নাম শুনিলে আচৰিত হ’ব! এখন ছবিৰ পাছত এইজন অভিনেতা হৈ পৰিছিল সুৰা আসক্ত
অভিনেতা- অভিনেত্ৰীসকলে ছবিত অভিনয় কৰিবৰ বাবে নিজক সম্পূৰ্ণ সপি দিয়ে। কিছুমানে যদি নায়কৰ চৰিত্ৰত অভিনয় কৰে, কিছুমানে খলনায়কৰ। কিছুমানে যদি সুখী মানুহৰ চৰিত্ৰত অভিনয় কৰে আন কিছুমানে দুখী...
হিন্দী ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। অভিনেতাগৰাকীৰ প্ৰতিখন চিনেমাৰ বাবে তেওঁ নিজকে পৃথককৈ প্ৰস্তুত কৰে, যাৰ বাবে তেওঁৰ কিছুমান চৰিত্ৰই মানুহৰ মনত সাঁচ বহুৱাই থৈ যাবলৈ সক্ষম হয়।শ্বাহৰুখ খানৰ এখন জনপ্ৰিয় ছবি দেৱদাস। ২০০২ চনত মুক্তি পোৱা এই ছবিখনত তেওঁ দেৱ বাবুৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ এজন প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে সকলো সময়তে প্ৰেমিকাক মনত কৰি সুৰাপান কৰি থাকে। এই ছবিখনত তেওঁ ইমানেই সোমাই পৰিছিল যে বাস্তৱ জীৱনতো তেওঁ সুৰাপান কৰা আৰম্ভ কৰিছিল। এই কথা কিং খানে নিজেই প্ৰকাশ কৰিছিল।
দেৱৰ চৰিত্ৰত অভিনয় কৰিবলৈ শ্বাহৰুখ খানে যথেষ্ঠ কষ্ট কৰিবলগীয়া হৈছিল। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপো অৰ্জন কৰিছিল। সঞ্জয় লীলা ভঞ্চালীৰ এই ছবিখনে যথেষ্ঠ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এক সাক্ষাৎকাৰত কিং খানে কৈছিল যে এই চৰিত্ৰৰ বাবে তেওঁ কিমান কষ্ট কৰিছিল আৰু তাৰ পাছত তেওঁৰ জীৱনত কিমান পৰিবৰ্তন হৈছিল।
৭৭ সংখ্যক লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ সময়ত হোৱা বাৰ্তালাপত শ্বাহৰুখ খানে তেওঁৰ ৩০ বছৰীয়া যাত্ৰাৰ বিষয়ে উল্লেখ কৰাৰ লগতে দেৱদাস নামৰ ছবিখনৰ বিষয়েও বহু মন্তব্য প্ৰকাশ কৰে। শ্বাহৰুখে কৈছিল যে, তেওঁ কেতিয়াও সৰু চৰিত্ৰত অভিনয় কৰিব বিচৰা নাছিল। কিয়নো তেওঁ বিচাৰিছিল তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ গৌৰৱান্বিত হোৱা। তেওঁ আনকি দেৱদাস নামৰ ছবিখনৰ বাবে মেথড এক্টিং কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে তেওঁ কিছুমান দৃশ্যত মদ খাইছিল। শ্বাহৰুখে কৈছিল- মই সেই হাৰি যোৱা এজন মানুহৰ চৰিত্ৰত অভিনয় কৰিছিলো যাৰ প্ৰেমৰ নিজস্ব কাৰণ আছিল।
শ্বাহৰুখে কৈছিল যে, মই বিচাৰিছিলো যে যি চৰিত্ৰত অভিনয় কৰিছো সেয়া যেন বাস্তৱ যেন লাগে। ইয়াৰ বাবে শ্বুটিঙৰ সময়ত মই মদ খাইছিলো। এয়া নিশ্চয়কৈ নেতিবাচক কথা। কিন্তু মই সেই চৰিত্ৰত অভিনয় কৰোতে নিজকে সম্পূৰ্ণ সপি দিছিলো। জানিব পৰা মতে, এই ছবিৰ বাবে শ্বাহৰুখ খানে শ্বুটিঙস্থলীত এটাৰ পাছতো আনটো পেগ খাইছিল। কোনোবাই তেওঁক ইয়াৰ বিষয়ে প্ৰশ্ন কৰাত কৈছিল যে নিচা চকুত দেখিব লাগে, সেয়ে তেওঁ মদ খাইছে। এই ছবিত অভিনয় কৰাৰ সময়ত শ্বাহৰুখ খান একপ্ৰকাৰ সুৰাৰ প্ৰতি আসক্ত হৈ পৰিছিল। অৱশ্যে পাছলৈ তেওঁ এই অভ্যাস এৰি দিছিল।