5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২০২৪ চনৰ সৰ্বাধিক দামী অভিনেতা কোন? কি ছবিৰ নামত কোনে ল’লে কিমান…

Most paid actor 2024: ২০২৪ বৰ্ষত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰিছে। শেহতীয়াকৈ পুষ্পা-২ নামৰ ছবিখনে দৰ্শকৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আপুনি জানেনে, কোনজন অভিনেতাই ছবিৰ নামৰ সৰ্বাধিক টকা লয়? সৰ্বাধিক মাচুল লোৱা অভিনেতাৰ তালিকাত নাম আছে আল্লু অৰ্জুন, শ্বাহৰুখ খান আদিৰ।

২০২৪ চনৰ সৰ্বাধিক দামী অভিনেতা কোন? কি ছবিৰ নামত কোনে ল’লে কিমান…
সৰ্বাধিক মাচুল লোৱা অভিনেতা ২০২৪
barasha-sarma
Barasha Sarma | Published: 11 Dec 2024 12:32 PM

এই সময় নতুনক আদৰাৰ! ২০২৫ বৰ্ষলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। এই সময়চোৱাত বিভিন্নজনে নতুনৰ প্ৰস্তুতি কৰাৰ লগতে ২০২৪ বৰ্ষটিলৈও ঘূৰি চাইছে। বলিউড বা ছবি জগতৰ কথা ক’বলৈ হ’লে চলিত বৰ্ষত কেইবাখনো ছবি মুক্তি লাভ কৰে। বৰ্তমান সময়ত পুষ্পা-২ নামৰ ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আল্লু অৰ্জুন, ৰশ্মিকা আদিৰ অভিনীত এই ছবিখন পুষ্পাৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটিৰ দৰে দ্বিতীয় খণ্ডটিও দৰ্শকে আদৰি লৈছে। অৱশ্যে কেৱল পুষ্পা-২ য়ে নহয়, চলিত বৰ্ষত কেইবাখনো ছবিয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

কিন্তু প্ৰায়েই মানুহৰ মনত প্ৰশ্ন হয় যে কোনখন ছবিৰ বাবে কোনজন অভিনেতাই কিমান টকা ল;লে?  বা সবাতোকৈ দামী হিৰ বা অভিনেতা কোন।  ভাৰতীয় ছবি জগতৰ অভিনেতাসকলে এখন ছবিৰ নামত বিপুল সংখ্যক ধন আদায় কৰে। এই তালিকাত নাম আছে আল্লু অৰ্জুন, ৰজনীকান্ত,শ্বাহৰুখ খান আদিকে ধৰি বিভিন্নজনৰ। শেহতীয়াকৈ ফৰ্বছে ভাৰতৰ সৰ্বাধিক মাচুল সংগ্ৰহ কৰা শীৰ্ষ ১০ জন অভিনেতা নাম,   চিনেমা বা তেওঁলোকৰ ছবিৰ লগত জড়িত আন তথ্য, মুক্তি লাভ কৰা, মুক্তি লাভ কৰিবলগীয়া আদি তথ্য বহু প্ৰকাশ কৰিছে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-

১) আল্লু অৰ্জুন- আনুমানিক ৩০০ কোটি (পুষ্পা ২ দ্যা ৰুল, ২০২৪ )

২) জোচেফ বিজয়- আনুমানিক ১৩০- ২৭৫ কোটি (থালাপতি ৬৯ (আহিবলগীয়া)

৩)শ্বাহৰুখ খান- ১৫০- ২৫০ কোটি (ডাংকি, ২০২৩ )

৪) ৰজনীকান্ত- ১২৫-২৭০ কোটি (ভেটায়েন,জেইলাৰ, ২০২৩)

৫)আমিৰ খান- ১০০- ২৭৫ কোটি (লাল সিং চড্ডা, 2022)

৬)প্ৰভাস- ১০০- ২০০ কোটি ( কল্কি ২৯৮৯ এডি, ২০২৪)

৭)অজিত কুমাৰ – ১০৫-১৬৫ কোটি (থুনিভু, ২০২৩)

৮)ছলমান খান – ১০০- ১৫০ কোটি (টাইগাৰ ৩, ২০২৩)

৯) কমল হাছান- ১০০- ১৫০ কোটি (ইণ্ডিয়ান ২, ২০২৪)

১০) অক্ষয় কুমাৰ- ৬০- ১৪৫ কোটি (খেল খেল মে, ২০২৪ )

উল্লেখ কৰা প্ৰয়োজন যে, ওপৰত উল্লেখ কৰা তথ্য সমূহত এখন ছবিৰ বাবদ এজন অভিনেতাই লোৱা মাচুলৰ বিষয়ে কোৱা হৈছে। কিন্তু সম্পত্তিৰ ফালৰ পৰা চাবলৈ গ’লে ভাৰতৰ সবাতোকৈ ধনী অভিনেতা হিচাপে নাম আছে শ্বাহৰুখ খানৰ। বাদছাহ শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭,৩০০ কোটি । ইয়াৰোপৰি ছলমান খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৯০০ কোটি আৰু অক্ষয় কুমাৰৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৫০০ কোটি।

 

অন্য খবৰ পঢ়কঃ ১০ মিনিটৰ বাবে ২০ কোটি! ২০২৪ বৰ্ষৰ সবাতোকৈ দামী খলনায়কজন কোন জানেনে?

Latest News