অস্কাৰ ২০২৫ৰ দৌৰত ‘লাপাটা লেডিজ’ৰ যাত্ৰা সমাপ্ত, এইসমূহ ছবিয়ে দেশলৈ আনিব পাৰে ভাল খবৰ…
আমিৰ খান আৰু কিৰণ ৰাওৰ যুটীয়া উদ্যোগৰ অধীনত নিৰ্মিত 'লাপাটা লেডিজ'ক দেশবাসীৰ উচ্চ প্ৰত্যাশা আছিল। কিন্তু ভাৰতীয় ছবিখনে একাডেমী বঁটা ২০২৫ ৰ শীৰ্ষ ১৫ খন আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্মৰ তালিকাত স্থান লাভ কৰিব নোৱাৰিলে। এই খবৰৰ পাছতে আশাহত হৈছে দেশৰ চলচ্চিত্ৰ প্ৰেমীসকল।
ভাৰতীয় চলচ্চিত্ৰ উদ্যোগলৈ এটা দুঃখবৰ। অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল আমিৰ খানৰ ছবি ‘লাপাটা লেডিজ’। কিৰণ ৰাও আৰু আমিৰ খানৰ ছবিখনে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা ঘোষণা কৰা আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত স্থান লাভ কৰাত ব্যৰ্থ হয়। এই খবৰৰ পাছতে আশাহত হৈছে দেশৰ চলচ্চিত্ৰ প্ৰেমীসকল। কিন্তু আশা এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। আন্তৰ্জাতিক শ্ৰেণীত ইউকেৰ পৰা তালিকাভুক্ত হৈছে ভাৰতৰ কাহিনী ‘সন্তোষ’ । কিন্তু ব্ৰিটিছ-ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্ধ্যা চুৰিৰ ছবিখনে অস্কাৰত ভাৰতক নহয়, ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰিব। ‘সন্তোষ’ৰ উপৰিও, ‘অনুজা’ নামৰ এগৰাকী ভাৰতীয় ছোৱালীৰ ওপৰত নিৰ্মিত এখন চলচ্চিত্ৰক অস্কাৰ ২০২৫ৰ চুটি চলচ্চিত্ৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে।
সন্তোষৰ উপৰিও ১৫ খন আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্মৰ তালিকাত ভিতৰত আছে “এমিলিয়া পেৰেজ” (ফ্ৰান্স), “আই এম ষ্টিল হেয়াৰ” (ব্ৰাজিল), ৱেভছ (চেক ৰিপাব্লিক), “দ্য গাৰ্ল উইথ দা নিডল” (ডেনমাৰ্ক), “ইউনিভাৰ্চেল লেংগুৱেজ” (কানাডা) আৰু “দ্য চিড অফ দ্য চেক্ৰেড ফিগ” (জাৰ্মানী)।
শ্বাহনা গোস্বামীৰ ছবি ‘সন্তোষ’
‘সন্তোষ’ ছবিখনত শ্বাহনা গোস্বামীক এজন আৰক্ষী বিষয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। অস্কাৰ ২০২৫ ৰ বাবে তালিকাভুক্ত হোৱাৰ পিছত শ্বাহনা গোস্বামীয়ে ইনষ্টাগ্ৰাম হেণ্ডেলত আনন্দ প্ৰকাশ কৰি লিখিছে, “মই মোৰ গোটেই দলটোৰ বাবে আৰু বিশেষকৈ আমাৰ চলচ্চিত্ৰখনৰ লেখক-পৰিচালক সন্ধ্যা চুৰিৰ বাবে অত্যন্ত সুখী। ৮৫ খন ছবিৰ ভিতৰত, অস্কাৰৰ বাবে তালিকাভুক্ত হোৱাটো গৌৰৱৰ বিষয়। এই ছবিখন পচন্দ কৰা, সমৰ্থন কৰা আৰু ভোট দিয়া সকলোকে ধন্যবাদ।”
‘অনুজা’ৰ নিৰ্মাতাসকলে কি ক’লে?
চুটি ছবি ‘অনুজা’ৰ নিৰ্মাতাসকলেও ইনষ্টাগ্ৰামত তেওঁলোকৰ সুখ প্ৰকাশ কৰি লিখিছে যে ,এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। আমি আমাৰ ছবিখনৰ দুই তাৰকা, সাজদা পাঠান আৰু অনন্যা শানবাগক লৈ গৌৰৱান্বিত। ভাৰতীয় বংশোদ্ভূত এগৰাকী বিখ্যাত হলিউড অভিনেত্ৰী মিণ্ডি কলিংয়ে ‘অনুজা’ৰ যথেষ্ট প্ৰশংসা কৰিছিল। যদিও ‘অনুজা’ ভাৰতত দৃশ্যগ্ৰহণ কৰা এটা কাহিনী, ইয়াক ভাৰত-আমেৰিকান প্ৰযোজনাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এতিয়া ‘সন্তোষ’ আৰু ‘অনুজা’ৰ মাজত কোনখন ছবিয়ে অস্কাৰ আঁজুৰি আনিব পাৰিব, এয়া আকৰ্ষণীয় হ’ব।