মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট! ক’ত, কেনেকৈ লাভ কৰিব এই সুবিধা, জানক…

আপুনিও চিনেমা চাই ভাল পাই নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো এতিয়া আপুনি মাত্ৰ ৯৯ টকাতে উপভোগ কৰিব পাৰিব চিনেমা। দৰ্শকৰ বাবে আহিছে এক বিশেষ অফাৰ।

মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট! কত, কেনেকৈ লাভ কৰিব এই সুবিধা, জানক...

মাত্ৰ ৯৯ টকাত চিনেমাৰ টিকট

Published: 

08 Apr 2025 11:17 AM

আপুনিও চিনেমা চাই ভাল পাই নেকি? তেন্তে আছে এক ভাল খবৰ। কিয়নো চিনেমা হলত বহি ছবি উপভোগ কৰাৰ বাবে এতিয়া প্ৰয়োজন নহয়  ৪০০-৫০০ টকা। মাত্ৰ ৯৯ টকাতে লাভ কৰিব টিকট। চিনেমা প্ৰেমীসকলৰ বাবে আহিছে এক বিশেষ অফাৰ। ভাৰতৰ আগশাৰীৰ চিনেমা চেইন পিভিআৰ আইএনএক্স (INOX)য়ে ঘোষণা কৰিছে যে, “ব্লকবাষ্টাৰ মঙলবাৰ” (Blockbuster Tuesday)। এই “ব্লকবাষ্টাৰ মঙলবাৰ”ত সকলো চিনেমাৰ টিকট ৯৯ টকাৰ পৰা ১৪৯ টকালৈকে উপলব্ধ হ’ব।এই বিশেষ অফাৰ আজিৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে।

পিভিআৰ INOX য়ে প্ৰথম অৱস্থাত IMAX, 3D, 4DX আৰু ScreenX আদিৰ দৰে প্ৰিমিয়াম ফৰ্মেটৰ বাবে ৰেহাই দিছে। এই সকলোবোৰতে এই অফাৰ লাভ কৰিব। এই অফাৰৰ পিছত সকলো চিনেমাপ্ৰেমীয়ে প্ৰতি মঙলবাৰে সস্তীয়া দৰত ব্লকবাষ্টাৰ চিনেমা উপভোগ কৰিব পাৰিব। উল্লেখ কৰা প্ৰয়োজন যে, এই অফাৰ কেৱল এটা দুটা ছবিগহত নহয়, সমগ্ৰ দেশৰ ৩০০ৰো অধিক চিনেমা হলত উপলব্ধ।

এই অফাৰৰ বিষয়ে উল্লেখ কৰি পিভিআৰ আইএনএক্স লিমিটেডৰ মুখ্য ব্যৱসায়ী আৰু প্লেনিং এণ্ড ষ্ট্ৰেটেজী কমল গিয়ানচন্দনীয়ে কয়, ব্লকবাষ্টাৰ মঙলবাৰে এনে এক পদেক্ষপ যিয়ে সকলোৰে বাবে ছবি উপভোগ কৰা আৰামদায়ক কৰিব।

 

কেনেকৈ টিকট বুক কৰিব

আপুনি পিভিআৰ আৰু আইএনএক্সৰ অফিচিয়েল ৱেবছাইটৰ পৰা টিকট বুকিং কৰিব পাৰিব। চিনেমাৰ লগতে PVR INOX য়ে বিশেষ খাদ্য সামগ্ৰীৰ বাবে অফাৰ আগবঢ়াব পাৰে। গতিকে কোনো চিন্তা নোহোৱাকৈ আপুনি পৰিয়ালৰ সৈতে চিনেমা উপভোগ কৰিব পাৰিব।

Related Stories
Holo Loloৰ জোৱাৰ, মুক্তিৰ পিছতেই নচুৱালে ১৩ মিলিয়নতকৈ অধিক লোকক, সামাজিক মাধ্যমত অংগৰাগ পাপন মহন্তই দিলে বিশেষ পোষ্ট
‘ব্ৰাহ্মণ’ বিতৰ্কৰ অন্তত ক্ষমা খুজিলে অনুৰাগ কাশ্যপেঃ তাৰ পিছতে ক’লে এইদৰে…
Zubeen Garg: জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, গুৱাহাটীৰ পৰা পাঠশালা অভিমুখী আছিল বাহনখন
৮ বছৰ বয়সত পিতৃয়ে কৰিছিল নিজ কন্যাৰ সৈতে জঘন্য কাণ্ড, কিন্তু আজি তেওঁ ছবিৰ পৰা ৰাজনীতিলৈ এগৰাকী সফল নাৰী!
Diganta Bharati: দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ সম্পদ…সংগীত শিল্পী দিগন্ত ভাৰতীক অপদস্থ কৰাকলৈ ক্ষোভিত শিল্পী সমাজৰ লগতে দল সংগঠন
চকলেটৰ লোভত কৰিছিল নগ্ন দৃশ্য শ্বুট! নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এইগৰাকী অভিনেত্ৰী কোন হয় জানেনে…
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক