শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুণ্ডাৰাজ নচলিব, মই ভয় নকৰোঁ: ‘ইমাৰজেন্সি’ক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত কংগনা ৰাণাৱটৰ প্ৰতিক্ৰিয়া

ছবিগৃহত মুক্তি পাবলৈ সাজু হৈ উঠিছে কংগনা ৰাণাৱটৰ ছবি 'ইমাৰজেন্সি'। কিন্তু মুক্তিৰ আগতেই এই ছবিখনক লৈ বিতৰ্ক আৰম্ভ হৈছে। একাংশ লোকে চলচ্চিত্ৰখনৰ মুক্তি নিষিদ্ধ কৰাৰ দাবী জনাইছে। আনকি তেওঁক মৃত্যুৰ ভাবুকিও প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগনা ৰাণাৱটে।

গুণ্ডাৰাজ নচলিব, মই ভয় নকৰোঁ: ‘ইমাৰজেন্সি’ক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত কংগনা ৰাণাৱটৰ প্ৰতিক্ৰিয়া
কংগনা ৰাণাৱট
trishna-kalita
Trishna Kalita | Published: 28 Aug 2024 17:26 PM

আহিবলগীয়া ছবি ‘ইমাৰজেন্সি’ক লৈ চৰ্চাত আছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট । ইয়াৰ পূৰ্বে এই চলচ্চিত্ৰখন ২০২৩ চনত মুক্তি পোৱাৰ কথা আছিল। কিন্তু সেই সময়ত ইয়াৰ মুক্তি পিছুৱাই দিয়া হয়। এতিয়া এই ছবিখন ৬ ছেপ্টেম্বৰত ডাঙৰ পৰ্দালৈ আহিব। ছবিখনৰ তীব্ৰ প্ৰচাৰ চলাই থকাৰ সময়তে ছবিখনক লৈ চলিছে বিতৰ্ক। শেহতীয়াকৈ তেওঁ মৃত্যুৰ ভাবুকিও পাইছিল। ইয়াৰ মাজতে কংগনাই ছবিখনৰ বিষয়ে বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কংগনাই কৈছে যে তেওঁ লাভ কৰা ভাবুকিবোৰলৈ অলপো ভয় নকৰে। আজ তকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কৈছে, “মোক ভয় খুৱাব নোৱাৰিব। মই এই দেশৰ কণ্ঠক ৰুদ্ধ হ’বলৈ নিদিও। এই মানুহবোৰে মোক ভাবুকি দিয়ক, মোক গুলীয়াওক মই ভয় নকৰোঁ। ইয়াত গুণ্ডাৰাজ নচলিব।” ছবিখনক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত কংগনাই কয় যে তেওঁৰ ছবিখন তথ্যৰ ওপৰত আধাৰিত।
সমাজত চলি থকা ঘটনাবোৰ এই চলচ্চিত্ৰখনত অন্তৰ্ভুক্ত কৰা হৈছে।

২৭ আগষ্টত পঞ্জাৱৰ বাথিণ্ডাত ছবিগৃহৰ বাহিৰত ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ খবৰ পোহৰলৈ আহিছিল। এই ছবিখনৰ মুক্তি নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ইমান সিং খাৰা নামৰ এজন অধিবক্তাই ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল।

কেৱল এয়াই নহয় শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিয়ে ‘ইমাৰজেন্সি’ৰ প্ৰযোজক আৰু কংগনা ৰাণাৱটৰলৈ এখন জাননী প্ৰেৰণ কৰিছে আৰু শিখ সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে। ইয়াৰ উপৰিও ছবিখনৰ ট্ৰেইলাৰ ডিজিটেল প্লেটফৰ্মৰ পৰা আঁতৰাবলৈ দাবী জনোৱা হৈছে।

ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ২৬ আগষ্টত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’টোত বিকি থমাছ মাছিহে এই ছবিখন মুক্তি দিলে কংগনাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা দেখা গৈছিল। । কংগনাই ভাইৰেল ভিডিঅ’টো ৰি-পোষ্ট কৰে আৰু পঞ্জাৱ আৰক্ষী, হিমাচল আৰক্ষী আৰু মহাৰাষ্ট্ৰৰ ডিজিপিক টেগ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

এই চলচ্চিত্ৰখনত ১৯৭৫ চনত দেশত আৰোপ কৰা জৰুৰীকালীন অৱস্থাৰ কাহিনী প্ৰদৰ্শিত কৰা হ’ব। য’ত কংগনা ৰাণাৱটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ এই ছবিখনৰ পৰিচালকো। তেওঁৰ বাহিৰেও বলীউডৰ আৰু বহুতো ডাঙৰ মুখ এই ছবিখনত দেখা যাব। যেনে অনুপম খেৰ, মনীষা কৈৰালা, মহিমা চৌধুৰী আৰু মিলিন্দ সোমন। অৱশ্যে কংগনাই বিগত বছৰৰ ২৪ নৱেম্বৰত তেওঁৰ চলচ্চিত্ৰখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল।  তাৰ পাছত তেওঁ ইয়াৰ মুক্তিৰ দিন ১৪ জুন ২০২৪লৈ পিছুৱাই দিছিল। কিন্তু ছবিখন জুনতো মুক্তি দিব পৰা নগ’ল।

Latest News