এফালে পিতৃৰ মৃত্যুৰ খবৰ, আনফালে মঞ্চত পুত্ৰৰ অভিনয়, ৰাজলক্ষ্মী থিয়েটাৰৰ অভিনেতা চন্দন ডেকাৰ অতুলনীয় কৰ্তব্যনিষ্ঠা
প্ৰায়ে থিয়েটাৰকলৈ বিভিন্ন বিতৰ্ক হোৱা দেখা যায়। কৰোবাত যদি নৃত্যৰ সময়ত অভিনেত্ৰী বাগৰিছে আন কৰোবাত অভিনেতা। কিন্তু এইবাৰ পিতৃৰ বিয়োগৰ সময়ত বিষাদৰ চকুপানীবোৰ ধৰি ৰাখি হাঁহি হাঁহি দৰ্শকক আমোদ দি চৰ্চালৈ আহিছে অভিনেতা চন্দন ডেকা।
এজন অভিনেতা হোৱাটো সহজ নহয়। তাতে আকৌ এজন থিয়েটাৰৰ অভিনেতা হ’বলৈ তাতকৈ অধিক কষ্ট কৰিব লাগে। বুকুত এসাগৰ দুখ লৈও কেতিয়াবা এজন থিয়েটাৰৰ শিল্পীয়ে সংলাপ প্ৰক্ষেপণ কৰিব লাগে।
প্ৰায়ে থিয়েটাৰকলৈ বিভিন্ন বিতৰ্ক হোৱা দেখা যায়। কৰোবাত যদি নৃত্যৰ সময়ত অভিনেত্ৰী বাগৰিছে আন কৰোবাত অভিনেতা। মুঠৰ ওপৰত ক’বলৈ গ’লে ইটোৰ পিছত সিটো সমস্যাই লগনেৰে।
কিন্তু এইবাৰ কোনো অভিনেতা বা অভিনেত্ৰী মঞ্চৰ পৰা বাগৰি পৰা ঘটনা নহয়। পিতৃৰ মৃতদেহ হাস্পতালত থকাৰ সময়ত অভিনয় কৰিবলৈ সাহস কৰিছিল অভিনেতা চন্দন ডেকাই। নিয়তিৰ পৰিহাস, অৱশেত নাটকৰ মাজতে খবৰ আহিল পিতৃৰ মৃত্যুৰ। দুখৰ সময়তো সুখৰ অভিনয় কৰি দৰ্শকক আমোদ দিলে অভিনেতাজনে। পিতৃৰ মৃত্যুৰ খবৰৰ পিছতো, একমাত্ৰ নাটক উপভোগ কৰিব ৰৈ থকা দৰ্শকৰ বাবেই বুকুত এসাগৰ দুখ লৈ , বিষাদৰ চকুপানীবোৰ ধৰি ৰাখি হাঁহি হাঁহি হ’লেও সংলাপ প্ৰক্ষেপণ কৰে অভিনেতাজনে। পিতৃৰ নশ্বৰ দেহ নিঠৰ হৈ ৰৈ আছে নিজ পুত্ৰলৈ… কেতিয়া চিতাত তুলিব আৰু পুত্ৰই সংসাৰৰ পৰা মুক্তি দিব। কিন্তু সেইসময়ত দৰ্শকক নিৰাশ নকৰি সুন্দৰকৈ অভিনয় কৰি গ’ল । ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন,ত্যাগ, কষ্ট আৰু দায়বদ্ধতাৰ ভিতৰত থাকে। এয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন।
নাটক শেষ হোৱাৰ পিছত চন্দন ডেকাৰ পিতৃক সকলোৱে শ্ৰদ্ধা জনাই আৰু দৰ্শককো সকলো কথা বিৱৰি কয় চম্পক শৰ্মাই। ৰাজলক্ষ্মী থিয়েটাৰৰ অভিনেতা চন্দন ডেকাৰ অতুলনীয় কৰ্তব্যনিষ্ঠাক সকলোৱে শলাগ লৈছে।
এই ভিডিঅ’টো সামাজিক মাধ্যমত সকলোৱে শ্বেয়াৰ কৰি শান্তনা দিছে চন্দন ডেকাক। ৰাজলক্ষ্মী থিয়েটাৰৰ এই বৰ্ষৰ নায়ক আছিল চন্দন ডেকা।কিন্তু তেওঁৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা হিচাপে পিতৃ বিয়োগৰ দিনাও মঞ্চত হাঁহি,নাচি,ৰোমাঞ্চ কৰি অভিনয় কৰিবলগীয়া হৈছে। নাটক শেষ কৰি পিতৃক মুখাগ্নি কৰি পুত্ৰৰ ধৰ্মও পালন কৰিছে চন্দনে। কিন্তু তেওঁ আকৌ নিজক সাহসী কৰি দৰ্শকৰ বাবে মঞ্চলৈ ঘুৰি আহিব লাগিব।
থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হয়।