কিয় ডাঙৰ বাজেটৰ ছবি নিৰ্মাণ নকৰে কৰণ জোহৰে? নিজেই বুজাই ক’লে সকলো..
বিগত ২৬ বছৰ ধৰি বলীউডত চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কাম কৰি আছে কৰণ জোহৰে। চলচ্চিত্ৰ পৰিচালনা আৰু প্ৰযোজনাও কৰে কৰণ জোহৰে। তেওঁৰ কোম্পানী ধৰ্মা প্ৰডাকচন বলীউডৰ এটা ডাঙৰ নাম। অৱশ্যে, কৰণে খুব ডাঙৰ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণ নকৰে। নিজেই ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।
বলীউডে হওক বা দক্ষিণেই হওক, সকলোতে যেন এতিয়া ডাঙৰ বাজেটৰ ছবি নিৰ্মাণৰ প্ৰতিযোগিতা চলিছে। দৰ্শকৰ মাজত মুকলি কৰি দিয়া হৈছে ইখনৰ পাছত আনখন শেহতীয়াকৈ মুক্তি প্ৰাপ্ত কাৰ্তিকৰ ‘bhool bhulaiyaa 3’ৰ বাজেট হৈছে ১৫০ কোটি টকা। আনহাতে অজয় দেৱগনৰ ‘সিংঘম এগেইন’ নিৰ্মাণৰ বাবে প্ৰায় ৪৫০কোটি টকা ব্যয় কৰা হৈছিল। ১৪ নৱেম্বৰত দক্ষিণৰ চুপাৰষ্টাৰ চুৰিয়াৰ ছবি ‘কাংগাৱা’ মুক্তি লাভ কৰে, যাৰ বাজেট প্ৰায় ৩৫০ কোটি টকা বুলি জনা গৈছে।
আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা 2’য়ে ৫ ডিচেম্বৰত ছবিগৃহত নক কৰিবলৈ গৈ আছে। বাতৰি অনুসৰি, এই ছবিখনৰ ব্যয় প্ৰায় ৫০০ কোটি টকা। এইবোৰৰ মাজতে কৰণ জোহৰে ডাঙৰ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণক লৈ কিছু মন্তব্য প্ৰপজদান কৰিছে। প্ৰকৃততে, কৰণ বলীউডৰ এজন ডাঙৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ কোম্পানী ধৰ্মা প্ৰডাকচনে বহুতো ডাঙৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে, কিন্তু তেওঁৰ ছবিবোৰৰ বাজেট ইমান বেছি নহয়। কৰণে কিয় ডাঙৰ বাজেটৰ ছবি নিৰ্মাণ নকৰে জানো আহক।
ডাঙৰ বাজেটৰ ছবি নিৰ্মাণৰ বিষয়ে কি ক’লে কৰণ জোহৰে?
বিগত ২৬ বছৰ ধৰি বলীউডত চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কাম কৰি আছে কৰণ জোহৰে। চলচ্চিত্ৰ পৰিচালনা আৰু প্ৰযোজনাও কৰে কৰণ জোহৰে। তেওঁৰ কোম্পানী ধৰ্মা প্ৰডাকচন বলীউডৰ এটা ডাঙৰ নাম। অৱশ্যে, কৰণে খুব ডাঙৰ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণ নকৰে। নিজেই ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে কৰণ জোহৰে।
কৰণ জোহৰে চিএনবিচি টিভি18-ৰ সৈতে বাৰ্তালাপ কৰি কয়, “যদি আমি এনে ছবি নিৰ্মাণ কৰোঁ যাৰ বাজেট ২০০-২৫০ কোটিতকৈ অধিক, তেন্তে সেই ছবিখনত সম্পূৰ্ণৰূপে আমাৰ স্তৰত অৰ্থাৎ অকলে পুঁজি বহন কৰাটো কঠিন। চিনেমাখন হিট হ’লেও, ইয়াৰ লাভৰ ভাগ-বতৰা হ’ব।”
তেওঁ লগতে কয় যে, “প্ৰকৃত উপাৰ্জন মধ্য বাজেটৰ ছবিৰ পৰা আহে, যিবোৰ প্ৰডাকচন হাউচৰ পুঁজিৰে সহজে উপাৰ্জন কৰিব পাৰি। তেওঁ জোৰ দি কৈছিল যে ৬৫ কোটিৰ পৰা ৮০ কোটি টকাৰ ভিতৰত নিৰ্মাণ কৰা ছবিসমূহ ডাঙৰ বাজেটৰ ছবিতকৈ অধিক লাভজনক।”
তেওঁ আকৌ কয় যে, “যেতিয়া কোনোবাই চিনেমা এখন ডাঙৰ কৰাৰ কথা ভাবে, এনে লাগে যে চিনেমাখন যিমানে ডাঙৰ হ’ব, সিমানে ই অধিক টকা আহিব, কিন্তু এয়া সদায় সঁচা নহয়। চিনেমাখনত যিমান বেছি টকা খৰচ হ’ব, সেই টকা পুনৰুদ্ধাৰ কৰিবলৈ সিমানে অধিক সময় লাগিব।”