পিতৃ-মাতৃ হ’বলৈ ওলাইছে সিদ্ধাৰ্থ-কিয়াৰা, বিশেষ ধৰণে শ্বেয়াৰ কৰিলে ভাল খবৰ

বলীউডৰ প্ৰিয় দম্পতীৰ ভিতৰত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ যুটী অন্যতম। ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োবিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ দুবছৰ সম্পূৰ্ণ কৰাৰ পিছত দম্পতীয়ে অনুৰাগীক দিলে ভাল খবৰ । এই ভাল খবৰটো অনুৰাগীৰ সৈতে বিশেষ ধৰণেৰে শ্বেয়াৰ কৰিছে দম্পতীয়ে।

পিতৃ-মাতৃ হবলৈ ওলাইছে সিদ্ধাৰ্থ-কিয়াৰা, বিশেষ ধৰণে শ্বেয়াৰ কৰিলে ভাল খবৰ

পিতৃ-মাতৃ হ'বলৈ ওলাইছে সিদ্ধাৰ্থ-কিয়াৰা

Published: 

28 Feb 2025 17:09 PM

বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা। যাক অনুৰাগীয়ে যথেষ্ট পচন্দ কৰে। দুয়োৰে সম্পৰ্কে যেন জনমে জনমে। দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বিবাহপাশত আবদ্ধ হয়। শেহতীয়াকৈ দুয়োজনে দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰিছে। ইয়াৰ মাজতে অনুৰাগীক দিছে এটা ডাঙৰ ভাল খবৰ। দুয়োজনে পিতৃ-মাতৃ হ’বলৈ গৈ আছে। কিয়াৰা আদৱানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বেবী মোজাৰ এখন ফটো।

গৰ্ভধাৰণৰ কথা ঘোষণা কৰি কিয়াৰা আদৱানীয়ে লিখিছে – “আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। শীঘ্ৰে আহি আছে”। এই সময়ছোৱাত বলীউডৰ চেলিব্ৰিটিসকলে অহৰহ অভিনন্দন জনাইছে দম্পতীক। প্ৰথমেই ঈশান খট্টৰে কিয়াৰা আৰু সিদ্ধাৰ্থক অভিনন্দন জনাইছে।

২০১৮ চনৰ পৰাই আৰম্ভ হৈছিল কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰেম কাহিনী। দুয়োকে বহুবাৰ পাৰ্টিত একেলগে দেখা গৈছিল। ২০২১ চনত সিদ্ধাৰ্থই কিয়াৰাক পিতৃ-মাতৃৰ লগত চিনাকি কৰাই দিয়ে। অৱশ্যে কফি উইথ কৰণত তেওঁলোকৰ বিয়াৰ প্ৰথম আভাস লাভ কৰা হৈছিল। দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। কিন্তু তেওঁলোকক গোপনে পাৰ্টি কৰা দেখা গৈছিল। ২০২৩ চনত জয়ছালমেৰত দুয়োৰে বিবাহ হয়। এই সময়ছোৱাত পৰিয়ালৰ লোকৰ উপৰিও কেৱল ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে বিয়াত উপস্থিত আছিল।

বিবাহৰ দুবছৰৰ অন্তত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই। দুয়োজনে পিতৃ-মাতৃ হ’বলৈ ওলাইছে। শিশুৰ মোজাৰ মৰমলগা ফটো শ্বেয়াৰ কৰি অনুৰাগীক ভাল খবৰ দিছে সিদ্ধাৰ্থ-কিয়াৰাই । য’ত সামন্থা ৰুথ প্ৰভুৱে কমেণ্টত কয় – OMG, অভিনন্দন।

কৰণ জোহৰৰ  ষ্টুডেণ্ট অৱ দ্য ইয়েৰত থকা তিনিজন অভিনেতা-অভিনেত্ৰী হ’ল আলিয়া ভাট, বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ এগৰাকী  কন্যা আছে ৰাহা। কিছুদিনৰ আগতে বৰুণ ধাৱন আৰু নতাছাও এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছিল। এতিয়া সিদ্ধাৰ্থ মালহোত্ৰাও পিতৃ হ’বলৈ গৈ আছে। কিয়াৰা আৰু সিদ্ধাৰ্থৰ এই খবৰটো অনুৰাগীসকলক আনন্দিত কৰি তুলিছে।

ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...