শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰশ্মিকা মান্দানা নহয়, গ্লেমাৰৰ পৰা আঁতৰি থকা দক্ষিণ এইগৰাকী অভিনেত্ৰীয়ে লয় সৰ্বাধিক ধন

সৌন্দৰ্য আৰু অভিনয়ৰ ক্ষেত্ৰত বলীউডকৈ আগবাঢ়ি আছে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ বহু সুন্দৰী। কিন্তু চাউথৰ আটাইতকৈ দামী অভিনেত্ৰীগৰাকীৰ বিষয়ে জানেনে? এই তালিকাৰ শীৰ্ষত আছে গ্লেমাৰৰ পৰা আঁতৰি থাকি ভাল পোৱা এগৰাকী অভিনেত্ৰীৰ নাম।

ৰশ্মিকা মান্দানা নহয়, গ্লেমাৰৰ পৰা আঁতৰি থকা দক্ষিণ এইগৰাকী অভিনেত্ৰীয়ে লয় সৰ্বাধিক ধন
দক্ষিণ উদ্যোগৰ আটাইতকৈ ব্যয়বহুল অভিনেত্ৰী কোন?
trishna-kalita
Trishna Kalita | Published: 06 Mar 2025 09:31 AM

ধন-সম্পত্তি হওক, খ্যাতি হওক, অভিনয় হওক বা সৌন্দৰ্য্যই হওক, এই সকলোবোৰ বিষয়ত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ সৌন্দৰ্য্য বলীউডৰ সৌন্দৰ্য্যতকৈ কম নহয়। কিন্তু আপুনি জানেনে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ আজিৰ আটাইতকৈ ব্যয়বহুল অভিনেত্ৰীগৰাকী কোন? এইক্ষেত্ৰত ‘শ্ৰীৱল্লী’ অৰ্থাৎ ‘পুষ্পা’ৰ ৰশ্মিকা মান্দানাৰ নামটো হয়তো আপোনাৰ মনলৈ আহি আছে বা হয়তো আপুনিও নয়ন্তৰা বা সামন্থা ৰুথ প্ৰভুৰ কথা ভাবিছে। কিন্তু এই তিনিগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ নহয়।

দক্ষিণ ভাৰতীয় চিনেমাৰ আটাইতকৈ দামী অভিনেত্ৰী হিচাপে শীৰ্ষত আছে ছাই পল্লৱীৰ নাম। তাৰ পিছত আহে নয়ন্তৰা, ৰশ্মিকা মান্দানা, অনুষ্কা ছেট্টী আৰু সামান্থাৰ দৰে সুন্দৰী। এখন ছবিৰ বাবে ছাইয়ে কিমান কোটি টকা লয় জানো আহক।

৩২ বছৰীয়া ছাই পল্লৱী দক্ষিণৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। দক্ষিণ ছবি চাই ভাল পোৱা বহু দৰ্শকৰে হয়তো প্ৰিয় অভিনেত্ৰী ছাই পল্লৱী।  চলচ্চিত্ৰ জগতত কাম কৰাৰ পিছতো ছাইয়ে ফেশ্বন বা গ্লেমাৰ ট্ৰেণ্ডৰ পৰা আঁতৰি থকাটো পছন্দ কৰে। কেৱল এয়াই নহয়, ছবিৰ ক্ষেত্ৰতো গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছে ছাই পল্লৱীয়ে। তেওঁৰ এখন ছবিৰ মাননি কথা ক’বলৈ গ’লে IMDBৰ প্ৰতিবেদন অনুসৰি ছাইয়ে এখন ছবিৰ বাবে ৩ৰ পৰা ১৫ কোটি টকা লয়। বৰ্তমান ছাইৰ হাতত আছে ‘ৰামায়ণ’ ছবি, য’ত তেওঁক দেখা যাব ৰণবীৰ কাপুৰৰ সৈতে। ৰণবীৰক ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ছাই পল্লৱীয়ে মা সীতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

ৰশ্মিকা-সামন্থাই ইমান মাননি লয়

IMDBৰ প্ৰতিবেদন অনুসৰি নয়ন্তৰা দক্ষিণৰ দ্বিতীয় সৰ্বাধিক ব্যয়বহুল অভিনেত্ৰী। তেওঁৰ এখন ছবিৰ বাবদ ৩ৰ পৰা ১২ কোটি টকা লয়। তৃতীয় স্থানত আছে ‘বাহুবলী’ অভিনেত্ৰী অনুষ্কা ছেট্টী। অনুষ্কাই এখন ছবিৰ বাবে লাভ কৰে ৫ৰ পৰা ৭ কোটি টকা। ‘পুষ্পা’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰে বহু শিৰোনাম দখল কৰা ৰশ্মিকা মান্দানা এই তালিকাত চতুৰ্থ স্থানত আছে। তেওঁৰ এখন ছবিৰ মাননি ৪ৰ পৰা ৮ কোটি টকাৰ ভিতৰত। ৩ৰ পৰা ৮ কোটি টকাৰ মাননি লৈ দক্ষিণৰ পঞ্চম দামী অভিনেত্ৰীৰ স্থানত আছে সামান্থা ৰুথ প্ৰভু।