শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিজৰ কণ্ঠৰে বহুতৰে বুকুত সাঁচ বহুওৱা লাকী আলীয়ে কিয় গীত গাবলৈ এৰিলে বলীউডত?

ভাৰতৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে কিহৰ বাবে বলীউডলৈ পিঠি দিলে? কিছুদিনৰ আগতে লাকী আলীয়ে বলীউডৰ গানত কণ্ঠদান কৰিবলৈ বাদ দিয়াৰ প্ৰকৃত কাৰণটোৰ ওপৰত এক মন্তব্য কৰিছিল ।"এই ঠাই অসন্মানেৰে ভৰি পৰিছে, আজিকালি যিবোৰ চিনেমা নিৰ্মাণ কৰা হৈছে, সেইবোৰৰ প্ৰেৰণাৰ অভাৱ আৰু মই ভাবো এনে চিনেমাৰ পৰা শিকিবলগীয়া একো নাই । এই প্ৰজন্মৰ চিনেমাই সমাজত বেয়া প্ৰভাৱ পেলাইছে,”-তেওঁ কৈছিল ।

নিজৰ কণ্ঠৰে বহুতৰে বুকুত সাঁচ বহুওৱা লাকী আলীয়ে কিয় গীত গাবলৈ এৰিলে বলীউডত?
লাকী আলীImage Credit source: Instagram
raj-saikia
Raj Saikia | Published: 18 Mar 2025 16:29 PM

২০০০ চনত “কহো না প্যাৰ হ্যে”ৰ যেতিয়া ছবিগৃহত প্ৰিমিয়াৰ হৈছিল, তেতিয়া কেৱল হৃতিক ৰোশনেই প্ৰত্যক্ষভাৱে ব্যাপক সফলতাৰ সোৱাদ লোৱা নাছিল । তেওঁৰ সৈতে যোগদান কৰিছিল তেওঁৰ হিট ট্ৰেক “না টুম জানো না হম”, “এক পাল কা জীনা” আৰু অধিক গীতৰ নেপথ্যৰ কণ্ঠশিল্পী লাকী আলীয়ে । ৬৬ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে বলীউডক বহু জনপ্ৰিয় গীত উপহাৰ দিয়াৰ লগতে ভাৰতীয় সংগীতক জনপ্ৰিয় কৰি তোলাত গতিশীল ভূমিকা পালন কৰিছিল ।

অৱশ্যে বহু কেইটা হিট গানত কণ্ঠদান কৰাৰ পিছতো লাকী আলীয়ে ২০১৬ চনৰ ইমটিয়াজ আলীৰ হিট ছবি ‘তামাছা’ত হৃদয়স্পৰ্শী ‘ছফৰনামা’ ত কণ্ঠ নিগৰোৱাৰ পূৰ্বে ৯ বছৰৰ বিৰতি লৈছিল । অনুৰাগীসকলে তেওঁৰ উভতি অহাৰ বাবে হাহাকাৰ কৰিছিল । অৱশেষত তেওঁ প্ৰত্যাৱৰ্তন কৰে । ২০২৪ চনত লাকীয়ে “দ্য লোকেল ট্ৰেইন”ৰ সৈতে মিলি “দো ঔৰ দো প্যাৰ” ছবিৰ “তু হ্যে কাহা” গীতটিৰ বাবে কাম কৰে ।

কিয় লাকী আলীয়ে বলীউডত গান গোৱা বন্ধ কৰিছিল?

ভাৰতৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে কিহৰ বাবে বলীউডলৈ পিঠি দিলে? কিছুদিনৰ আগতে লাকী আলীয়ে বলীউডত গানত কণ্ঠদান কৰিবলৈ বাদ দিয়াৰ প্ৰকৃত কাৰণটোৰ ওপৰত এক মন্তব্য কৰিছিল । “Is jagah mein badtameezi bahut hai (এই ঠাইত অসন্মান বহুত), আজিকালি যিবোৰ চিনেমা নিৰ্মাণ কৰা হৈছে, সেইবোৰৰ প্ৰেৰণাৰ অভাৱ আৰু মই ভাবো এনে চিনেমাৰ পৰা শিকিবলগীয়া একো নাই । এই প্ৰজন্মৰ চিনেমাই সমাজত বেয়া প্ৰভাৱ পেলাইছে,” । লাকী আলীয়ে কয় । তেওঁ আৰু কয়, “চিনেমাত যি প্ৰদৰ্শিত হৈছে তাৰ পৰা অনুপ্ৰাণিত হোৱাৰ লগে লগে মানুহ হিংসাত্মক হৈ পৰিছে ।”

লাকী আলী কোন?

সংগীত প্ৰয়ি প্ৰায় সংখ্যক মানুহেই লাকী আলীৰ গান শুনে বা তেওঁ চিনি পায় । কিন্তু যিসকলে লাকী আলীক নাজানে, তেওঁলোকক জনাওঁ যে লাকী আলী অভিনেতা মেহমুদৰ পুত্ৰ । দশক দশকজুৰি চলি থকা কেৰিয়াৰৰ সৈতে তেওঁ মিলেনিয়ামসকলে শুনি ডাঙৰ হোৱা গীতসমূহ আগবঢ়াইছে । তেওঁৰ কিছুমান জনপ্ৰিয় গীত হ’ল – ‘য়ুৱা’ ৰ ‘খোদা হাফিজ’, ‘বচনা এ হাছিনো’ৰ ‘আহিষ্টা আহিষ্টা’, ‘পাঠশালা’ৰ ‘বেকাৰাৰ’ আৰু ‘অঞ্জানা অঞ্জানীৰ ‘হাইৰাট’ । অনুৰাগীসকলক তেওঁৰ গীতৰ পৰা বঞ্চিত হৈছে যদিও লাকী এতিয়া এজন জৈৱিক কৃষক আৰু বেংগালুৰুত এখন ফাৰ্ম আৰম্ভ কৰিছে ।