মন্দাকিনী, তিতা শাৰী আৰু এক বিতৰ্কিত দৃশ্য! ৰাজ কাপুৰৰ ওচৰলৈ আহিছিল আৰু পাছত…
মন্দাকিনী! নামটো হয়তো বিভিন্নজনে শুনিছে। এটা সময়ত এই নামটোৱে ছবি জগতত যথেষ্ঠ খলকনিৰ সৃষ্টি কৰিছিল। সৰ্বত্ৰে চৰ্চাত আছিল এটা বিশেষ দৃশ্য।

বলিউডৰ এসময়ৰ জনপ্ৰিয় ছবি পৰিচালক ৰাজ কাপুৰে পুত্ৰ ৰাজীৱ কাপুৰৰ বাবে এটা প্ৰেম কাহিনী লিখিছিল। কিন্তু সেই প্ৰেম কাহিনীৰ বাবে ৰাজ কাপুৰে বিচাৰছিলি এগৰাকী নতুন অভিনেত্ৰীক। প্ৰথম অৱস্থাত ভাবিছিল যে, এই ছবিখনৰ বাবে খুচবু ভাল হ’ব, কিন্তু সেই সময়ত খুচবু সৰু থকা বাবে এই সিদ্ধান্ত বাতিল কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ কাপুৰে ডিম্পল কাপাদিয়াৰ কথা ভাবিছিল। কিন্তু অডিশ্যনৰ সময় ডিম্পল কাপাদিয়াই গংগাৰ চৰিত্ৰত সম্পূৰ্ণৰূপে খাপ খাব পৰা নাছিল। তেতিয়াই ৰাজ কাপুৰে মীৰুটৰ জেছমিন জোচেফৰ কথা জানিব পাৰিছিল। এই গৰাকী জেছমিনকে পাছলৈ সকলো মন্দাকিনী নামেৰে জানিছিল।
প্ৰথম দেখাতে ৰাজ কাপুৰে মন্দাকিনিক পচন্দ কৰিছিল আৰু লগে লগে ছবিৰ শ্বুটিঁং আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ কাপুৰৰ নিৰ্দেশনাত ১৯৮৫ চনৰ ২৫ জুলাইত মুক্তি লাভ কৰিছিল ৰাম তেৰী গংগা ময়েলী নামৰ ছবিখন। এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। এই ছবিখনৰ ফলত কাপুৰ পৰিয়ালৰ হাতলৈ যথেষ্ঠ টকা আহিছিল যদিও সৃষ্টি হৈছিল এটাৰ পাছত আনটো বিতৰ্কক। বহু লোকে ৰাজ কাপুৰক নিষিদ্ধ কৰাৰ দাবী তুলিছিল।
এই ছবিখনত ৰাম আৰু গংগাৰ নাম ব্যৱহাৰ কৰি বিপদত পৰিছিল ৰাজ কাপুৰ। কিন্তু ছবিখনৰ এটা দৃশ্য সবাতোকৈ বেছি সমালোচনাৰ সন্মুখীন হৈছিল। এই দৃশ্যটো আছিল এটা গীতৰ, য’ত মন্দাকিনীক জলপ্ৰপাতৰ কাষেৰে বগা শাৰী পিন্ধি থকা দেখা গৈছে। মন্দাকিনীৰ শাৰীখন তিতা আছিল। এই সময়চোৱাত মন্দাকিনীৰ শাৰীখন অত্যন্ত পাতল আছিল, যাৰ বাবে শৰীৰৰ সকলো অংগ স্পষ্ট হৈ পৰিছিল। এই দৃশ্যটো দেখিয়ে হিন্দী চলচ্চিত্ৰ জগতত যথেষ্ঠ বিতৰ্কৰ সৃষ্টি কৰিছিল।

ছবিখন
এই দৃশ্যটোৰ শ্বুটিং কৰা মন্দাকিনিৰ বাবে সহজ নাছিল। তেতিয়া তেওঁ মাত্ৰ বলিউডত প্ৰৱেশহে কৰিছিল। মন্দাকিনীয়ে কৈছিল যে, তিতা শাৰীখন পিন্ধি কেমেৰাৰ সন্মুখত ওলাব তেওঁ ভয় খাইছিল। তাৰোপৰি সেই পানীখিনি আছিল যথেষ্ঠ ঠাণ্ডা।
একাংশৰ মতে, মন্দাকিনীৰ হাজাৰ চেষ্টাৰ পাছতো পৰিচালক ৰাজ কাপুৰে এই দৃশ্যটো ভাল পোৱা নাছিল। সেয়ে শ্বুটিঙৰ পাছত প্ৰতিবাৰেই মন্দাকিনীয়ে তিতা শাৰীৰ সৈতে ৰাজ কাপুৰৰ সন্মুখলৈ আহিছিল আৰু শ্বুটিং কৰিবলৈ আৰম্ভ কৰিছিল। জানিব পৰা মতে, ৰাজ কাপুৰে এই দৃশ্যটো মুঠ ৮ বাৰ শ্বুট কৰিছিল আৰু মন্দাকিনীয়ে বাৰে বাৰে ঠাণ্ডা পানীত এই দৃশ্য়ত অভিনয় কৰিবলগীয়া হৈছিল। সমালোচনাৰ সন্মুখীন হ’লেও সেই সময়ত ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।