ঘোষণা হ’ল ৯৭ সংখ্যক অস্কাৰ বঁটাঃ চাওক কোন শিতানত কোনে জিনিলে অস্কাৰ…
আজি পুৱা লছ এঞ্জেলছৰ হলীউডৰ ডলবি থিয়েটাৰত এই ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে। এইবাৰ এই অনুষ্ঠানৰ সঞ্চালকৰ ভূমিকাত দেখা যায় কনন অ’ব্ৰাইনক। ইতিমধ্যে অনুষ্ঠানত বহুকেইটা শিতানৰ বঁটা প্ৰদান কৰা হৈছে।

আমেৰিকাৰ লছ এঞ্জেলছত আজি অনুষ্ঠিত হৈছে ছবি জগতৰ আটাইতকৈ সন্মানীয় বঁটা অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। আজি পুৱা লছ এঞ্জেলছৰ হলীউডৰ ডলবি থিয়েটাৰত এই ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে। এইবাৰ এই অনুষ্ঠানৰ সঞ্চালকৰ ভূমিকাত দেখা যায় কনন অ’ব্ৰাইনক। ইতিমধ্যে অনুষ্ঠানত বহুকেইটা শিতানৰ বঁটা প্ৰদান কৰা হৈছে। এই ৯৭ সংখ্যক একাডেমী বঁটাত এনিমেটেড ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হৈছে জিন্টছ জিলবালোডিচৰ পৰিচালনাত নিৰ্মিত ফ্ল’ ছবিখন।
ইফালে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হলিউডৰ অভিনেতা কিয়ৰন কাল্কিনে। একেদৰে জ’ চলডানাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। ডকুমেণ্টৰী ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ন’ আদাৰ লেণ্ড ছবিয়ে। চাওঁ আহক আন আন শিতানৰ বঁটা বিজয়ীসকলৰ তালিকা-
শ্ৰেষ্ঠ একচন লাইব চৰ্ট ফিল্মঃ আই এম নট এ ৰবট
শ্ৰেষ্ঠ ইণ্টাৰনেচনেল ফিচাৰ ফিল্মঃ আই এম ষ্টিল হিয়েৰ
শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফীঃ দ্য ব্ৰুটেলিষ্ট
ডকুমেণ্টৰী ফিচাৰ ফিল্মঃ ন’ আদাৰ লেণ্ড
ডকুমেণ্টৰী চৰ্ট ফিল্মঃ দ্য অনলী গাৰ্ল ইন দ্য অৰ্কেষ্টা
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ জ’ চলডানা। (এমিলিয়া পেৰেজ)
শ্রেষ্ঠ সহযোগী অভিনেতাঃ কিয়ৰন কাল্কিন (দ্য ৰিয়েল ৰেইন)
শ্ৰেষ্ঠ চিত্ৰনাট্যঃ অনোৰা (চিন বেকাৰ)
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যঃ কনক্লেভ
শ্ৰেষ্ঠ এনিমেটেড চৰ্ট ফিল্মঃ ইন দ্য শ্বেড’ অৱ চাইপ্ৰেছ
শ্রেষ্ঠ মৌলিক গানঃ মি কেমিনো (এমিলিয়া পেৰেজ)
শ্ৰেষ্ঠ শব্দঃ ড্যুন- পাৰ্ট ২
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইনঃ পল তাজেৱেল (উইকেড)
শ্ৰেষ্ঠ মেকআপঃ দ্য চাবষ্টেঞ্চ
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনঃ উইকেড
শ্ৰেষ্ঠ ছবি সম্পাদনাঃ অনোৰা
শ্ৰেষ্ঠ ভিএফএক্সঃ ড্যুন- পাৰ্ট ২