5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Laapataa Ladies In Oscars 2025: অস্কাৰৰ বাবে বাছনি কিৰণ ৰাওৰ ‘লাপাটা লেডিজ’

Laapataa Ladies: কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ছবি 'লাপাটা লেডিজ' ভাৰতৰ অস্কাৰত আনুষ্ঠানিক প্ৰৱেশৰ বাবে বাচনি হৈছে। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেচনৰ দ্বাৰা শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ শ্ৰেণীৰ বাবে বাছনি 'লাপাটা লেডিজ'। আমিৰ খানৰ প্ৰডাকচন হাউছৰ অধীনত নিৰ্মাণ কৰা হৈছে ছবিখন।

Laapataa Ladies In Oscars 2025: অস্কাৰৰ বাবে বাছনি কিৰণ ৰাওৰ ‘লাপাটা লেডিজ’
অস্কাৰৰ বাবে বাছনি কিৰণ ৰাওৰ ‘লাপাটা লেডিজ’
Follow Us
barasha-misra
Barasha Misra | Updated On: 23 Sep 2024 15:42 PM

অস্কাৰ ২০২৫ত ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হিচাপে প্ৰেৰণ কৰা হ’ব কিৰণ ৰাওৰ ছবি ‘লাপাটা লেডিজ’। সোমবাৰে এই কথা ঘোষণা কৰিছে ভাৰতীয় ফিল্ম ফেডাৰেচনে। শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ শ্ৰেণীৰ বাবে বাছনি ‘লাপাটা লেডিজ’। আমিৰ খানৰ প্ৰডাকচন হাউচ ‘আমীৰ খান প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ‘লাপাটা লেডিজ’।

২০২৪ চনৰ ১ মাৰ্চত এইবাৰ চিনেমাগৃহত মুক্তি পাইছিল ‘লাপাটা লেডিজ’। ইয়াৰ পূৰ্বে ৮ ছেপ্টেম্বৰত 48th Toronto International Film Festivalত প্ৰদৰ্শিত হৈছিল ছবিখন। প্ৰদৰ্শনৰ সময়ত ছবিখনে বহু প্ৰশংসা লাভ কৰিছিল। মুক্তিৰ পিছত ছবিখনে সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

২৯খন ছবিৰ পৰা নিৰ্বাচিত ‘লাপাটা লেডিজ’

ভাৰতীয় ফিল্ম ফেডাৰেচনে ২৯খন ছবিৰ তালিকাৰ পৰা ‘লাপাটা লেডিজ’ক নিৰ্বাচিত কৰিছে। ৰণবীৰ কাপুৰ অভিনীত আৰু সন্দীপ ৰেড্ডী ভাংগাই পৰিচালিত ছবি ‘Animal’ও অস্কাৰত অফিচিয়েল এণ্ট্ৰি হোৱাৰ দৌৰত আছিল। ইয়াৰ উপৰিও জুৰীয়ে মালয়ালম ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘Attam’ আৰু কান বঁটা বিজয়ী ‘All We Imagine as Light’ৰ দৰে ছবিও আছিল। অৱশ্যে সকলো ছবি ‘Laapataa Ladies’এ এৰি থৈ গ’ল।

কি ক’লে কিৰণ ৰাৱে?

অস্কাৰত ‘লাপাটা লেডিজ’ৰ আনুষ্ঠানিক প্ৰৱেশত কিৰণ ৰাও অতিশয় সুখী। তেওঁৰ ছবিখন অস্কাৰৰ অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত হোৱাত অত্যন্ত গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এয়া আমাৰ গোটেই দলটোৰ কঠোৰ পৰিশ্ৰমৰ ফল। আমাৰ দলৰ আবেগৰ বাবেই আমি এই কাহিনীটোক জীৱন্ত কৰি তুলিবলৈ সক্ষম হৈছোঁ।

‘লাপাটা লেডিজ’ৰ কাহিনী কি?

নাৰীৰ বিভিন্ন দিশ উন্মোচন কৰা এখন গুৰুত্বপূৰ্ণ ছবি ‘লাপাটা লেডিজ’। ছবিখনত দুগৰাকী ছোৱালীৰ কাহিনী বৰ্ণনা কৰা হৈছে যিয়ে কোনোপ্ৰকাৰে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰে। দীপিক কুমাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ফুল কুমাৰী নামৰ এজনী ছোৱালী। ভাৰতৰ এখন গাঁৱত বাস কৰা এইজনী ছোৱালী, যি কেতিয়াও নিজৰ গাঁৱৰ পৰা ওলাই অহা নাছিল কিন্তু বিয়াৰ পিছত প্ৰথম বাহিৰলৈ আহি হেৰাই যায়। আনজনী হৈছে স্বাধীন হ’ব বিচৰা জয়া। দুয়োজনীৰে বিয়া হয় যদিও জয়াই সপোন পূৰণৰ আশা এৰা নাছিল। দুয়ো একেখন ৰে’লতে শহুৰেকৰ ঘৰলৈ ৰাওনা হয়। তাৰ পিছত ইয়াৰ পৰাই আচল কাহিনী আৰম্ভ হয়।

নাৰী সম্পৰ্কীয় বহু সৰু-ডাঙৰ বিষয়ক লঘুভাৱে উপস্থাপন কৰা হৈছে ছবিখনে। যৌতুক ব্যৱস্থা, নাৰীৰ স্বাধীনতা, নাৰীক বাহিৰলৈ যাবলৈ নিদিয়া, নাৰীৰ প্ৰতি পুৰুষৰ মনোভাৱ। এনে বহু গুৰুত্বপূৰ্ণ বিষয় ছবিখনত অতি আকৰ্ষণীয় ৰূপত দেখুওৱা হৈছে।

‘লাপটা লেডিজ’ৰ ষ্টাৰকাষ্ট

‘লাপটা লেডিজ’ত মুখ্য চৰিত্ৰত দেখা গৈছে নিতাংশী গোৱেল, প্ৰতিভা ৰন্তা, স্পৰ্শ শ্ৰীবাস্তৱ, ৰবি কিষণৰ দৰে অভিনেতা। ইয়াৰোপৰি ভাস্কৰ ঝা, দুৰ্গেশ কুমাৰ, গীতা আগৰৱালা, পংকজ শৰ্মা, ৰচনা গুপ্তা, আবিৰ জৈন, কীৰ্তি জৈন, দাউদ হুছেইন আদি অভিনেতাকো ছবিখনত দেখা যায়।

এই ছবিখনৰ কাহিনী বিব্পল গোস্বামীৰ আৰু ইয়াৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছে স্নেহা দেশাই। ছবিখনত সংগীত দিছে ৰাম সংপথ। গীতৰ কথা হৈছে গীতিকাৰ স্বানন্দ কিৰকিৰে, প্ৰশান্ত পাণ্ডে আৰু দিব্যান্ধি শৰ্মা।

কেতিয়া হ’ব অস্কাৰ ২০২৫?

অহা বছৰ ২ মাৰ্চত হলিউডৰ অভেচনৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ’ব ৯৭ সংখ্যক অস্কাৰ এৱাৰ্ড। এবিচি চেনেলত লাইভ প্ৰচাৰ কৰা হ’ব। সন্ধিয়া ৪ বজাৰ পৰা (স্থানীয় সময় অনুসৰি) আৰম্ভ হ’ব এই অনুষ্ঠান।

 

Latest News