বিতৰ্কৰ অৱসান পেলাই কাইলৈ মুক্তি পাব ‘জয় হনুমেন’, SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আলমত নিৰ্মাণ হৈছে নেকি ‘জয় হনুমেন’?
অসমৰ বাহিৰেও দেশৰ আন ৮ টা ঠাইত ১৮ অক্টোবৰত একেদিনাই মুক্তি পাব ‘জয় হনুমেন’ ছবিখন ৷ ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে জনাইছে এই কথা । দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, গোৱাতো সেইদিনা মুক্তিলাভ কৰিব জয় হেনুমেনে ৷
‘গৰু’, ‘বুলু ফিল্ম’ৰ পিছত এইবাৰ দৰ্শককে চাবলৈ পাব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি ‘জয় হনুমেন’। স্পাইডাৰ মেন, ছুপাৰ মেন, বেটছমেনৰ কাহিনী বহুত শুনিছে কিন্তু এইবাৰ শুনিব হনুমেনৰ কথা।১৮ অক্টোবৰত শুভমুক্তি লাভ কৰিব পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসৰ ছবি ‘জয় হনুমেন’। SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে নেকি ছবিখন? ইয়াকে লৈ চলিছে চৰ্চা।
অসমৰ বাহিৰেও দেশৰ আন ৮ টা ঠাইত ১৮ অক্টোবৰত একেদিনাই মুক্তি পাব ‘জয় হনুমেন’ ছবিখন ৷ ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে জনাইছে এই কথা । দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, গোৱাতো সেইদিনা মুক্তিলাভ কৰিব জয় হেনুমেনে ৷
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে । নগাঁও, চামগুৰি, তেজপুৰকে ধৰি বিভিন্ন স্থানত ‘জয় হনুমেন’ৰ প্ৰচাৰত ব্যস্ত পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস। অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷ছবিখনত দেখিবলৈ পাব অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক।
‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷ এতিয়া সকলোৰে মাজত কৌতুহল সৃষ্টি হৈছে চিনেমাখনৰ কাহিনীক লৈ । সামাজিক মাধ্যমত একাংশই কৈ আছে ছবিখনৰ কাহিনী SI জোনমণি ৰাভাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, আন কাৰোবাৰ মতে এয়া এজন হনুমান ভক্তৰ ওপৰত আধাৰিত কাহিনী। ইতিমধ্যে ছবিখনৰ গীত মুকলিৰ পিছতে দৰ্শকৰ মৰম পাবলৈ সক্ষম হৈছে।
এইবোৰৰ মাজতে বিতৰ্কত সোমাই পৰিছিল ছবিখন। ছবিখনে সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাৰ অভিযোগ আনে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। সামাজিক মাধ্যম ফেচবুকত বিধায়ক ফুকনে এটা পোষ্টৰ জৰিয়তে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি ‘জয় হনুমেন’ক লৈ প্ৰশ্ন উত্থাপন কৰে । তেওঁ প্ৰশ্ন কৰিছে, “ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? কেৱল আমাৰ সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাটোৱে প্ৰগতিশীল বামপন্থা নেকি ? আৰবান নক্সালসকল সদায়ে সনাতন বিৰোধী কিয় ?”
তাৰ পাছতে বিধায়ক বিশ্বজিৎ ফুকনে জয় হনুমেন সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমাংশু প্ৰসাদ দাসে-
ইয়াৰ উপৰিও এই ছবিখনৰ জৰিয়তে সনাতন ধৰ্মৰ অনুগামীৰ আস্থাক লৈ কৌতুক, অপমানজনক সংলাপ, প্ৰচাৰ- প্ৰসাৰৰ এক সু পৰিকল্পিত ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰে একম সনাতন ভাৰত দলৰ অসম প্ৰদেশ সভাপতি তথা সনাতন আইম তথা ন্যায় পৰিষদৰ মুখ্য আইন সম্পাদক অভিতাম শৰ্মাই। এতিয়া এই সকলো বিতৰ্কৰ অৱসান ঘটাই ১৮ অক্টোবৰ অৰ্থা কাইলৈ ছবিখনৰ মুকলিৰ পাছতহে গ’ম পোৱা যাব ‘জয় হনুমেন’ত আচলতে আছে কি ?