শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pariksha Pe Charcha: মানসিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি নিজৰ দুৰ্বলতালৈ…দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে বিশেষ টিপছ

Pariksha Pe Charcha: দীপিকা পাডুকনে যেতিয়াই সুযোগ পায় তেতিয়াই মানুহক মানসিক স্বাস্থ্যৰ বিষয়ে সজাগ কৰা দেখা যায়। ‘পৰীক্ষা পে চৰ্চা ২০২৫’ৰ দ্বিতীয় খণ্ডত দীপিকাই শিশুৰ সৈতে মানসিক স্বাস্থ্য আৰু হতাশাৰ দৰে বিষয়বোৰ মুকলিকৈ আলোচনা কৰাৰ লগতে তেওঁলোকক কিছুমান টিপছৰ কথা উল্লেখ কৰিছে।

Pariksha Pe Charcha: মানসিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি নিজৰ দুৰ্বলতালৈ…দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে বিশেষ টিপছ
দীপিকা পাডুকন
trishna-kalita
Trishna Kalita | Updated On: 13 Feb 2025 10:35 AM

দীপিকা পাডুকনে প্ৰায়ে মানসিক স্বাস্থ্য সন্দৰ্ভত কথা কোৱা দেখা যায়। ‘পৰীক্ষা পে চৰচা ২০২৫’ৰ দ্বিতীয় খণ্ডত দীপিকাক পুনৰবাৰ শিক্ষাৰ্থীৰ সৈতে মানসিক স্বাস্থ্যৰ ওপৰত কথা পতা দেখা গৈছে। বৰ্তমান মুকলি কৰা হৈছে ইয়াৰ সম্পূৰ্ণ খণ্ডটো। এই খণ্ডটোৰ এটা প্ৰম’ ১১ ফেব্ৰুৱাৰীত শ্বেয়াৰ কৰা হৈছিল। দীপিকাই নিজেই এই খণ্ডটোৰ ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। এই খণ্ডটোত শিক্ষাৰ্থীসকলে সোধা সকলো প্ৰশ্নৰ উত্তৰ দীপিকাই অতি সৰল ৰূপত দিছে।

দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘পৰীক্ষা পে চৰচা’ৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীক শিক্ষাৰ্থীসকলৰ সৈতে কিছুমান এক্টিভিটি কৰা দেখা গৈছে । ভিডিঅ’টোত শিশুসকলক কলম আৰু কাগজ দিয়া হয় আৰু তেওঁলোকৰ এটা শক্তিৰ লিখিবলৈ কোৱা হয়। অৰ্থাৎ  কাৰোবাৰ জীৱনৰ এনে এক শক্তি যিসকলৰ অধিক  আছে তেন্তে তেওঁ সেইবোৰৰ বিষয়েও লিখিব পাৰে। সকলো শিক্ষাৰ্থীক এটা এটাকৈ নিজৰ শক্তিবোৰ লিখি সন্মুখৰ ব’ৰ্ডখনত লগাই দিয়ে।

দীপিকাই নিজেই এই কাৰ্যকলাপত অংশ লয় আৰু তেওঁৰ এটা শক্তিৰ কথা লিখে। দীপিকাই সকলো শিক্ষাৰ্থীক এই কাম কৰাৰ আঁৰৰ কাৰণটোও ক’লে যে এই কামৰ জৰিয়তে আপুনি কেৱল নিজৰ শক্তিৰ কথাহে চিন্তা কৰিব, নিজৰ দুৰ্বলতাৰ কথা নহয়। আপুনি উপলব্ধি কৰিব যে আপুনি নিজক কামত কিমান ভাল। এই ভিডিঅ’টোৰ কেপচনত দীপিকাই লিখিছে, ‘পৰীক্ষা পে চৰ্চা’ ছিজন 8।এই অভিজ্ঞতাই মোক দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে গুণগত সময় কটাবলৈ, মানসিক স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিবলৈ আৰু তেওঁলোকৰ সৈতে ছাত্ৰ হিচাপে মোৰ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ সুযোগ দিলে।”

প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই দীপিকাই লিখিছে, এই কাৰ্যৰ প্ৰতি আপোনাৰ দায়বদ্ধতাৰ বাবে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ। দীপিকাই যেতিয়াই সুযোগ পায় তেতিয়াই মুকলিকৈ মানসিক স্বাস্থ্যৰ কথা কয়। এই খণ্ডটোত তেওঁ এইটোও কৈছিল যে, তেওঁ ডিপ্ৰেছনত থকাৰ কথা প্ৰথমে উপলব্ধি কৰিছিল যেতিয়া তেওঁৰ মা ঘৰত নাছিল আৰু তেওঁ জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছিল। তেওঁ অকলে বহুত কান্দিছিল। অৱশ্যে ডিপ্ৰেছনক পৰাস্ত কৰাৰ পিছত তেওঁ এই বিষয়ে মুকলিকৈ ক’বলৈ আৰম্ভ কৰিলে আৰু লগতে মানুহক মানসিক স্বাস্থ্যৰ সন্দৰ্ভত টিপছ দিবলৈ আৰম্ভ কৰিলে।