শোকাৱহ! জন্মদিনৰ ৪ দিনৰ পূৰ্বে মৃত্যু Splitsvillaৰ জৰিয়তে জনপ্ৰিয় হোৱা অভিনেতা নিতিন চৌহানৰ
প্ৰতিদিনে বহুতো যুৱক-যুৱতী মুম্বাইৰ দৰে চহৰলৈ অভিনেতা হোৱাৰ সপোন লৈ যায়। কিছুমানে এই সপোন পূৰণ কৰে, আকৌ কিছুমান লোকে হাৰ মানি তেওঁলোকৰ ঘৰলৈ উভতি যায়। ক্ৰাইম পেট্ৰ’লৰ জৰিয়তে জনপ্ৰিয় হোৱা নিতিন চৌহানে দীৰ্ঘদিন ধৰি মুম্বাইত সংগ্ৰাম কৰি আছিল। ৭ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।
Splitsvilla ছিজন ৫ৰ ৰানাৰ-আপ নিতিন চৌহানৰ মৃত্যু। ৩৫ বছৰীয়া নিতিনে বৃহস্পতিবাৰে সন্ধিয়া অৰ্থাৎ জন্মদিনৰ মাত্ৰ ৪ দিন আগতে শেষ নিশ্বাস ত্যাগ কৰে। নিতিনে অভিনয় কেৰিয়াৰত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁ বিন্দাছ চেনেলত প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ‘দাদাগিৰি’ ছিজন ২ৰ বিজয়ী আছিল। ‘দাদাগিৰি’ৰ পিছত, তেওঁ ডিডি নেচনেলত Zindagi.com নামৰ এখন ধাৰাবাহিকত কাম কৰিছিল। কিন্তু ২০১২ চনত এমটিভিৰ Splitsvillaত যোগদান কৰাৰ পিছত নিতিনে তেওঁ আশা কৰা ধৰণে জনপ্ৰিয়তা লাভ কৰে।
আলি গনি আৰু পাৰস ছাব্ৰাৰ সৈতে Splitsvillaত যোগদান কৰা নিতিন অনুষ্ঠানটোৰ ৰানাৰ আপ আছিল। তেওঁ চূড়ান্ত ৰাউণ্ডত পাৰস ছাব্ৰাৰ হাতত পৰাজিত হ’ব লগা হৈছিল। Splitsvillaৰ পিছত তেওঁ গুমৰাহ, ক্ৰাইম পেট্ৰ’ল, ফ্ৰেণ্ডছ কণ্ডিচন এপ্লাই, সাৱধান ইণ্ডিয়াৰ দৰে বহুতো অনুষ্ঠানত কাম কৰিছিল। ২০২১ চনত চনি চাব টিভিত প্ৰচাৰিত হোৱা ‘তেৰা য়াৰ হুঁ মে’ আছিল নিতিনৰ অন্তিমখন ধাৰাবাহিক। নিতিনৰ সহ-অভিনেতা বিভূতি ঠাকুৰে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত দাবী কৰিছে যে নিতিনে আত্মহত্যা কৰিছে। ইনষ্টাগ্ৰামত নিতিনৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি বিভূতিয়ে লিখিছে -” আপোনাৰ আত্মাই শান্তি লাভ কৰক, মই অতি হতবাক হৈ পৰিছোঁ আৰু মই অতি দুখী, হয়তো আপুনি এই কঠিন সময়ৰ সন্মুখীন হোৱাৰ শক্তি পালেহেঁতেন, আপোনাৰ শৰীৰৰ দৰে আপুনিও যদি মানসিকভাৱে শক্তিশালী হ’লহেঁতেন।”
অভিনেতাগৰাকীৰ মৃত্যুক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য৷ নিতিন চৌহানৰ পৰিয়াল বা আৰক্ষীৰ পৰা তেওঁৰ আত্মহত্যা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাই।বৰ্তমান মুম্বাইত আছে নিতিনৰ পিতৃ-মাতৃ। পুত্ৰৰ মৃতদেহ মুম্বাইৰ পৰা তেওঁলোকৰ গাঁও আলিগড়লৈ লৈ যাব।
যদিও নিতিনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, নিতিনে দীৰ্ঘদিন ধৰি কামৰ বাবে সংগ্ৰাম কৰি আহিছিল। কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও, তেওঁ বিচৰা কামটো লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। সামাজিক মাধ্যমৰ প্ৰভাৱৰ বাবে, মডেলিঙৰ কামো পোৱা নাছিল। বহুবাৰ তেওঁৰ বন্ধুবৰ্গৰ সৈতে কৰা বাৰ্তালাপত, নিতিনে কৈছিল যে অভিনয়ৰ কামৰ ক্ষেত্ৰত
তেওঁৰ সামাজিক মাধ্যমৰ অনুসৰণকাৰীৰ বিষয়ে সোধা হয় আৰু কম অনুসৰণকাৰীৰ বাবে তেওঁ কাম নাপায়। ইয়াৰ মাজতে তেওঁ ব্যৱসায় কৰিবলৈও চেষ্টা কৰিছিল, কিন্তু তাতেও তেওঁ সফলতা লাভ কৰা নাছিল।