অবিশ্বাস্য আৰু দুখজনক! আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰশ্মিকা মান্ধানাৰ
আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ প্ৰসঙ্গত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুষ্পাত অভিনেতাগৰাকীৰ বিপৰীতে অভিনয় কৰা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্ধানায়ো। আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক অবিশ্বাস্য আৰু দুখজনক বুলি অভিহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। এক টুইট যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী ৰশ্মিকা মান্ধানাই এই ঘটনাক বিশ্বাস কৰিব পৰা নাই বুলি উল্লেখ কৰে।
বক্স অফিচত অভূতপূৰ্ব সাফল্যৰে অভিলেখৰ পিছত অভিলেখ ৰচিছে পুষ্পা ২এ। এই সাফল্যৰ সময়তে আজি আকস্মিকভাৱে হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক। পুষ্পা ২ৰ মুক্তিৰ আগদিনা হায়দৰাবাদত সংঘটিত হোৱা শোকাৱহ ঘটনাৰ বাবে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে। ইয়াৰ পিছতে অভিনেতাগৰাকীক আদালতত হাজিৰ কৰা হয়। নিম্ন আদালতে আল্লু অৰ্জুনক প্ৰথমে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
অৱশ্যে নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে আল্লু অৰ্জুন তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু আদালতে অভিনেতাগৰাকীক সকাহ প্ৰদান কৰি অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এই সমগ্ৰ ঘটনাই দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অনুৰাগী তথা সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি ছবিজগতৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনকো এই ঘটনাই জোকাৰি তোলে। ঘটনাক কেন্দ্ৰ কৰি বহু লোকে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুষ্পাত আল্লু অৰ্জুনৰ বিপৰীতে অভিনয় কৰা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্ধানায়ো। আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক অবিশ্বাস্য আৰু দুখজনক বুলি অভিহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। এক টুইট যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী ৰশ্মিকা মান্ধানাই কয়, “মই এতিয়া যি দেখিছো, সেয়া বিশ্বাস কৰিব পৰা নাই।“
হায়দৰাবাদত সংঘটিত হোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু শোকাৱহ আছিল বুলি উল্লেখ কৰি ৰশ্মিকা মান্ধানাই লগতে এই ঘটনাৰ বাবে এজন ব্যক্তিৰ ওপৰত সকলোবোৰ দোষ জাপি দিয়াটো হতাশাজনক বুলিও লগতে কয়। “এই পৰিস্থিতিটো অবিশ্বাস্য আৰু দুখজনক।”- পোষ্টটোত এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে। ৰশ্মিকা মান্ধানাৰ এই পোষ্টটোৰ সমৰ্থনত অনুৰাগীসকলে বিভিন্ন ধৰণে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে।
I can’t believe what I am seeing right now..
The incident that happened was an unfortunate and deeply saddening incident.
However, it is disheartening to see everything being blamed on a single individual. This situation is both unbelievable and heartbreaking.
— Rashmika Mandanna (@iamRashmika) December 13, 2024
উল্লেখ্য যে সম্প্ৰতি ছবিগৃ্হত দৰ্শনী চলি থকা বহু প্ৰতীক্ষিত পুষ্পা ২ ছবিখনে ৫ ডিচেম্বৰত ছবিগৃ্হত মুক্তিলাভ কৰিছিল। ছবিখনৰ মুক্তিৰ আগদিনা অৰ্থাৎ ৪ ডিচেম্বৰত হায়দৰাবাদস্থিত সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰিমিয়াৰ শ্ব’ৰ সময়তে সেই স্থানত উপস্থিত হৈছিল আল্লু অৰ্জুন। ইফালে প্ৰিয় তাৰকাগৰাকীক সন্মুখৰ পৰা দেখা পোৱাৰ তাগিদাত হলৰ বাহিৰত সমবেত হৈছিল খু অনুৰাগী।
বৃ্হৎ হাৰত অনুৰাগীৰ উপস্থিতিত সেই স্থানত সএইষ্টি হোৱা ঠেলা-হেঁচাৰ ফলত পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ। লগতে মহিলাগৰাকীৰ কিশোৰ পুত্ৰও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছতে লাভ কৰা অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিপক্ষে এক গোচৰ ৰুজু কৰিছিল। এই অভিযোগৰ আধাৰতে আজি হায়দৰাবাদ আৰক্ষীয়ে অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।