‘কেচটো নগেন’ নেকি? মে’ মাহৰ প্ৰথম সপ্তাহত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবিখন

শীঘ্ৰে মুক্তি পাব এই অসমীয়া ছবি 'কেচটো নগেন'। RKZ films ৰ বেনাৰত ধনজিৎ দাসে পৰিচালনা কৰা ছবিখনত আপোনালোকে বহুকেইখন জনপ্ৰিয় আৰু চিনাকী মুখ দেখিবলৈ পাব।

‘কেচটো নগেন’ নেকি? মে মাহৰ প্ৰথম সপ্তাহত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবিখন

‘কেচটো নগেন’ নেকি?

Published: 

26 Mar 2025 15:33 PM

আহি আছে নতুন অসমীয়া ছবি ‘কেচটো নগেন’। ‘নগেন’ এতিয়া সাংঘাতিক ভাইৰেল!অসমীয়া সমাজত প্ৰায়ে এই শব্দটো ব্যৱহাৰ কৰা হয়। শীঘ্ৰে মুক্তি পাব এই অসমীয়া ছবি ‘কেচটো নগেন’। চিনেমখনৰ পোষ্টাৰ মুকলি হোৱাৰ পিছৰে পৰা চৰ্চা আৰম্ভ হৈছিল চিনেমাপ্ৰেমীৰ মনত। ‘কেচটো নগেন’ত আপুনি “নগেন”ক বিচাৰি হাবাথুৰি খাবলগীয়া হ’ব যেতিয়ালৈকে আপুনি এই ছবিখন উপভোগ নকৰে।

‘কেচটো নগেন’ আমাৰ সচৰাচৰ মুখত থকা এটা শব্দ। ক’ৰবাত কেতিয়াবা খেলিমেলি দেখিলেই কোৱা দুটা শব্দ হৈছে ‘কেচটো নগেন’। অহা ৯ মে’ত মুক্তি লাভ কৰিব এই ছবিখনে। ২০২৫ চনৰ প্ৰথমমাহত পৰিচালক ধনজিৎ দাসে বিচাৰি উলিয়াব নগেনক!সাম্প্ৰতিক সময়ত চলি থকা ইনভেচটমেণ্টৰ ওপৰতেই এই “কেচটো নগেন” শীৰ্ষক ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে। RKZ films ৰ বেনাৰত ধনজিৎ দাসে পৰিচালনা কৰা ছবিখনত আপোনালোকে বহুকেইখন জনপ্ৰিয় আৰু চিনাকী মুখ দেখিবলৈ পাব।

কোনে কোনে অভিনয় কৰিব?

ছবিখনত থাকিব হিমাংশু প্ৰসাদ দাস, অমৃতা গগৈ, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিটু বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদি।

নতুন মুক্তিৰ তাৰিখ

পূৰ্বে ছবিখনৰ মুক্তিৰ তাৰিখ আছিল ১৭ জানুৱাৰী। কিন্তু এতিয়া ১৭ জানুৱাৰী নহয় ৯ মে’ ত ছবিগৃহলৈ আহিব ‘কেচটো নগেন’ ৷ এখন মোশ্যন পিকচাৰৰ জৰিয়তে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । অহা ৯ মে’ তাৰিখে এনে এগৰাকী চতুৰ নগেন আপোনালোকৰ কাষ চাপিব যিয়ে আপোনাৰ টকা আত্মসাৎ কৰি যাব।

ক’ত হৈছে শ্বুটিং?

ছবিখনৰ দৃশ্যগ্ৰহণ চানডুবিৰ জৰাংখুৰিয়া গাঁৱত কৰা হৈছে । ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী, মার্চ মাহতে জৰাংখুৰিয়া গাঁৱত শ্বুটিং আৰম্ভ হৈছিল। নতুন অসমীয়া ছবিখনকলৈ আশাবাদী ছবিৰ পৰিচালক তথা কলা-কুশলীসকল ।

 

 

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?