5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনগালৰ শেষ নিশ্বাস ত্যাগ

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্যম বেনগালৰ মৃত্যু। ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা বেনগালে মাত্ৰ ৯ দিন পূৰ্বে জন্মদিন পালন কৰিছিল। তেওঁ বাংলাৰ লগতে হিন্দী ভাষাতো ছবি নিৰ্মাত কৰিছিল। চলচ্চিত্ৰ জগতৰ প্ৰতি থকা অৱদানৰ বাবে এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই পদ্মশ্ৰী আৰু পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছিল।

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনগালৰ শেষ নিশ্বাস ত্যাগ
শ্যাম বেনগালImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 Dec 2024 09:25 AM

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালে ২৩ ডিচেম্বৰৰ নিশা ইহলীলা সম্বৰণ কৰে। ৯০ সংখ্যক জন্মদিন পালন কৰাৰ প্ৰায় ৯ দিন পাছতেই কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে এই সংসাৰৰ পৰা চিৰ বিদায় লয়। জানিব পৰা মতে দীৰ্ঘদিন ধৰি বৃক্কজনিত সমস্যাত ভুগি আছিল শ্যাম বেনগাল। ৫০ বছৰীয়া কেৰিয়াৰত তেওঁ বহু ছবি নিৰ্মাণ কৰিছে। ২০২৩ চনত মুক্তি লাভ কৰা ‘মুজিব: দ্য মেকিং অৱ এ নেচন’ আছিল তেওঁ কেৰিয়াৰৰ শেষৰখন ছবি। বাংলাদেশৰ মুক্তি যোদ্ধা সম্পৰ্কে আছিল এই ছবিখন। বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ জীৱনৰ ওপৰত এই ছবিখন নিৰ্মাণ হৈছিল।

মুম্বাইৰ ভোকৰ্টত শ্যাম বেনেগালৰ মৃত্যু হয়। তেওঁৰ বাসগৃহ টাৰ্ডেঅ’ৰ আলটামাউণ্ট ৰোডত আৰু আজি তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব। শ্যাম বেনগালে জন্ম গ্ৰহণ কৰিছিল ১৯৩৪ চনত ছিকেণ্ডৰাবাদত। প্ৰথমে কপিৰাইটাৰ হিচাপে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰা শ্যাম বেনগালে পৰৱৰ্তী সময়ত কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ ফলত চিনেমা জগততো এক ডাঙৰ স্থান দখল কৰিবলৈ সক্ষম হয়। হিন্দী চিনেমালৈ তেওঁৰ অৱদান অতুলনীয়।

প্ৰথম ছবি

১৯৭৪ চনত প্ৰথমবাৰৰ বাবে ছবি নিৰ্দেশক হিচাপে কাম কৰিছিল তেওঁ । ‘অংকুৰ’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰৰ নিৰ্দেশনাৰ জগতখনত খোজ পেলাইছিল। ১৯৮৬ চনত তেওঁ টিভি জগততো প্ৰৱেশ কৰে। ‘যাত্ৰা’ নামৰ এখন ধাৰাবাহিক তেওঁ নিৰ্দেশনা কৰিছিল। ছবিৰ লগতে তেওঁ ৯০০ ৰো অধিক তথ্যচিত্ৰ আৰু বিজ্ঞাপন ছবি পৰিচালনা কৰিছিল। ছবিজগতৰ প্ৰতি থকা অতুলনীয় অৱদানৰ বাবে তেওঁক ১৯৭৬ চনত পদ্মশ্ৰী আৰু ১৯৯১ চনত পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। ২০০৫ চনত দাদাছাহেব ফাল্কে বঁটা লাভ কৰিছিল শ্যাম বেনগালে।

এই গৰাকী ছবি নিৰ্দেশকে অংকুৰৰ উপৰিও নিশান্ত, মন্থন, জুনুন, কলিযুগ, মণ্ডী, ত্ৰিকাল, চাৰ্দাৰী বেগম, নেতাজী সুভাষ চন্দ্ৰ বসু, ৱেলকাম আব্বা আদিকে ধৰি কেইবাখনো ছবিত কাম কৰিছিল।

শেষৰখন ছবি

শ্যাম বেনগালৰ শেষৰখন ছবি আছিল ‘মুজিব: দ্য মেকিং অৱ এ নেচন’।  এই ছবিখনৰ সমগ্ৰ শ্বুটিং হৈছিল বাংলাদেশত। বাংলাৰ লগতে হিন্দী ভাষাতো ছবিখন মুক্তি লাভ কৰিছিল। ছবিখনৰ কাম কৰি থকা অৱস্থাত নিৰ্দেশকগৰাকীয়ে কৈছিল যে, শ্বেখ মুজিবুৰ ৰহমানৰ কাহিনী পৰ্দাত উপস্থাপন কৰা সহজ কাম নহয়। ভাৰতৰ ভাল বন্ধু মুজিবক তেওঁৰ স্পষ্টবাদী শৈলীৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল বুলি শ্যাম বেনগালে কৈছিল। তেওঁ কৈছিল যে, নতুন দেশ সৃষ্টি কৰা জনকে মানুহে হত্যা কৰিছিল। এই কাহিনীয়ে তেওঁক আকৰ্ষিত কৰিছিল, বাবে এই ছবি নিৰ্মাণ কৰিছিল।

Latest News