শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মনত আছেনে দূৰদৰ্শনৰ ৰামায়ণৰ কথা? পুনৰাই আৰু দেখা নাপাব ৰামায়ণৰ এইকেইজন অভিনেতাক…

আজিও দেশবাসীৰ মাজত জনপ্ৰিয় হৈ আছে দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক ‘ৰামায়ণ’ আৰু তাৰ সমান্তৰালকৈ দৰ্শকৰ মনত নিগাজী হৈ পৰিছে চৰিত্ৰসমূহো। পিছে ৰামায়ণত অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুওৱা কেইগৰাকীমান অভিনেতা-অভিনেত্ৰীয়ে চিৰজীৱনৰ বাবে চকু মুদিছে। চাওঁ আহক এই বিষয়ে।

মনত আছেনে দূৰদৰ্শনৰ ৰামায়ণৰ কথা? পুনৰাই আৰু দেখা নাপাব ৰামায়ণৰ এইকেইজন অভিনেতাক…
জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ
monjit-dutta
Monjit Dutta | Updated On: 06 Apr 2025 23:28 PM

আজি দেশৰ ভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ৰাম নৱমী। হিন্দু ধৰ্মত ভগৱান হিচাপে গণ্য কৰা ৰামচন্দ্ৰৰ সৈতে জড়িত এই বিশেষ দিনটোত ভক্তিৰসত নিমজ্জিত হৈছে ৰামভক্তসকল। ৰাম নৱমী উপলক্ষে দেশৰ ছবিজগতৰ পৰিচিত লোকসকলেও বিশেষ বাণী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। এইখিনিতে উল্লেখনীয় যে ভাৰতৰ ছবিজগততে হওক বা টেলিভিচনতে হওক, ভগৱান ৰামচন্দ্ৰক ওপৰত বহু ছবি, ধাৰাবাহিক বা গীত নিৰ্মাণ কৰা হৈছে। ইয়াৰে অধিকাংশকে দৰ্শক তথা শ্ৰোতাই আদৰি লোৱাও পৰিলক্ষিত হৈছে।

অৱশ্যে এই সকলো সৃষ্টিৰ ভিতৰত বিশেষভাৱে সমাদৃত হৈছিল টেলিভিচনৰ এখন ধাৰাবাহিক। ৰামানন্দ সাগৰৰ ধাৰাবাহিক ‘ৰামায়ণ’- এ যি জনপ্ৰিয়তা লাভ কৰিছিল, সেয়া আজিও অতুলনীয় হৈ ৰৈছে। দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখনে দেশৰ সৰ্বস্তৰৰ লোকৰে মন জয় কৰিছিল। আনকি ধাৰাবাহিকখনত অভিনয় কৰা কলা-কুশলীসকলকো প্ৰকৃত চৰিত্ৰৰ দৰেই জ্ঞান কৰিছিল বহু লোকে।

আজিও দেশবাসীৰ মাজত জনপ্ৰিয় হৈ আছে ৰামায়ণ আৰু তাৰ সমান্তৰালকৈ দৰ্শকৰ মনত নিগাজী হৈ পৰিছে চৰিত্ৰসমূহো। পিছে ‘ৰামায়ণ’ৰ কেইটামান চৰিত্ৰত অভিনয় কৰা কেইজনমান অভিনেতা-অভিনেত্ৰীক আৰু দেখিবলৈ নাপাব দেশবাসীয়ে। ইতিমধ্যে ৰামায়ণত অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুওৱা কেইগৰাকীমান অভিনেতা-অভিনেত্ৰীয়ে চিৰজীৱনৰ বাবে চকু মুদিছে। চাওঁ আহক এই বিষয়ে-

দাৰা সিং (হনুমান)

