ভাৰত এৰি কিয় লণ্ডনলৈ ঢাপলি মেলিলে বিৰাট-অনুষ্কাই? প্ৰখ্যাত অভিনেত্ৰীৰ স্বামীয়ে ক’লে এইদৰে…
অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ভাৰত এৰি লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ খবৰে বহু চৰ্চা লাভ কৰিছিল। এতিয়া এই খবৰ নিশ্চিত কৰিছে এগৰাকী প্ৰখ্যাত অভিনেত্ৰীৰ স্বামীয়ে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে অনুষ্কা আৰু বিৰাট কোহলীয়ে লণ্ডনত থকাৰ সিদ্ধান্ত লোৱা কাৰণ।

ভাৰত এৰি কিয় লণ্ডনলৈ ঢাপলি মেলিলে বিৰাট-অনুষ্কাই?
বিগত বছৰত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু সুদক্ষ ক্ৰিকেটাৰ বিৰাট কোহলীক কেইবাবাৰো লণ্ডনত দেখা গৈছে। দুয়োজনেই লণ্ডনলৈ স্থানান্তৰিত হোৱাক বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এতিয়া তেওঁলোকৰ লণ্ডনলৈ স্থানান্তৰিত হোৱাটো নিশ্চিত হৈছে। প্ৰবীণ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ স্বামী ড০ শ্ৰীৰাম নেনেই প্ৰকাশ কৰিছে যে বলীউড আৰু ক্ৰিকেটৰ এই ছুপাৰষ্টাৰ দম্পতীয়ে ভাৰত এৰি লণ্ডনত বসতি স্থাপন কৰিছে। ইয়াৰ সমান্তৰালকৈ দম্পতীয়ে ভাৰত এৰি যোৱাৰ কাৰণো দাঙি ধৰিছে তেওঁ।
কিয় ভাৰত এৰি লণ্ডনলৈ স্থানান্তৰিত হ’ল বিৰাট-অনুষ্কা?
অনুষ্কা আৰু বিৰাটৰ ভাৰত এৰি লণ্ডনত থকা সন্দৰ্ভত শ্ৰীৰাম নেনেই ডাঙৰ কাৰণ প্ৰকাশ কৰিছে। শ্ৰীৰাম নেনেই এক সাক্ষাৎকাৰত কয়, “তেওঁলোকৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আছে। মই তেওঁলোকক বহুবাৰ লগ পাইছো। তেওঁলোক অতিকৈ ভাল মানুহ। মই আপোনাক এটা কথা ক’ম আৰু সেইটোৱেই আপুনি শিকিবলৈ পাব।এদিন অনুষ্কাৰ সৈতে মই কথা-বতৰা পাতিছিলো আৰু সেয়া অতি আকৰ্ষণীয় আছিল। দুয়োজনে লণ্ডনলৈ যোৱাৰ কথা ভাবিছিল কাৰণ তেওঁলোকে ভাৰতত তেওঁলোকৰ সফলতা উপভোগ কৰিব পৰা নাছিল। মই তেওঁলোকৰ অস্বস্তিৰ শলাগ লওঁ কাৰণ তেওঁলোকে যিয়েই নকৰক কিয় মনোযোগ আকৰ্ষণ কৰে। আমি প্ৰায় বিচ্ছিন্ন হৈ পৰো।”
অনুষ্কা আৰু বিৰাটেও দুয়োটা সন্তানক উন্নত লালন-পালন আৰু স্বাভাৱিক জীৱন দিবলৈ এই সিদ্ধান্ত লৈছে। মাধুৰীৰ স্বামী তথা কাৰ্ডিয়াক চাৰ্জন ডাঃ শ্ৰীৰাম নেনে আৰু কয়, “মই সকলোৰে লগত মিলি যাও। মই যথেষ্ট বিন্দাছ, কিন্তু সেয়া প্ৰত্যাহ্বানমূলক হৈ পৰে। সদায় এটা চেলফিৰ মুহূৰ্ত থাকে। ই বেয়াকৈ নহয়, কিন্তু এনেকুৱা এটা সময় আহে যেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ বা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থাকো আৰু কোনোবাই ওচৰলৈ ছেলফি ল’বলৈ আহে, তেতিয়া আপুনি ভদ্ৰ হ’ব লাগিব। মোৰ পত্নীৰ বাবে ই এটা ইছ্যু হৈ পৰে, কিন্তু। অনুষ্কা আৰু বিৰাট ভাল মানুহ আৰু তেওঁলোকে নিজৰ সন্তানক স্বাভাৱিকভাৱে ডাঙৰ-দীঘল কৰিব বিচাৰে।”
উল্লেখ্য যে, অনুষ্কা আৰু বিৰাটে ২০১৩ চনৰ পৰাই ডেটিং আৰম্ভ কৰিছিল।প্ৰায় চাৰি বছৰ ডেটিং কৰাৰ পিছত ২০১৭ চনত ইটালীত অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয়।২০২১ চনত কন্যা ভামিকা আৰু ২০২৪ চনত পুত্ৰ অকয় কোহলীক তেওঁলোকৰ জীৱনলৈ আদৰণি জনায়। বিৰাট-অনুষ্কাৰ পুত্ৰৰ জন্ম হৈছিল লণ্ডনত।