মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট, এই দিনটোত আছে বিশেষ অফাৰ... | national cinema day gets movie ticket in just rs 99 Assam news - Assam Tv9

মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট, এই দিনটোত আছে বিশেষ অফাৰ…

Published: 

18 Sep 2024 13:20 PM

National cinema day: মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট। ইয়াৰ ভিতৰত থাকিব PVR, INOX, CINEPOLIS, CARNIVAL, MIRAJ, CITY PRIDE, ASIAN, MUKTA A2, MOVIE TIME, WAVE, M2K, DELITE আৰু বহুতো চিনেমা হলৰ পৰ্দাত ৯৯ টকাত ছবি উপভোগ কৰিব পাৰিব

মাত্ৰ ৯৯ টকাতে লাভ কৰিব চিনেমাৰ টিকট, এই দিনটোত আছে বিশেষ অফাৰ...

মাত্ৰ ৯৯ টকাত চিনেমাৰ টিকট

Follow Us On

যদি আপুনি ছবিগৃহত চিনেমা চাই ভাল পাই তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো মাত্ৰ ৯৯ টকাতে আপুনি লাভ কৰিব চিনেমাৰ টিকট। সেয়া লাগিলে পিভিআৰ হওক বা চিনেপলিচ, বিভিন্ন ধৰণৰ ছবিগৃহত আপুনি চিনেমা উপভোগ কৰাৰ বাবে ৩০০-৪০০ বা ৫০০ টকা দিব নালাগে। ইয়াৰ বাবে আপুনি মাত্ৰ দিব লাগিব ৯৯ টকা। অৱশ্যে এদিনৰ বাবেহে থাকিব এই সুবিধা। ২০ ছেপ্টেম্বৰৰ দিনটো নেশ্যনেল চিনেমা ডে (National cinema day) হিচাপে পালন কৰা হয়। যাৰ বাবে প্ৰায় সংখ্যক ছবিগৃহত দৰ্শকক বিশেষ অফাৰ দিয়ে।

আপুনি কেনেকৈ ৯৯ টকাত টিকট লাভ কৰিব বা কেনেকৈ সুবিধা ল’ব পাৰিব সেয়া তলত উল্লেখ কৰা হ’ল-

৯৯ টকাত চিনেমাৰ টিকট বুকিং কৰিবলৈ অনলাইন BOOK MY SHOW, PVR Cinemas, Paytm, INOX, CINEPOLIS, CARNIVAL ৰ সহায় লব পাৰিব। এই প্লেটফৰ্মসমূহত আপুনি এই অফাৰ পাব।

  • ইয়াৰ বাবে আপুনি প্ৰথমে লোকেশ্যন দিব লাগিব। তাৰ পাছত কোনখন ছবি চাব বিচাৰিছে সেয়া নিৰ্বাচন কৰিব। অফাৰ কেৱল ২০ ছেপ্টেম্বৰত থাকিব যাৰ বাবে এই তাৰিখটোহে চিলেক্ট কৰিব।
  • ইয়াৰ পাছত  book ticket option (Price Showing Rs 99) ত ক্লিক কৰক। তাৰ পাছত আসন চিলেক্ট কৰি পেমেন্ট কৰি দিয়ক।
  • তাৰ পাছতেই আপোনাৰ টিকট বুক হৈ যাব।

উল্লেখ কৰা প্ৰয়োজন যে অনলাইন চিনেমাৰ টিকট বুক কৰিলে ৯৯ টকাতে টিকট পাব। কিন্তু তাত অতিৰিক্ত ধন (কৰ, হেণ্ডেলিং ছাৰ্জ) আদি ছবিগৃহৰ মতে প্ৰযোজ্য হ’ব।

অফলাইনত ৯৯ টকাত টিকট

কেৱল অনলাইন নহয়, অফলাইনতো আপুনি মাত্ৰ ৯৯ টকাত ছবি উপভোগ কৰিব পাৰিব। ইয়াৰ বাবে ওচৰৰ ছবি গৃহত হৈ আপুনি টিকট বুক কৰিব পাৰে।

ক’ত ক’ত থাকিব অফাৰ

২০২৪ চনৰ ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় চিনেমা দিৱসৰ দিনা  MAI (Multiplex Association of India) আৰু Excel Entertainment য়ে ৯৯ টকাত চিনেমাৰ টিকট ঘোষণা কৰিছে। ২০ ছেপ্টেম্বৰৰ দিনা এই অফাৰ দেশৰ ৪০০০ টাৰো অধিক ছবিগৃহত থাকিব। ইয়াৰ ভিতৰত থাকিব PVR, INOX, CINEPOLIS, CARNIVAL, MIRAJ, CITY PRIDE, ASIAN, MUKTA A2, MOVIE TIME, WAVE, M2K, DELITE আৰু বহুতো চিনেমা হলৰ পৰ্দাত ৯৯ টকাত ছবি উপভোগ কৰিব পাৰিব। দেশৰ প্ৰায়ভাগ ছবিগৃহতে আপুনি এই অফাৰৰ লাভ উঠাব পাৰিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version