Assamese Best Film of 2024: ২০২৪ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবিখনৰ বিষয়ে জানো আহক
Year Ender 2024: ২০২৪ বৰ্ষ শেষ হ’বলৈ মাজত মাথোঁ এটা দিন বাকী ৷ এই বৰ্ষটোৱে কাৰোবাৰ বাবে যদি কঢ়িয়াই আনিছে সুখ, আন কাৰোবাৰ বাবে কঢ়িয়াই আনিছে আকৌ দুখ ৷ এই বছৰটিত কোনোবাই যদি সফলতা অৰ্জন কৰিছে, আন কোনোবাই আকৌ বিফলতাৰ সন্মুখীন হৈছে ৷ কিন্তু সকলোবোৰৰ মাজত ২০২৪ বৰ্ষটো অসমীয়া ছবিজগতৰ বাবে এটি ভাল বছৰ হিচাপে পৰিগণিত হৈছে ৷
2024 Assamese Superhit movie: ২০২৪ বর্ষত বহুকেইখন অসমীয়া ছবি মুক্তি লাভ কৰিছে। জানো আহক কোনখন অসমীয়া ছবিয়ে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ২০২৪ বর্ষত ।
এতিয়া সুদিন ঘূৰি আহিছে অসমীয়া ছবিজগতৰ। ২০২৪ বৰ্ষটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছিল অসমীয়া ছবিজগতলৈ ৷ এই বছৰটোত বহুটো অসমীয়া ছবি মুক্তি লাভ কৰিছে। বিদুৰভাই, পিশাচ, স্বৰ্গৰথ,চিকাৰে আদি কৰি বহু ছবিয়ে দৰ্শকৰ মন জয় কৰিছে। এতিয়া এই ২০২৪ বৰ্ষটো আমি বিদায় দিবলৈ ওলাইছোঁ, গতিকে চাও আহক এই বৰ্ষটোত কোনখন অসমীয়া ছবিয়ে বক্স অফিছত অধিক উপাৰ্জন কৰিছে।
২০২৪ চনত দৰ্শকক অধিক আকৰ্ষণ কৰিছে ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰা অসমীয়া ছবি ‘বিদুৰভাই’য়ে। পৰৱৰ্তী সময়ত ছবিখনে বৰ্হিৰাজ্যৰ বেংগালুৰুকে ধৰি কেইখনমান চহৰত মুক্তি লাভ কৰে আৰু ইয়াৰ ফলত ছবিখনে দেশৰ ২৪৯ টা দৰ্শনী (Show) লাভ কৰে ৷
ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে বিদুৰভাইৰ যাত্ৰা। ২০২৪ বৰ্ষটোত সকলোৰে মুখে মুখে মাথোঁ বিদুৰভাই ছবিখনৰ কথা। এই ছবিখনে মাত্ৰ ১০ দিনৰ ভিতৰতেই ৫ কোটিতকৈয়ো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। মুক্তি দিয়াৰ পাছতেই সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰখনে সফলতাৰ শীৰ্ষত উপনীত হৈছিল। ১২ দিনত ছবিখনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল প্ৰায় ৫.১০ কোটি টকা । ইফালে ছবিখনৰ মুক্তিৰ প্ৰথম তিনিদিনৰ মুঠ কালেকচন কৰিছিল ১.২৪ কোটি টকা । ছবিখনে মুক্তিৰ প্ৰথম ৬ দিনৰ ভিতৰতে মুঠ ২ কোটি ৩০লাখ টকা সংগ্ৰহ কৰি অসমীয়া চিনেমাত এক উল্লেখযোগ্য স্থান গঢ়ি তুলিছিল। মুক্তিৰ প্ৰথম দিনাৰ সংগ্ৰহৰ পৰাই প্ৰতিটো দৰ্শনীত হাউচফুল হিচাপে দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছিল । লগতে বহু ঠাইত দুই-তিনিদিনৰ বাবে দৰ্শকে অপেক্ষা কৰিবলগীয়া হৈছে টিকট বুকিঙৰ বাবে ।
ছবিখনত চুমকি কছাৰী, ত্ৰৈলোক্য বৰুৱা, বলিন বৰা, উদ্দীপনা বৰা, হীৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, পংকজ মহন্তকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনত ২০২১ চনত মুক্তিলাভ কৰা একেনামৰ ৱেব ছিৰিজৰেই পৰিৱৰ্ধিত এক নতুন কাহিনীৰ চিনেমেটিক উপস্থাপন বুলি বিবেচনা কৰিব পাৰি ৷ ছবিখনে মুক্তিৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৫ কোটিতকৈ অধিক ব্যৱসায় কৰে ৷ এই ছবিখনৰ কলা-নিৰ্দেশনা মণ্টু গোঁহাইৰ, সাজ-সজ্জা জুৰি কলিতাৰ, ৰূপসজ্জা ৰূপজ্যোতি দত্ত আৰু বিজিয়েতা পাটগিৰিৰ আনহাতে ভিজুৱেল এফেক্টছ মুকথাং মাছাহাৰীৰ।
কি আছিল ‘বিদুৰভাই’ৰ কাহিনী?
‘বিদুৰভাই’ৰ চলচ্চিত্ৰৰ কাহিনীয়ে ২০২১ চনত মুক্তিলাভ কৰা একে নামৰ ৱেব ছিৰিজৰ পৰৱৰ্তী পৰ্যায়ৰ কাহিনীটোকে অনুসৰণ কৰে৷ সাঁচি গছ বিক্ৰী কৰি সহজলভ্য ধন ঘটা চাৰিজন বন্ধু ক্ৰমে দীপ, বলিন, নিতু আৰু উজ্জ্বলৰ পৰৱৰ্তী সময়ৰ জীৱনক কাহিনীটোত দেখুওৱা হৈছে৷ সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণ-এই দুটা উদ্দেশ্য লৈয়েই চাৰিওজন বন্ধুৱে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা এটা প্ৰস্তুত কৰে৷ এই পৰিকল্পনাৰ ফলস্বৰূপে তেওঁলোকে স্থানীয় বিধায়কৰ কাষ চাপে৷ কাহিনীয়ে এক নতুন মোৰ লয় আৰু তেওঁলোকৰ পৰিকল্পনাও সলাবলগীয়া হয়৷ কাহিনীটোৱে চৰকাৰী স্বাস্থ্য-খণ্ডকে সাঙুৰি একাধিক খণ্ডৰ দুৰ্বল দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰে৷
ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে প্ৰণয় দত্ত ৷ গীতসমূহ গাইছে আচুৰ্য বৰপাত্ৰ আৰু দীক্ষুৱে ৷ চলচ্চিত্ৰখনৰ কিছু সংলাপৰ বিৰুদ্ধে ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড, অসমৰ সহযোগী উপাধ্যক্ষই আপত্তি দৰ্শায়। কিন্তু পিছত সকলো ঠিক হয় আৰু ছবিখনে ২০২৪ বৰ্ষত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হয়।