শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Karishma Nath: নাম প্ৰদৰ্শন কৰি থাকোঁতেই হঠাতে পিছলি পৰি গ’ল কৰিশ্মা! তাৰ পিছত…সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নাগাৰা নাম প্ৰদৰ্শনৰ মাজতেই হঠাতে ঘটিল এটা অঘটন। তাল ঘূৰাই নাগাৰা নাম প্ৰদৰ্শন কৰি থাকোঁতেই হঠাতে পিছলি পৰি গ'ল কৰিশ্মা। MANAS নামৰ এটা ফেচবুক একাউণ্টৰ পৰা আপলোড কৰা হৈছে এই বিশেষ ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে পূৰ্বৰ দৰেই তাল ঘূৰাই ঘূৰাই কৰিশ্মা নাথে প্ৰদৰ্শন কৰিছে বিভিন্ন ভংগী। কিন্তু, হঠাৎ ভৰিত পাক খাই থিতাতে বাগৰি পৰিল কৰিশ্মা।

Karishma Nath: নাম প্ৰদৰ্শন কৰি থাকোঁতেই হঠাতে পিছলি পৰি গ’ল কৰিশ্মা! তাৰ পিছত…সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
পিছলি পৰি গ'ল কৰিশ্মা!
trishna-kalita
Trishna Kalita | Updated On: 09 Feb 2025 07:37 AM

আকৌ চৰ্চাত কৰিশ্মা নাথ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কৰিশ্মা নাথৰ এটা বিশেষ ভিডিঅ’। নাগাৰা নামৰ যোগেদি ৰাইজৰ মাজলৈ আহিছিল কৰিশ্মা। সেই কৰিশ্মাক চাবলৈ প্ৰত্যেকটো অনুষ্ঠানতে দেখা যায় ৰাইজৰ ভিৰ। কৰিশ্মা নাথৰ আছে নাগাৰা নাম পৰিৱেশনৰ বিশেষ শৈলী। যাৰ বাবে কৰিশ্মাক নাগাৰা নাম চাবলৈ আজিও হিল-দল ভাঙি আহে ৰাইজ।

‘পে পে পে…’ ৰ জৰিয়তে কৰিশ্মা ছ’চিয়েল মিডিয়াত নিশাটোৰ ভিতৰতে হৈ পৰিছিল জনপ্ৰিয়। নাগাৰা নামৰ নিজস্ব শৈলীৰ সকলোকে কৰিছিল মন্ত্ৰমুগ্ধ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ সকলোকে কৰিছিল আপ্লুত। কৰিশ্মাই গোৱা নাগাৰা নাম ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ষ্টাৰত পৰিণত হৈছিল এইগৰাকী কৰিশ্মা নাথ। ছ’চিয়েল মিডিয়াই নহয়, টিভি-বাতৰি কাকততো বিশেষভাৱে স্থান লাভ কৰিলে কৰিশ্মা নাথে। সাক্ষাৎকাৰ দি তৎ নোপোৱা হৈছিল এইগৰাকী যুৱতীয়ে।

কৰিশ্মা নাথ বুলি ক’লেই সকলোৰে মুখলৈ আহে মিছিকীয়া হাঁহিৰে সকলো মাজত নাম প্ৰদৰ্শন কৰা মৰম লগা ছোৱালীজনীৰ বিষয়ে। নাগাৰা নাম প্ৰদৰ্শন কৰি অসমবাসীৰ মন জয় কৰিছে কৰিশ্মা নাথে। শদিয়াৰ পৰা ধুবুৰীলৈ আজিও কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ হাবাথুৰি খাই ৰাইজে। বেণ্ডপাৰ্টি, বিহু আৰু কি কি যে নাই কৰিশ্মা নাথৰ নাগাৰা নামত। ৰাইজৰ আকৰ্ষিক কৰিব পৰাকৈ কৰিশ্মাৰ আছে বিশেষ কৌশল। নামৰ মাজত কৰিশ্মাই দেখাই বিশেষ ভংগীমা। যিবোৰ হয়তো ৰাইজে বেলেগ নাম দলত বিচাৰি নাপায়। সেয়েহে ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় কৰিশ্মা নাথৰ নাগাৰা নাম।

এতিয়া আহো আচল কথালৈ।সকলো ঠিকে চলি আছিল, কিন্তু নাগাৰা নাম প্ৰদৰ্শনৰ মাজতেই হঠাতে ঘটিল এটা অঘটন। তাল ঘূৰাই নাগাৰা নাম প্ৰদৰ্শন কৰি থাকোঁতেই হঠাতে পিছলি পৰি গ’ল কৰিশ্মা। MANAS নামৰ এটা ফেচবুক একাউণ্টৰ পৰা আপলোড কৰা হৈছে এই বিশেষ ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে পূৰ্বৰ দৰেই তাল ঘূৰাই ঘূৰাই কৰিশ্মা নাথে প্ৰদৰ্শন কৰিছে বিভিন্ন ভংগী। কিন্তু, হঠাৎ ভৰিত পাক খাই থিতাতে বাগৰি পৰিল কৰিশ্মা। হতচকিত হৈ পৰে কৰিশ্মাৰ সংগীবৃন্দও। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। ভিন্নজনে প্ৰদান কৰিছে বিভিন্ন মন্তব্য।

কিন্তু তাৰ পাছতো এক মুহূৰ্তৰ বাবেও থমকি ৰোৱা নাই কৰিশ্মা। সমান গতিতে ঘূৰাইছে তাল, নিৰন্তৰভাৱে প্ৰদৰ্শন কৰি গ’ল নাগাৰা নাম। যাৰ বাবে বহুলভাৱে চৰ্চিত হৈছে ভিডিঅ’। এই অৱশ্যে, ভিডিঅ’টোত প্ৰদৰ্শন কৰা নাগাৰা নাম কোন স্থানৰ সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই। এই ঘটনাৰ পাছত এতিয়ালৈ কোনো তথ্য তেওঁৰ ফালৰ পৰা সদৰী কৰা নাই কৰিশ্মাই। সেয়া যি কি নহওক, ভাইৰেল কৰিশ্মা আজিও যে ভাইৰেল হৈ আছে তাৰেই প্ৰমাণ এয়া…