এয়া ভাৰত নহয়…মেলবৰ্ণত লাইভ শ্ব’ কৰিবলৈ গৈ অনুৰাগীৰ ক্ষোভৰ সন্মুখীন নেহা কক্কৰ, বিচাৰিলে ক্ষমা…
বৰ্তমান অষ্ট্ৰেলিয়াত আছে বলীউডৰ কণ্ঠশিল্পী নেহা কক্কৰ। ছিডনীৰ পিছত মেলবৰ্ণত এটা লাইভ কনচাৰ্ট কৰিছিল নেহাই। কিন্তু মেলবৰ্ণৰ কনচাৰ্টত তিনি ঘণ্টা পলমকৈ উপস্থিত হোৱাৰ লগে লগে অনুৰাগীসকলে ক্ষুব্ধ হৈ নেহাক ঘূৰি যাবলৈ ক'লে । এই সময়ত নেহাই কান্দিবলৈ আৰম্ভ কৰে আৰু লগতে অনুৰাগীৰ ওচৰত ক্ষমাও খোজে।

অনুৰাগীৰ ক্ষোভৰ সন্মুখীন নেহা কক্কৰ
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে তেওঁৰ গীতেৰে অনুৰাগীক মোহিত কৰি তুলিছে। এসময়ত ইণ্ডিয়ান আইডলত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা নেহাই পৰৱৰ্তী সময়ত শ্ব’টোৰ বিচাৰক হিচাপেও কাম কৰিছিল। গীত আৰু কণ্ঠৰে দেশ আৰু বিশ্বত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে নেহা। নেহাই সমগ্ৰ বিশ্বতে লাইভ কনচাৰ্ট পৰিবেশন কৰে। অৱশ্যে শেহতীয়াকৈ এটা লাইভ শ্ব’ৰ সময়ত অনুৰাগীয়ে নেহাক লৈ ক্ষোভিত হৈ ঘূৰি যাবলৈ কয়। যাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।
অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত লাইভ শ্ব’ৰ সময়ত নেহা কক্কৰে কৰিলে এটা ডাঙৰ ভুল। নেহাই তিনি ঘণ্টা পলমকৈ শ্ব’ট উপস্থিত হৈছিল। নেহাৰ গীত শুনিবলৈ অপেক্ষা কৰি ভাগৰি পৰিছিল অনুৰাগীসকল। নেহাই তাত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ ধৈৰ্য্যৰ বান্ধ ছিগি যায় আৰু কণ্ঠশিল্পীগৰাকীৰ ওপৰত ক্ষোভ উজাৰে । অনুৰাগীসকলে তেওঁক উভতি যাবলৈ শ্লোগানো দিয়ে। এই সকলোবোৰ কথাত নেহাই আঘাত পাই কান্দিবলৈ ধৰে। অৱশ্যে তিনি ঘণ্টা পলমকৈ গৈ পোৱাৰ বাবে অনুৰাগীৰ ওচৰতো ক্ষমা বিচাৰিলে। কিন্তু অনুৰাগীৰ ক্ষোভ তেতিয়াও কমি যোৱা নাছিল।
নেহা কক্কৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। য’ত মেলবৰ্ণত লাইভ কনচাৰ্টৰ সময়ত নেহাক কান্দি থকা দেখা গৈছে। শ্ব’টোত তিনি ঘণ্টা পলমকৈ উপস্থিত হোৱাৰ বাবে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে গায়িকাগৰাকীয়ে। অৱশ্যে তাৰ পাছতো অনুৰাগীসকলৰ তেওঁৰ ওপৰত খং উঠি থকা যেন লাগিছিল। ভিডিঅ’টোত এজন ব্যক্তিয়ে কৈছে যে এয়া অষ্ট্ৰেলিয়া, ভাৰত নহয়। আনহাতে কোনোবাই ক’লে নেহা কক্কৰ উভতি যাওক।
নেহাই ক্ষমা খুজিলে, ক’লে- মই দুঃখিত
ইয়াৰ উপৰিও ভিডিঅ’টোত নেহাই অনুৰাগীৰ ভিৰৰ সন্মুখত মঞ্চত কান্দি কান্দি অনুৰাগীৰ ধৈৰ্য্যক প্ৰশংসা কৰি কয়, “আপোনালোকে ধৈৰ্য্য ধৰিছে, আপোনাক বহুত ভাল। আপোনালোকে মোৰ বাবে ইমান ঘণ্টা অপেক্ষা কৰি আছে। মই ক্ষমা বিচাৰিছো। মই এই বিষয়টোক লৈ অতিকৈ দুখী। আজিৰ সন্ধিয়াটো মোৰ সদায় মনত থাকিব। আপোনালোকে সময় উলিয়াই মোৰ বাবে আহিছে । মই আপোনালোকক নাচিবলৈ বাধ্য কৰাব বিচাৰিম।”
মেলবৰ্ণৰ পূৰ্বে নেহাই ছিডনীতো কনচাৰ্ট পৰিৱেশন কৰিছিল নেহা কক্কৰ। ছিডনী কনচাৰ্টৰ বহু ফটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, “ধন্যবাদ ছিডনী”। এই ফটোবোৰত নেহাক নিজৰ টীমৰ সৈতে মঞ্চত নাচি থকা দেখা গৈছে। গীত গোৱাৰ উপৰিও তেওঁ নৃত্যও কৰিছিল।