Indias got latent ৰ বিতৰ্কৰ পিছত ৰণবীৰ এলাহাবাদিয়াক মৃত্যুৰ ভাবুকি!
ষ্টেণ্ড আপ কমেডিয়ান তথা ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ পোহৰলৈ আহিছে নতুন বক্তব্য। তেওঁ ৰাইজৰ ওচৰত ক্ষমা খুজিছে। ইয়াৰ উপৰিও তেওঁ নিজৰ সুৰক্ষাৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰিছে।

বিখ্যাত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ বিপদ কম হোৱাৰ নাম লোৱা নাই। ইউটিউবাৰ সময় ৰাইনাৰ অনুষ্ঠান ইণ্ডিয়াজ গট লেটেণ্টৰ অংশ আছিল ৰণবীৰ। এই অনুষ্ঠানত তেওঁ অভিভাৱকক লৈ ধেমালি কৰিছিল, ইয়াৰ পিছতে বিতৰ্কত সোমাই পৰিছিল অনুষ্ঠানটো। ইয়াৰ পিছত কিছুদিন কাৰো লগত যোগাযোগ নাছিল ৰণবীৰ এলাহাবাদিয়া। কিন্তু এতিয়া ছ’চিয়েল মিডিয়াত পুনৰ সক্ৰিয় হৈ পৰিছে ইউটিউবাৰগৰাকী। অনুৰাগীৰ ওচৰত ক্ষমা খুজি তেওঁ মৃত্যুৰ ভাবুকি পোৱাৰ কথাও উল্লেখ কৰে।
কি ক’লে ৰণবীৰে?
এতিয়া এই বিষয়ত ৰণবীৰে ক’লে- মই ক্ষমা বিচাৰিছোঁ, মই ভুল কৰিছোঁ। মই আৰু মোৰ দলটোৱে আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। মই সকলো প্ৰক্ৰিয়া অনুসৰণ কৰিম আৰু সকলো এজেঞ্চিৰ বাবে উপলব্ধ থাকিম। অভিভাৱক সম্পৰ্কে মোৰ মন্তব্য অতি সংবেদনশীল আৰু অনুচিত আছিল। ইয়াৰ বাবে মই আন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ, আৰু ভাল কাম কৰাটো মোৰ দায়িত্ব।
View this post on Instagram
কিহৰ বাবে ভয় খাইছে ৰণবীৰ?
মই দেখি আছোঁ যে, মই আৰু মোৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়া হৈছে। ৰোগীৰ অজুহাতত মাৰ ক্লিনিকলৈ মানুহ আহি আছে আৰু তেওঁলোকক আক্ৰমণাত্মক দেখা গৈছে। মই বৰ ভয় খাই আছোঁ আৰু এই ক্ষেত্ৰত মই কি কৰিব লাগে নাজানো। কিন্তু মই পলাই যোৱা নাই। দেশৰ আৰক্ষী আৰু ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।