ছেইফ আলী খানক ছুৰীকাঘাতৰ সময়ত পাৰ্টীৰ ব্যস্ত পত্নী কৰিণা! জানক সবিশেষ

বলীউড অভিনেতা ছৈইফ আলী খানক ছুৰীকাঘাত। তেওঁৰ বান্দ্ৰাৰ বাসগৃহত প্ৰৱেশ কৰা চোৰক বাধা দিবলৈ চেষ্টা কৰাৰ সময়ত অভিনেতাগৰাকীক ছুৰীকাঘাত কৰে। বৰ্তমান তেওঁ লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু স্বামী ছেইফ আলী খানক আক্ৰমণ কৰাৰ সময়ত ক'ত আছিল পত্নী?

ছেইফ আলী খানক ছুৰীকাঘাতৰ সময়ত পাৰ্টীৰ ব্যস্ত পত্নী কৰিণা! জানক সবিশেষ

ছেইফ আলী খানক ছুৰীকাঘাতৰ সময়ত পাৰ্টিৰ ব্যস্ত পত্নী কৰিণা!

Updated On: 

16 Jan 2025 14:34 PM

Saif Ali Khanক চোৰৰ আক্ৰমণ। বৰ্তমান চিকিৎসাৰ বাবে তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত অভিনেতাজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ শৰীৰত মুঠ ছটা স্থানত আঘাত কৰা হৈছে। তাৰ ভিতৰত দুটা স্থানৰ আঘাত গভীৰ। অভিনেতাজনক আক্ৰমণ কৰাৰ সময়ত তেওঁ নিজৰ বান্দ্ৰাৰ বাসগৃহত আছিল। য’ত তেওঁ পত্নী কৰিণা কাপুৰ খান আৰু দুটা সন্তান টাইমুৰ আৰু জেহৰ সৈতে থাকে। কিন্তু স্বামীক আক্ৰমণৰ সময়ত কৰিণা কাপুৰ খান পাৰ্টীত ব্য়স্ত আছিল নেকি?

আচলতে কৰিণা কাপুৰ খানে ৮ ঘন্টা পূৰ্বে এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰিছিল। ইয়াত কিছুমান পানীয় টেবুলত ৰখা দেখা গৈছে। যিটো শ্বেয়াৰ কৰিছিল কৰিশ্মা কাপুৰে, তাৰ পিছত কৰিণা কাপুৰেও একেখন ফটো পুনৰ শ্বেয়াৰ কৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে যিসকলৰ সৈতে পাৰ্টী কৰিছিল তেওঁলোকৰ ভিতৰত আছিল সোণম কাপুৰ, ৰিয়া কাপুৰ আৰু ভগ্নী কৰিশ্মা কাপুৰ।

কৰিণাৰ পাৰ্টী

স্বামীক আক্ৰমণ কৰাৰ সময়ত ক’ত আছিল কৰিণা?

জানিব পৰা মতে, ছেইফ আলী খানক আক্ৰমণ কৰাৰ সময়ত দুয়োটা শিশু ঘৰত উপস্থিত আছিল। কিন্তু ৮ ঘণ্টাৰ আগতে কৰিণা কাপুৰে পুনৰ ইনষ্টা ষ্টোৰী শ্বেয়াৰ কৰিছিল। ছেইফক আক্ৰমণ কৰাৰ সময়ত পত্নী কৰিণা কাপুৰ খানে গাৰ্লছ নাইট উপভোগ কৰি আছিল। কৰিণা ভনীয়েকসকলৰ সৈতে তেওঁলোকৰ ঘৰত আছিল। যদিও এই কথা নিশ্চিত কৰা নাই অভিনেত্ৰীগৰাকীয়ে। কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তেওঁক ঘৰলৈ উভতি অহা দেখা পোৱা নাই।

ঘৰত আছিল সন্তান দুটা

ছেইফ আলী খানক আক্ৰমণ কৰাৰ সময়ত তেওঁৰ দুই পুত্ৰ ঘৰত উপস্থিত আছিল। আচলতে ছেইফ আলী খানৰ চাৰিটা সন্তান আছে। কিন্তু ইব্ৰাহিম আলী খান আৰু চাৰা আলী খান আন এটা ঘৰত থাকে। তেওঁৰ ৮ বছৰীয়া পুত্ৰ টাইমুৰ আৰু জেহ তেওঁৰ লগত আছিল। সৰু পুত্ৰৰ বয়স ৩ বছৰ। এই আক্ৰমণ সন্দৰ্ভত এতিয়াও পৰিয়ালৰ কোনো সদস্যই কোনো তথ্য দিয়া নাই।

বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...