তেওঁৰ বক্তব্য তেওঁৰ ঘৰতে লিপিবদ্ধ কৰিব লাগে বুলি কৈছিল যদিও আৰক্ষীয়ে তেওঁৰ দাবী নাকচ কৰে।

কমেডিয়ান দেৱেশ দীক্ষিতৰ বক্তব্য ৰেকৰ্ড

ৰণবীৰৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে আটাইকেইজনকে ১৮ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ কৈছে আৰক্ষীয়ে। শুকুৰবাৰে মহাৰাষ্ট্ৰ চাইবাৰ চেলে কমেডিয়ান দেৱেশ দীক্ষিতৰ বক্তব্য ৰেকৰ্ড কৰে। ইণ্ডিয়াজ গট টেলেণ্টৰ এটা খণ্ডত বিচাৰক হিচাপে গৈছিল। ইয়াৰ উপৰিও ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ ভিডিঅ’ এডিটৰ সাগৰৰ বক্তব্যও খাৰ আৰক্ষীয়ে ৰেকৰ্ডিং কৰিছে। এতিয়ালৈকে ৮ জন লোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে।

 

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?