5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সনাতন ধৰ্মত আঘাত! কিয় বিতৰ্কত সোমাই পৰিছে অসমীয়া ছবি ‘জয় হনুমেন’

jai hanuman: "ভাৰতৰ বিভিন্ন ছবিৰ জৰিয়তে সনাতন ধৰ্মৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ ভাৰতবৰ্ষৰ বাবে ভয়ংকৰ ইংগিত। এই ষড়যন্ত্ৰৰ অংশ এতিয়া অসমৰ ছবি উদ্যোগতো প্ৰৱেশ কৰিছে। অসম আৰু ভাৰত তথা বিশ্বত থকা ১৪০ কোটি সনাতন ধৰ্মৰ অনুৰাগীৰ আস্থা আৰু বিশ্বাসত এই ছবিৰ জৰিয়তে আঘাত হানিছে''।

সনাতন ধৰ্মত আঘাত! কিয় বিতৰ্কত সোমাই পৰিছে অসমীয়া ছবি ‘জয় হনুমেন’
জয় হনুমেন
barasha-sarma
Barasha Sarma | Published: 10 Oct 2024 19:30 PM

বিতৰ্কত সোমাই পৰিছে ১৮ অক্টোবৰত ছবি গৃহলৈ আহিবলগীয়া নতুন অসমীয়া ছবি “জয় হনুমেন”। ছবিখন মুক্তি লাভ কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে যদিও এতিয়া বিপদত পৰিছে ছবি নিৰ্মাতাসকল। ছবিখনৰ বিৰুদ্ধে সনাতন ধৰ্মৰ ভগৱান, দেৱ- দেৱী, পৰম্পৰা আদিক লৈ নানা অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে এই ছবিখনৰ জৰিয়তে সনাতন ধৰ্মৰ অনুগামীৰ আস্থাক লৈ কৌতুক, অপমানজনক সংলাপ, প্ৰচাৰ- প্ৰসাৰৰ এক সু পৰিকল্পিত ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ তুলিছে একম সনাতন ভাৰত দলৰ অসম প্ৰদেশ সভাপতি তথা সনাতন আইম তথা ন্যায় পৰিষদৰ মুখ্য আইন সম্পাদক অভিতাম শৰ্মাই।

তেওঁ কয় যে, ভাৰতৰ বিভিন্ন ছবিৰ জৰিয়তে সনাতন ধৰ্মৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ ভাৰতবৰ্ষৰ বাবে ভয়ংকৰ ইংগিত। এই ষড়যন্ত্ৰৰ অংশ এতিয়া অসমৰ ছবি উদ্যোগতো প্ৰৱেশ কৰিছে। অসম আৰু ভাৰত তথা বিশ্বত থকা ১৪০ কোটি সনাতন ধৰ্মৰ অনুৰাগীৰ আস্থা আৰু বিশ্বাসত এই ছবিৰ জৰিয়তে আঘাত হনা বুলি শৰ্মাই মন্তব্য কৰে।

তেওঁ কয় যে, ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ দি কে হস্পিতালেটি নামৰ এটা প্ৰতিষ্ঠানে জয় হনুমেন নামৰ ছবিখন নিৰ্মাণ কৰিছে। এই ছবিখনৰ ট্ৰেইলৰত স্পষ্ট হৈ পৰিছে যে এজন ব্যক্তিয়ে সাধুৰ বেশত অভিনেতাজনক হনুমান (“তু টো সাক্ষাৎ হনুমান হেই” বুলি হিন্দী ভাষাত কৈছে) বুলি কোৱাতো সম্পূৰ্ণ আপত্তিজনক।

তেওঁ কয় যে, ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে বিভিন্ন অনুষ্ঠানত কৈছে যে ভগৱান হনুমানৰ কোনো ব্যৱহাৰ হোৱা নাই। হনুমেন এজন কাল্পনিক চৰিত্ৰ। কিন্তু ছবিৰ প্ৰমত সনাতন ধৰ্মৰ ভগৱান শ্ৰী হনুমানৰ, হনুমান চালিচাৰ এটা শাৰীও প্ৰয়োগ কৰা হৈছে।

একম্ সনাতন ভাৰত দল আৰু সনাতন আইন তথা ন্যায় পৰিষদৰ মজিয়াৰ পৰা ছবি নিৰ্মাতা ধনেশ্বৰ কলিতা, পৰিচালক হিমাংশু প্ৰসাদ দাস, সৃষ্টি শ্ৰেয়ম, শান্তনু ৰৌমুৰীয়া, দেৱব্ৰত চলিহা আদিলৈ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে সভাপতি শৰ্মাই। ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ তথা উপ-দফা ১৯(২), Cinematograph Amendment Act, 2023, Cinematograph (Certification) Rules, 2023ৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্ন কৰিছে বুলি তেওঁ প্ৰেচ বিবৃতিত উল্লেখ কৰে।

ভগৱান হনুমানৰ লগত যদি মিল নাই তেন্তে পোষ্টাৰত অভিনেতাৰ মুখখন কিয় হনুমানৰ মিল আছে, প্ৰচাৰৰ সময়ত ভগৱান হনুমানৰ ৰূপত কিয় ঘূৰি ফুৰিছে আদি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে তেওঁ। এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে শৰ্মাই। যদি ২৪ ঘন্টাৰ ভিতৰত উত্তৰ নিদিয়ে তেন্তে যাৱতীয় আইনী ব্যৱস্থা, অপৰাধমূলক গোচৰ, ৰাজহুৱা স্বাৰ্থজনিত আবেদন, CBFC লৈ পোনপটীয়া অভিযোগ, কেন্দ্ৰীয় সূচনা আৰু সম্প্ৰচাৰ মন্ত্ৰনালয় তথা আন যাৱতীয় আইনী পদক্ষেপ ল’বলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে।

Latest News