মুকলিৰ পূৰ্বে ‘পুষ্পা 2’ৰ খলকনি! ১৮ মিনিটৰ বাবে খৰচ কৰিলে ৭৫ কোটি টকা!
Pushpa 2: আল্লু অৰ্জুনৰ ছবি 'পুষ্পা 2' মুক্তিলৈ মাজত এমাহৰো কম সময় বাকী আছে। এতিয়াও ছবিখনৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত নিয়োজিত হৈ আছে নিৰ্মাতাসকল। যিবোৰ কাম অতি সোনকালেই সমাপন কৰা হ'ব। ৫০০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনৰ ৰিহাৰ্চেলৰ নামত নিৰ্মাতাসকলে খৰচ কৰিছে কোটি কোটি টকা ।
বৃহৎ বাজেটত প্ৰস্তুত কৰা হৈছে আল্লু অৰ্জুনৰ ‘পুষ্পা 2’ । কেৱল এয়াই নহয়, এই ছবিখনক লৈ চৌদিশে চৰ্চা চলিছে। সকলোৱে ছবিখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। ছবিখনৰ জৰিয়তে দৰ্শকক প্ৰত্যাশা পূৰণ কৰাৰ বাবে নিৰ্মাতাসকলে শেষলৈকে প্ৰতিটো দৃশ্য নিখুঁতভাৱে ৰূপায়ন কৰিবলৈ চেষ্টা চলাই আছে। ৫ ডিচেম্বৰত ছবিগৃহলৈ আহিব ছবিখন। ইফালে এক নতুন খবৰ পোহৰলৈ আহিছে যে নিৰ্মাতাসকলে ১৫-১৮ মিনিটৰ জাথাৰা ছিকুয়েন্সৰ বাবে ৭৫ কোটি টকা ব্যয় কৰিছে।
জানিব পৰা মতে পুষ্পা ২’ৰ বাজেট ৫০০ কোটি টকা। প্ৰথম অংশৰ তুলনাত এই ছবিখন অতি আকৰ্ষণীয় হ’ব। ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা কিলি ক্ৰান্তিয়ে প্ৰযোজনাটোৰ বিষয়ে কিছু উন্মোচন কৰিছে। য’ত জাথাৰা ছিকুয়েন্সৰ বাবে ৭৫ কোটি টকা খৰচ কৰা নিৰ্মাতাসকলে এক্সৱেল ছিকুয়েন্সৰ বাবে ৬০ কোটি টকা আৰু ৰিহাৰ্চেলৰ বাবে ১৪ কোটি টকা ধাৰ্য কৰিছিল।
অভিনেতাজনে লগতে কৈছিল যে ‘পুষ্পা 2’ৰ জাথাৰা ছিকুয়েন্সৰ মুখ্য আকৰ্ষণ হ’ব। ইয়ৈৰ এটা ছিকুয়েন্স ব্যয় কৰা পৰিমাণ বহুতো মধ্য-পৰিসৰৰ চলচ্চিত্ৰতকৈ অধিক। তেওঁ এই চলচ্চিত্ৰখনৰ আঁৰৰ দৃষ্টিভংগীৰ বিষয়ে কয় য়ে, এই ছিকুয়েন্সে ছবিখনক সমগ্ৰ ভাৰতৰ ব্লকবাষ্টাৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। এই ছবিখনত যথেষ্ট বিনিয়োগ কৰিছে নিৰ্মাতাসকলে ।
এই ছিকুয়েন্সে সম্পৰ্কে তেতিয়াই জনা গৈছিল যেতিয়া নিৰ্মাতাসকলে টিজাৰত কেৱল জাথাৰাৰ লুক দেখুৱাইছিল। য’ত আল্লু অৰ্জুনৰ শৈলী আৰু এক্সনে অনুৰাগীসকলক সুখী কৰছিল। ইফালে ছবিখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে অনুৰাগীৰ উত্তেজনা বৃদ্ধি হৈ আহিছে।
ট্ৰেইলাৰ কেতিয়া আহিব?
আল্লু অৰ্জুনৰ ছবিখনৰ ট্ৰেইলাৰ ১৭ নৱেম্বৰত মুকলি কৰা হ’ব। ইয়াৰ পিছত, গোটেই দলটোৱে একেলগে ছবিখনৰ প্ৰচাৰৰ কৰাম আৰম্ভ কৰিব। বৰ্তমান, প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ৰশ্মিকা মান্দন্নায়ো দৃশ্যগ্ৰহণৰ অংশ সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ, দেখা গৈছিল যে বিকি কৌশলে তেওঁৰ ছবি ‘ছভা’ৰ মুক্তিৰ দিন পিছুৱাই দিছে। বৰ্তমান, নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। কিন্তু পুষ্পৰাজৰ মুখামুখি হ’বলৈ কোনেও সাজু নহয়।