Kaun banega crorepati 16: ৭ কোটি টকা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে চন্দৰে! আপুনি জানেনে শুদ্ধ উত্তৰটো... | kaun banega crorepati 16 chandar Prakash got 1 cr but could not answer 16th question do you know the answer Assam news - Assam Tv9

Kaun banega crorepati 16: ৭ কোটি টকা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে চন্দৰে! আপুনি জানেনে শুদ্ধ উত্তৰটো…

Published: 

26 Sep 2024 14:44 PM

Kaun banega crorepati 16: কেবিচিয়ে পালে প্ৰথমজন কোটিপতি। চন্দৰ প্ৰকাশ নামৰ যুৱকজনে লাভ কৰিবলৈ সক্ষম হয় ১ কোটি টকা।পিছে ৭ কোটি টকাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে খেল সামৰে তেওঁ। আচৰিত কথা এয়াই যে ৭ কোটি প্ৰশ্নৰ উত্তৰৰ বাবে চন্দৰে যি অনুমান লগাইছিল সেয়াই আছিল শুদ্ধ।

Kaun banega crorepati 16: ৭ কোটি টকা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে চন্দৰে! আপুনি জানেনে শুদ্ধ উত্তৰটো...

কৌন বনেগা কড়োৰপতি

Follow Us On

কৌন বনেগা কড়োৰপতি-১৬ ( kaun banega crorepati) য়ে প্ৰথমবাৰৰ বাবে লাভ কৰে এজন কোটিপতি। ১ কোটি টকাৰ পুৰস্কাৰ লাভ কৰা যুৱকজনৰ নাম চন্দৰ প্ৰকাশ। ইউ পি এছ চি (UPSC)ৰ বাবে প্ৰস্তুতি চলাই থকা এই যুৱকজন জম্মু- কাশ্মীৰৰ। স্বাস্থ্যৰ লগত জড়িত সমস্যাত ভুগি থকাৰ পাছতো যুৱকজনে ১ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। প্ৰশ্নৰ সঠিক উত্তৰ নজনাৰ বাবে ৭ কোটি টকাৰ জেকপট প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পূৰ্বে চন্দৰে খেলাৰ বাহিৰ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু আচৰিত কথা এয়াই যে, ৭ কোটি প্ৰশ্নটোৰ বাবে চন্দৰে অনুমান কৰা উত্তৰটোৱে আছিল শুদ্ধ।

২৫ ছেপ্টেম্বৰত ছোনি এন্টাৰটেইনমেন্টৰ ইনষ্টাগ্ৰামত জয়ৰ আনন্দ উদযাপন কৰাৰ কিছু দৃশ্য শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত অমিতাভ বচ্চনে যুৱকজনক জয়ী বুলি ঘোষণা কৰাৰ লগতে তেওঁক অভিনন্দন জনায়।

১ কোটি টকাৰ প্ৰশ্নটো কি আছিল

১ কোটি টকাৰ বাবে প্ৰশ্ন আছিল-  কোনখন দেশৰ সবাতোকৈ ডাঙৰ ৰাজধানী নহয়,বন্দৰ আছে। এই বন্দৰটোৰ আৰৱী অৰ্থ শান্তিৰ নিবাস। এই প্ৰশ্নৰ উত্তৰৰ বিকল্প আছিল- ১) ছোমালিয়া ২) ওমান ৩) তনজানিয়া ৪) ব্ৰুনেই। এই প্ৰশ্নটোত চন্দৰে ডাবল ডিপ লাইফলাইন ব্যৱহাৰ কৰি তনজানিয়া উত্তৰ দিছিল। এই উত্তৰটোৱে আছিল সঠিক উত্তৰ। যাৰ বাবে ১ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়।

৭ কোটিৰ প্ৰশ্ন

১ কোটি টকাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিয়াৰ পাছতে অমিতাভ বচ্চনে তেওঁক ৭ কোটি টকাৰ প্ৰশ্ন সোধে। এই প্ৰশ্নটো আছিল- ১৫৮৭ চনত উত্তৰ আমেৰিকাত ব্ৰিটিছ পিতৃ-মাতৃৰ পৰা জন্ম হোৱা প্ৰথম সন্তান কোন আছিল। এই প্ৰশ্নৰ উত্তৰৰ বিকল্প আছিল- ১) ভাৰ্জিনিয়া ডেয়াৰ ২) ভাৰ্জিনিয়া হল ৩)ভাৰ্জিনিয়া কফি আৰু ৪) ভাৰ্জিনিয়া চিংক। এই প্ৰশ্নৰ সঠিক উত্তৰ যুৱকজনে জনা নাছিল। যাৰ বাবে তেওঁ খেল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তাৰ পাছত  অমিতাভ বচ্চনে তেওঁক উত্তৰ অনুমান লগাবলৈ কয়। চন্দৰে অনুমান লগাই ভাৰ্জিনিয়া ডায়াৰ আৰু এইটোৱেই আছিল সঠিক উত্তৰ। কিন্তু খেল পূৰ্বে ত্যাগ কৰাৰ পূৰ্বে এই প্ৰাইজমানি লাভ নকৰিলে যুৱকজনে।

এক প্ৰেৰণাতকৈ কম নহয় চন্দৰৰ জীৱন। তেওঁ জনাই, প্ৰতিযোগীতাত লাভ কৰা সকলো ধন পিতৃ- মাতৃক দিব। চন্দৰ সৰুৰে পৰা অসুস্থ  আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগি আহিছে। ইতিমধ্যে তেওঁৰ ৭ টাকৈ চাৰ্জাৰী হৈছে, য’ত প্ৰায় ৮ লাখ টকা খৰচ হৈছিল। ৮ নম্বৰ চাৰ্জাৰী কৰিবলৈ ডাক্তৰে তেওঁক উপদেশ দিছে। ইয়াৰোপৰি এই ধনৰ দ্বাৰা তেওঁ ঋণ পৰিশোধো কৰিব।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version