5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Narendra modi: কি আছে ‘দ্যা সাবৰমতী ৰিপোৰ্ট’ত? মোদীয়ে কৰিলে টুইট, ক’লে…

Narendra modi: ২০০২ চনত সংঘটিত হোৱা গোধৰা ৰে’ল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। সেই সময়ত এই দুৰ্ঘটনাত প্ৰায় ৫৯ জন লোকৰ মৃত্যু হৈছিল।দাবী অনুসৰি,  ছবিখনত গোধৰা ৰেল কাণ্ডৰ প্ৰকৃত  সত্যতা দেখুওৱা হৈছে।

Narendra modi: কি আছে ‘দ্যা সাবৰমতী ৰিপোৰ্ট’ত?  মোদীয়ে কৰিলে টুইট, ক’লে…
দ্যা সাবৰমতী ৰিপোৰ্ট
barasha-sarma
Barasha Sarma | Published: 17 Nov 2024 17:23 PM

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এখন ছবিৰ ওপৰত প্ৰক্ৰিয়া ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।  বিক্ৰান্ত মেছি, ৰিদ্ধি ডোগ্ৰা আৰু ৰাছি খান্নাৰ অভিনীত ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছবিখন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মোদীয়ে এক্সত লিখে যে- এটা মিছা, ভুৱা কাহিনী কিছু সময়ৰ বাবেহে চলে। কিন্তু অৱশেষত সঁচা কথাটো পোহৰলৈ আহে। উল্লেখ কৰা প্ৰয়োজন যে, দ্যা সাৱৰৱতী ৰিপোৰ্ট  নামৰ ছবিখন ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল।

এটা টুইট ৰি- টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখে যে- সঁচা কৈছে, ভাল কথা এয়াই যে সত্যটো পোহৰলৈ আহিছে আৰু সাধাৰণ মানুহে চাব পৰাকৈ ইয়াক বাহিৰলৈ অনা হৈছে। এটা মিছা কাহিনীয় মাত্ৰ এটা সময়ৰ বাবেহে চলে, শেষত সত্য পোহৰলৈ আহে।

কিহৰ ভিত্তিত ছবিখন প্ৰস্তুত হৈছে

২০০২ চনত সংঘটিত হোৱা গোধৰা ৰে’ল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। সেই সময়ত এই দুৰ্ঘটনাত প্ৰায় ৫৯ জন লোকৰ মৃত্যু হৈছিল।দাবী অনুসৰি,  ছবিখনত গোধৰা ৰেল কাণ্ডৰ প্ৰকৃত  সত্যতা দেখুওৱা হৈছে।  অৱশ্যে সমালোচকসকলে এই ছবিখনত প্ৰকৃত সত্য দেখুওৱা হৈছে বুলি মানি লোৱা নাই। ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ এজন হিন্দী সাংবাদিক (বিক্ৰান্ত মেছেই) গোধৰা কাণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য তেওঁৰ নিউজ চেনেলক দিয়ে, কিন্তু ইংৰাজী  সাংবাদিক এজনে চেনেলৰ মালিকৰ সৈতে কাম কৰি কাহিনীটো সলনি কৰে। সেই ৰিপোৰ্টত লুকাই থকা তথ্য আৰু সত্যতা এই ছবিখনৰ জৰিয়তে দেখুওৱা হৈছে বুলি কোৱা হৈছে।

‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ নামৰ ছবিখনে মুক্তিৰ পূৰ্বেও বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই ছবিখনৰ পৰিচালনা কৰিছে ধীৰাজ সাৰ্নাই। এই ছবিখন জি ষ্টুডিঅ’ৰ বেনাৰত প্ৰযোজনা কৰিছে একতা কাপুৰে। ছবিখনে প্ৰথম দুদিনত ৩.৩৫ কোটি টকাৰ ব্যৱসায় কৰিছে।

উল্লেখ্য যে, ২০০২ চনত গুজৰাটৰ গোধৰা কাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছিল। অযোধ্যাৰ পৰা যোৱা সাবৰমতী এক্সপ্ৰেছৰ দুটাকৈ ডবাত জুই লগাৰ ফলত ৫৯ জনলোকৰ মৃত্যু হৈছিল। এই বিষয়টোৱে সেই সময়ত ৰাজনৈতিক ৰূপ লৈছিল।  এই ঘটনাৰ সত্য কি আছিল আৰু কি লুকোৱা হৈছিল এয়া পোহৰলৈ অনাৰ বাবে ‘দ্যা সাবৰমতী ৰিপোৰ্ট’ ছবিখন নিৰ্মাণ কৰা হৈছে।ছবিখনৰ আৰম্ভণীত সাবৰমতী এক্সপ্ৰেছত ৰামভক্ত উঠাৰ পাছতেই ট্ৰেইনখন জ্বলি উঠে। তাৰ পাছত এই কাহিনী আগবঢ়াই নি ছবিখন দেখুওৱা হয়।

Latest News