সেইদিনা নিশা কি ঘটিছিল ছেইফ আলী খানৰ ঘৰত? ঘটনাৰ সবিশেষ বিৱৰি ক’লে কৰীণা কাপুৰে…
ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছেইফৰ পত্নী কৰীণা কাপুৰে। কৰীণাই কৈছে যে আক্ৰমণকাৰীজনে ঘৰত প্ৰৱেশ কৰাৰ সময়ত বহুত ক্ষোভিত হৈ আছিল। তেওঁ ঘৰৰ পৰা একো চুৰি কৰা নাছিল।
বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা, এটাৰ পিছত এটাকৈ আৰু বহুতো নতুন তথ্যৰ উন্মোচন ঘটিছে। এই বিষয়টোক লৈ বহুধৰণৰ অনুমানো কৰা হৈছে। বৰ্মানেও বিভিন্ন প্ৰশ্নৰ অধীনত আছে আৰক্ষীৰ অনুন্ধান প্ৰক্ৰিয়া। আক্ৰমণকাৰীৰ উদ্দেশ্য সম্পৰ্কেও বহুতো চাচপেন্স অব্যাহত আছে। ইয়াৰ মাজতে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছেইফৰ পত্নী কৰীণা কাপুৰেও। বান্দ্ৰা আৰক্ষীৰ সন্মুখত সবিশেষ তথ্য উল্লেখ কৰিছে কৰীণাই।
কৰীণাই কৈছে যে আক্ৰমণকাৰীজনে ঘৰত প্ৰৱেশ কৰাৰ সময়ত বহুত ক্ষোভিত হৈ আছিল। তেওঁ ঘৰৰ পৰা একো চুৰি কৰা নাছিল। গহনাবোৰ তাতে ৰখা হৈছিল কিন্তু তেওঁ সেইবোৰ স্পৰ্শ কৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে কয়, ছেইফৰ ওপৰত হোৱা আক্ৰমণৰ পিছত মই যথেষ্ট ভয় খাইছিলো। আমি সকলোৱে আক্ৰমণকাৰীৰ পৰা পলাই দ্বাদশ মহলালৈ গৈছিলো। ঘটনাটোৰ পিছত আমি ভগ্নী কৰিশ্মাৰ ঘৰলৈ গৈছিলো।
লগতে কৰীণাই আৰক্ষীক কয় যে যি সময়ত ছৈফৰ সৈতে হাতাহাতি হৈছিল সেই সময়ত অভিযুক্তজন আক্ৰমণাত্মক হৈ আছিল। কিন্তু পৰিয়ালটোৱে কোনোবাই তেওঁৰ পৰা পলাই গৈ ঘৰৰ দ্বাদশ মহলালৈ যাবলৈ সক্ষম হৈছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সেই সময়ত ঘটনাটোক লৈ কৰীণা ইমানেই চিন্তিত হৈছিল যে ভগ্নী কৰিশ্মা কাপুৰে তেওঁৰ ঘৰলৈ লৈ গৈছিল। আৰক্ষীয়ে কোৱা মতে, কৰীণাই কৈছে যে গহনাবোৰ ঘৰত সন্মুখতে ৰখা হৈছিল। কিন্তু আক্ৰমণকাৰীজনে সেইবোৰ স্পৰ্শ কৰা নাছিল।
আৰক্ষীয়ে এই গোটেই ঘটনাটোত ছেইফ আৰু কৰীণা দুয়োৰে ভাষ্য লিপিবদ্ধ কৰিছে। লগতে এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত সময়ত যিসকল উপস্থিত থকা সকলো লোকৰো ভাষ্য সংগ্ৰহ হৈছে। যাৰ ভিত্তিত আৰক্ষীয়ে অধিক তথ্যৰ অনুসন্ধান কৰি আছে।
ইফালে ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ৰাজ্যিক গৃহমন্ত্ৰী যোগেশ কদমে কয় যে ছেইফ আলী খানৰ ওপৰত ছুৰী আক্ৰমণৰ আঁৰত কোনো আণ্ডাৰৱৰ্ল্ড দল জড়িত নহয়। তেওঁ কয় যে আক্ৰমণৰ সন্দৰ্ভত আটক কৰা (যিজনক পিছত মুকলি কৰা হয়) ব্যক্তিজন কোনো দলৰ সদস্য নাছিল। তেওঁ আকৌ কয় যে অভিনেতাজনৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত একমাত্ৰ উদ্দেশ্য আছিল চুৰি।
ইয়াৰ উপৰিও ৰাজ্যিক গৃহমন্ত্ৰী যোগেশ কদমে কয় , ছেইফ আলী খানে আৰক্ষীক জনোৱা নাছিল যে তেওঁ কোনো ভাবুকিৰ সন্মুখীন হৈছিল। যদি তেওঁ অনুভৱ কৰিহেঁতেন যে তেওঁৰ জীৱনত কিবা বিপদ আছে তেন্তে তেওঁ সুৰক্ষা বিচাৰিলেহেঁতেন।
বৰ্তমান কেনে আছে ছেইফ আলী খান?
ছেইফ আলী খানক আইচিইউৰ পৰা এটা বিশেষ কোঠালৈ স্থানান্তৰিত কৰা হৈছে। তেওঁ এতিয়া বিপদৰমুক্ত। ছেইফৰ স্বাস্থ্য দ্ৰুতগতিত উন্নত হৈ আছে। তেওঁক এসপ্তাহৰ বিশ্ৰামৰ প্ৰয়োজন। কোৱা হৈছে যে অহা ৩-৪ দিনৰ ভিতৰত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব। চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰাৰ লগতে খোজ কঢ়াত সহায় কৰিছে। ইয়াৰ উপৰিও এই সময়ত ছেইফক স্বাভাৱিক আহাৰ দিয়া হৈছে।