Pushpa 2 Box Office Collection: ‘পুষ্পা ২’য়ে কঁপাইছে বক্স অফিচ, মুক্তিৰ ১৫ দিনৰ পাছতো গঢ়িলে নতুন অভিলেখ!
Pushpa 2 Box Office Collection Day 15: সকলোকে অতিক্ৰম কৰি ধুমুহাত গতিত আগবাঢ়ি আছে আল্লু অৰ্জুনৰ 'পুষ্পা ২'ৰ । ছবিখনৰ উপাৰ্জনৰএই গতিয়ে 'পুষ্পা ২'ৰ টীমটোক সুখী কৰি তুলিছে। ইফালে, ছবিখনৰ প্ৰকাশ পাইছে ১৫তম দিনৰ উপাৰ্জনৰ পৰিসংখ্যা।
বক্স অফিচৰ নিৰন্তৰ গতিত বলিয়ে আছে পুষ্পা ২’ৰ ধুমুহা। মাত্ৰ ১৫ দিনৰ ভিতৰতে আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ ‘পুষ্পা ২’য়ে বহুতো ডাঙৰ ডাঙৰ হিন্দী ছবিৰ অভিলেখ ভংগ কৰিছে। আজি ‘পুষ্পা ২’ৰ মুক্তিৰ ১৬তম দিন। এনে পৰিস্থিতিত, ‘পুষ্পা 2’ৰ ১৫তম দিনৰ অৰ্থাৎ তৃতীয় বৃহস্পতিবাৰৰ বক্স অফিচৰ উপাৰ্জন প্ৰকাশ পাইছে। ছবিখনে ১৫তম দিনটোত যথেষ্ট ধন উপাৰ্জন কৰিছে। যাৰ ফলত ‘পুষ্পা 2’ ভাৰতত ১০০০কোটিৰ ঘৰলৈ আৰু এখোজ ওচৰ চাপি আহিছে।
৫ ডিচেম্বৰত মুক্তি পোৱা ‘পুষ্পা ২’য়ে মুক্তিৰ প্ৰথম দিনৰ পৰাই বক্স অফিচত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে। প্ৰথম দিনৰ পৰাই ‘পুষ্পা ২’য়ে ভংগ কৰিছে বহুতো ৰেকৰ্ড । চাকনিলকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, আল্লু অৰ্জুনৰ ‘পুষ্পা 2’য়ে ১৫তম দিনটোত সৰ্বাধিক ১৭.৭৫ কোটি টকা উপাৰ্জন কৰিছে। দ্বিতীয় সপ্তাহৰ বিষয়ে ক’বলৈ গ’লে, ‘পুষ্পা 2’য়ে দ্বিতীয় সপ্তাহত ২৬৪.৯ কোটি সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও, ভাৰতত ‘পুষ্পা 2’ৰ মুঠ উপাৰ্জন এতিয়ালৈকে ৯৯০.৭ কোটিত উপনীত হৈছে।
১৫ তম দিনটোত ‘পুষ্পা ২’য়ে কিমান কোটি উপাৰ্জন কৰিছিল?
১৫তম দিনটোত, ‘পুষ্পা 2’য়ে তেলেগুত ২.৭৫ কোটি, হিন্দী ভাষাত ১৪ কোটি, তামিল ভাষাত ০.৮ কোটি, কানাড়া ভাষাত ০.১৩ কোটি আৰু মালায়ালম ভাষাত ০.০৭ কোটি সংগ্ৰহ কৰিছে। অৰ্থাৎ, ‘পুষ্পা 2’ হিন্দী ভাষাত ধাৰাবাহিকভাৱে সৰ্বাধিক উপাৰ্জনকাৰী ছবি। হিন্দীত ‘পুষ্পা ২’ৰ মুঠ সংগ্ৰহ ৬২১.৬ কোটিত উপনীত হৈছে। পুষ্পা ২’ হিন্দী ভাষাত ৬০০ কোটিৰ সীমা অতিক্ৰম কৰা দ্ৰুততম ছবিত পৰিণত হৈছে।
‘পুষ্পা ২’ কেতিয়া ১০০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিব?
একে সময়তে, হিন্দী ভাষাত আল্লু অৰ্জুনৰ ছবিখনে শ্বাহৰুখ খানৰ পাঠান আৰু জৱান, ৰণবীৰ কাপুৰৰ এনিমেল, ছানী দেউলৰ গদাৰ ২ আৰু শ্ৰদ্ধা কাপুৰৰ স্ত্ৰী ২ক অতিক্ৰম কৰিছে। একেদৰে, চাউথ চিনেমাৰ আৰআৰআৰ, কল্কি 2898 এডি, ছালাৰৰ দৰে ছবিকো উপাৰ্জনৰ ক্ষেত্ৰত ‘পুষ্পা 2’য়ে পৰাস্ত কৰিছে। আল্লু অৰ্জুনৰ ছবিখনে আজি অৰ্থাৎ ১৬তম দিনা ভাৰতত সহজে ১০০০ কোটিৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ লগে লগে, ‘পুষ্পা 2’ ভাৰতৰ প্ৰথমখন ছবি হ’ব, যিয়ে ভাৰতত ১০০০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
লগতে পঢ়ক: অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিল মৰমৰ ‘জানমণি’! সামাজিক মাধ্যমযোগে দিলে ভাল খবৰ…