শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেনে আছে ছেইফ আলী খান! চিকিৎসকে জানিবলৈ দিলে স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা….

বৃহস্পতিবাৰে পুৱতি নিশা এক ভয়ংকৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ পিছত এতিয়া চিকিৎসাধীন অৱস্থাত আছে বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান। চিকিৎসাধীন ছেইফ আলী খানৰ বৰ্তমানৰ স্বাস্থ্যৰ আপডেট সন্দৰ্ভত বিবৃতি প্ৰকাশ পাইছে। বিবৃতি অনুসৰি অভিনেতাজনক এতিয়া আই চি ইউৰ পৰা উলিয়াই অনা হৈছে।

কেনে আছে ছেইফ আলী খান! চিকিৎসকে জানিবলৈ দিলে স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা….
কেনে আছে ছেইফ আলী খান!
monjit-dutta
Monjit Dutta | Published: 17 Jan 2025 14:50 PM

বৃহস্পতিবাৰে পুৱতি নিশা এক ভয়ংকৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ পিছত এতিয়া চিকিৎসাধীন অৱস্থাত আছে বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান। এক অচিনাক্ত দুৰ্বৃত্তই ছুৰিকাঘাত কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী। এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে এগৰাকী ব্যক্তিক জিম্মাত লৈছে। ইফালে চিকিৎসাধীন ছেইফ আলী খানৰ বৰ্তমানৰ স্বাস্থ্যৰ আপডেট সন্দৰ্ভত বিবৃতি প্ৰকাশ পাইছে। বিবৃতি অনুসৰি অভিনেতাজনক এতিয়া আই চি ইউৰ পৰা উলিয়াই অনা হৈছে।

কালি আক্ৰমণৰ পিছতে ছেইফ আলী খানক পুত্ৰ ইব্ৰাহিম আলী খানে তেওঁক লীলাৱতী হাস্পতালতলৈ লৈ যায়। অস্ত্ৰোপচাৰৰ পিছতে তেওঁক আই চি ইউত থোৱা আছিল। চিকিৎসকে জানিবলৈ দিয়া মতে ছেইফ আলী খানক আই চি ইউৰ পৰা উলিওৱা হৈছে আৰু বৰ্তমান তেওঁক বিশেষ কোঠালৈ স্থানান্তৰ কৰা হৈছে। অভিনেতাগৰাকীয়ে সম্প্ৰতি ভালদৰে খোজ কাঢ়িছে আৰু তেওঁৰ কোনো বিষ অনুভৱ হোৱা নাই বুলিও চিকিৎসকে সদৰী কৰিছে।

অৱশ্যে অভিনেতাগৰাকীক এসপ্তাহৰ বাবে বেড ৰেষ্ট ল’বলৈ কোৱা হৈছে। এই সময়ছোৱাত তেওঁক শাৰীৰিক কোনো শ্ৰমৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ছেইফ আলী খানৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত সদৰী কৰি ডাঃ নীতিন ডাংগেই কয় যে আক্ৰমণত মাত্ৰ ২ মিলিমিটাৰ মানৰ বাবেহে ৰক্ষা পৰিছিল ছেইফৰ মেৰুদণ্ড। তেওঁৰ শৰীৰত ছয়বাৰকৈ দুৰ্বৃত্তই ছুৰিকাঘাত কৰিছিল। ডাঃ নীতিন ডাংগে তেওঁৰ চিকিৎসা কৰিছে।

পূৰ্বে প্ৰকাশিত আপডেটত ছেইফৰ এই ৬টা ঘাঁৰ ভিতৰত ২টা ঘাঁ অত্যন্ত গভীৰ বুলি উল্লেখ কৰা হৈছিল। কিন্তু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি কোৱা হৈছে। ইফালে তেওঁৰ দেহৰ পৰা ছুৰীৰ টুকুৰা এটা উলিওৱা হৈছে বুলি সদৰী কৰা হৈছে। চিকিৎসক ডাঃ নীতিন ডাংগেই জানিবলৈ দিয়া মতে ছেইফ আলী খানক এসপ্তাহৰ বাবে লৰচৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

অৱশ্যে অভিনেতাগৰাকীৰ সংক্ৰমণৰ আশংকা এতিয়াও আছে, সেয়েহে তেওঁক চিকিৎসালয়ত লগ কৰিবলৈ অহা লোকসকলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। চিকিৎসকে দিয়া স্বাস্থ্য আপডেট অনুসৰি আই চি ইউৰ পৰা স্থানান্তৰিত কৰাৰ পূৰ্বে তেওঁক খোজ কাঢ়িবলৈ দিয়া হৈছিল। আক্ৰমণৰ পিছত ছেইফৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত অনুৰাগীসকল চিন্তিত হৈ আছিল। এতিয়া চিকিৎসকৰ এই বতৰাই সকলোকে চিন্তামুক্ত কৰি তুলিছে।

Latest News