হনুমানৰ চৰিত্ৰত অভিনয়েৰে সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল দেশৰ এগৰাকী কিংবদন্তি মল্লযুঁজাৰু দাৰা সিঙে। তেওঁ বহু হিন্দী ছবিত কাম কৰিছিল যদিও ১৯৮৭ চনত সম্প্ৰচাৰিত হোৱা ‘ৰামায়ণ’ ধাৰাবাহিকখনেই তেওঁক বিশেষ স্বীকৃতি প্ৰদান কৰিছিল। ২০১২ চনৰ ১২ জুলাইত দাৰা সিঙৰ মৃত্যু হয়।

অৰবিন্দ ত্ৰিবেদী (ৰাৱন)

‘ৰামায়ণ’ত লংকাপতি ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। নিজৰ সপ্ৰতিভ অভিনয়েৰে ৰাৱণৰ চৰিত্ৰটোক জীৱন্ত ৰূপত তুলি ধৰিছিল অভিনেতাগৰাকীয়ে। আজিও ৰাৱণ বুলিলেই হয়তো অধিকাংশ লোকৰ মনতে হয়তো অৰবিন্দ ত্ৰিবেদীয়ে ৰূপায়ণ কৰা চৰিত্ৰটোৰ মুখখনেই ভাহি উঠে। ২০২১ চনৰ ৬ অক্টোবৰত মুম্বাইত তেওঁৰ মৃত্যু হয়।

জয়শ্ৰী গাডকাৰ (কৌশল্যা)

ৰামায়ণত কৌশল্যাৰ চৰিত্ৰত অভিনয় কৰিছিল জয়শ্ৰী গাডকাৰে। এই অভিনেত্ৰীগৰাকীও এতিয়া এই পৃথিৱীত নাই। ২০০৮ চনৰ আগষ্ট মাহত তেওঁৰ মৃত্যু হয়।

মুলৰাজ ৰাজদা (ৰজা জনক)

সীতাৰ পিতৃ ৰজা জনকৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা মুলৰাজ ৰাজদাই। আজিও তেওঁক ৰজা জনকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে স্মৰণ কৰে দৰ্শকসকলে। ২০১২ চন্ৰ ২৩ ছেপ্টেম্বৰত মূলৰাজে শেষ নিশ্বাস ত্যাগ কৰে।

মুকেশ ৰাৱাল (বিভিষণ)

ৰাৱণৰ ভাতৃ বিভিষণৰ চৰিত্ৰত অতি সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল মুকেশ ৰাৱালে। ২০১৬ চনৰ ১৫ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। নিজৰ পুত্ৰ সন্তানৰ মৃত্যুৰ পিছতে তেওঁ মানসিকভাৱে ভাগি পৰিছিল বুলি প্ৰকাশ পাইছিল।

সঞ্জয় জৌগ (ভৰত)

ৰামায়ণত ভগৱান শ্ৰীৰামৰ ভাতৃ ভৰতৰ চৰিত্ৰত অভিনয় কৰা সঞ্জয় জৌগে কম বয়সতে চিৰদিনলৈ চকু মুদিছিল। ১৯৯৫ চনত মাত্ৰ ৪০ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।

বিজয় অৰোৰা (মেঘনাদ)

ৰাৱণৰ পুত্ৰ মেঘনাদৰ চৰিত্ৰত অভিনয় কৰা বিজয় অৰোৰাও এই পৃথিৱীত নাই। ২০০৭ চনত তেওঁ চিৰদিনৰ বাবে বিদায় লৈছিল। মেঘনাদৰ চৰিত্ৰত অভিনয় কৰি বিজয় অৰোৰাই যথেষ্ট প্ৰশংসা বুটলিছিল।

সৰিতা দেৱী (ছাবৰী)

ৰামভক্ত ছাবৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সৰিতা দেৱীও এতিয়া ইহসংসাৰত নাই। ১৯৪৭ চনত অভিনয় জীৱন আৰম্ভ কৰা সৰিতা দেৱীয়ে ছাবৰী চৰিত্ৰৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০০১ চনত তেওঁৰ মৃত্যু হয়।