5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা, কোনে লাভ কৰিলে কি বঁটা?

ঘোষণা কৰা হৈছে ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল। মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ নাট্যদল বঁটা আগবঢ়োৱা হৈছে ৰাজমুকুট থিয়েটাৰলৈ। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ভৱেন বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট বঁটা ৰাজমুকুট থিয়েটাৰৰ ‘বকুল বনৰ পক্ষী’ নামৰ নাটকখনলৈ।

৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা, কোনে লাভ কৰিলে কি বঁটা?
নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
trishna-kalita
Trishna Kalita | Updated On: 29 Nov 2024 19:58 PM

বৃহস্পতিবাৰে সামৰণি পৰিল নলবাৰীৰ ৰাস মহোৎসৱৰ। আধুনিক কালত অসমৰ সাংস্কৃতিক সমন্বয়ৰ মিলনভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক আকৰ্ষণৰ এটি অন্যতম কেন্দ্ৰবিন্দু। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি এইবাৰ ৯১ বছৰত ভৰি দিছিল এই ৰাসে।

কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা নলবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, প্রবাসী নলবৰীয়া, পৰ্যটক, ভক্তপ্ৰাণ লোকৰ আগমন ঘটিছিল। প্ৰতিটো দিনতে লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছিল হৰি মন্দিৰ প্ৰাংগণত। প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত হৰি মন্দিৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা গ্ৰন্থমেলা, বাণিজ্য মেলা আদিও অনুষ্ঠিত হৈছিল। ৰাসৰ শান্তি-শৃংখলাৰ দিশটো চোৱা-চিতাৰ দায়িত্বত নিয়োজিত আছিল প্ৰায় হাজাৰোধিক স্বেচ্ছাসেৱক আৰু একেলগে ৫হাজাৰ লোক। অন্তিম দিনটোত যোৱা বছৰৰ দৰে এইবাৰো নলবাৰী জিলা প্ৰশাসন আৰু হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অন্তিম দিনটোত অনুষ্ঠিত হয় সামূহিক বিবাহ।

ইফালে ঘোষণা কৰা হৈছে ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল। মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ নাট্যদল বঁটা আগবঢ়োৱা হৈছে ৰাজমুকুট থিয়েটাৰলৈ। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ভৱেন বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট বঁটা ৰাজমুকুট থিয়েটাৰৰ ‘বকুল বনৰ পক্ষী’ নামৰ নাটকখনলৈ। আগবঢ়োৱা গৈছে নগদ ২৫ হাজাৰ টকা। ‘বকুল বনৰ পক্ষী’ৰ নাট্যকাৰ ৰঞ্জিত কুমাৰ দত্ত।

 

সৰ্বাধিক টিকট বিক্ৰীৰ আধাৰত হেঙুল থিয়েটাৰৰ ‘বিড়ি’লৈ সূৰ্য বৈশ্য সোঁৱৰণী শ্ৰেষ্ঠ জনপ্ৰিয় নাটকৰ বঁটা। আগবঢ়োৱা হৈছে নগদ ২৫ হাজাৰ টকা। অতুল ভট্টাচাৰ্য সোঁৱৰণী শ্ৰেষ্ঠ পৰিচালক বঁটা আগবঢ়োৱা হৈছে হেঙুল থিয়েটাৰৰ ‘বিড়ি’ নাটকৰ পৰিচালক সংকল্পজিত হাজৰিকালৈ। প্ৰদান কৰা হৈছে নগদ ১৫ হাজাৰ টকা। মহানন্দ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কমল লোচনলৈ। হেঙুল থিয়েটাৰৰ ‘বিড়ি’ নাটকত কৰা সুন্দৰ অভিনয়ৰ বাবে কমল লোচনলৈ এই বঁটা। কমল লোচনলৈ আগবঢ়োৱা হৈছে নগদ ২৫ হাজাৰ টকা। হিমাংশু গগৈলৈ দেৱদাস সোঁৱৰণী সহ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা । হেঙুল থিয়েটাৰৰ ‘বিড়ি’ নাটকত কৰা অভিনয়ৰ বাবে এই সন্মান। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা।

শৰৎ মজুমদাৰ সোঁৱৰণী শ্ৰেষ্ঠ নাট্যকাৰ বঁটা বৰদৈচিলা থিয়েটাৰৰ ‘গংগাৰ পানী মক্কাৰ মাটি’ নাটকলৈ। নাটকখনৰ নাট্যকাৰ সতীশ দাস। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা। মীৰা বিশ্বাস সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পল্লৱী ফুকনলৈ। বৰদৈচিলা থিয়েটাৰৰ ‘গংগাৰ পানী মক্কাৰ মাটি’ নাটকত কৰা অভিনয়ৰ বাবে পল্লৱী ফুকনলৈ এই সন্মান। আগবঢ়োৱা হৈছে নগদ ২৫ হাজাৰ টকা।প্ৰণৱ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা জিনু বড়োলৈ। ৰাজতিলক থিয়েটাৰৰ ‘নীলা চকুৰ গান’ নাটকত কৰা অভিনয়ৰ বাবে এই সন্মান। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা।

উগ্ৰ মেনা সোঁৱৰণী শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা অৰুণ বৰালৈ। ৰাজধানী থিয়েটাৰৰ ‘মচি দিম তোমাৰ সেন্দুৰ’ত কৰা অভিনয়ৰ বাবে এই সন্মান। অভিনেতাগৰাকীক আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা। মঞ্জিল বৰুৱালৈ অখিল বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ খলনায়ক বঁটা। সূৰ্য থিয়েটাৰৰ ‘মৰমৰ তেজৰ টোপাল’ নাটকত কৰা অভিনয়ৰ বাবে এই বঁটা। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা।গোবিন্দ হালৈ সোঁৱৰণী শ্ৰেষ্ঠ নৃত্যশিল্পীৰ বঁটা ৰাজতিলক থিয়েটাৰৰ নৃত্যশিল্পীৰ দললৈ। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা। জীৱেশ্বৰ ডেকা সোঁৱৰণী শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ বঁটা থিয়েটাৰ সূৰ্যলৈ। আগবঢ়োৱা হৈছে নগদ ১৫ হাজাৰ টকা। গুৰুজী আদ্য শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ মঞ্চসজ্জাৰ বঁটা ব্ৰজেন কোচলৈ। ইতিহাস থিয়েটাৰৰ ‘মহাৰাজ’ নাটকৰ বাবে এই বঁটা।

ইয়াৰ উপৰিও বীৰেন কলিতা সোঁৱৰণী শ্রেষ্ঠ আলোক শিল্পী বঁটা আগবঢ়োৱা হৈছে বৰদৈচিলা থিয়েটাৰৰ অনুপ ডেকালৈ। লগতে প্ৰদান কৰা হৈছে নগদ ১৫ হাজাৰ টকা। সভাপতিৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে বৃন্দাবন থিয়েটাৰৰ জ্যেষ্ঠ শিল্পী বীৰেন ভূঞাক। প্ৰদান কৰা হৈছে নগদ ১৫ হাজাৰ টকা।

Latest News