Ramayana: সম্পূৰ্ণ হৈছে বিশাল বাজেটৰ ছবি ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ! কেতিয়া আহিব ছবিগৃহলৈ?
Ramayana: আহিবলগীয়া প্ৰজেক্ট 'ৰামায়ণ'ৰ বাবে চৰ্চাত আছে ৰণবীৰ কাপুৰ । ছবিখনত ৰণবীৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে ছাই পল্লৱীয়ে মাতা সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। চেতাতকৈও ৰোমাঞ্চকৰ কথাটো হ'ল যে ছবিখনত ছানী দেওলে 'হনুমান' আৰু য়চে 'ৰাৱণ'ৰ চৰিত্ৰত অভিনয় কৰিব।ইফালে দৃশ্যগ্ৰহণ শেষ হোৱাৰ লগে লগে নিৰ্মাতাসকলে ঘোষণা কৰিছে ছবিখনৰ মুক্তিৰ তাৰিখ । চিনেমাখনে কেতিয়া মুক্তিলাভ কৰিব জানক?
দীৰ্ঘদিন ধৰি ‘ৰামায়ণ’ (Ramayana)ৰ কামত ব্যস্ত হৈ আছে নীতেশ তিৱাৰী। য’ত ‘ভগৱান ৰাম’ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু মাতা সীতাৰ চৰিত্ৰত ছাই পল্লৱীক দেখা যাব। বৰ্তমান, ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম আৰম্ভ হৈছে। ছবিখনক লৈ বিভিন্ন সময়ত বিভিন্ন বিষয়ে আপডেট অহা দেখা গৈছে। অৱশেষত আহিছে সেইটো আপডেট যাব বাবে সকলোলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ‘ৰামায়ণ’ৰ দুয়োটা অংশৰ বাবে অনুৰাগীসকলে দীঘলীয়া সময় ধৰি অপেক্ষা কৰিব লাগিব।
ৰণবীৰ কাপুৰৰ ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। দৃশ্যগ্ৰহণৰ আৰম্ভণিতে, ছেটৰ পৰা কিছুমান ফটো ভাইৰেল হৈছিল। যাৰ বাবে নীতেশ তিৱাৰীয়ে ছেটত “ন’ ফোন” নীতি ৰূপায়ণ কৰিব লগা হৈছিল।ইয়াৰ মাজতে নিৰ্মাতাসকলে কৈছে যে ‘ৰামায়ণ’ৰ প্ৰথম অংশ ২০২৬ চনত আহিব। দ্বিতীয় অংশটো ২০২৭ চনৰ দীপাৱলীত দৰ্শকৰ মাজলৈ আহিব। এই দুয়োখন ছবিয়ে দীপাৱলীত মুক্তি পাব।
ৰামায়ণৰ মুক্তিৰ তাৰিখ ঘোষণা
শেহতীয়াকৈ, নমিত মালহোত্ৰাই ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰি ‘ৰামায়ণ’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। তেওঁ লিখিছে: “এক দশকৰো অধিক সময় আগৰে পৰা মই ‘ৰামায়ণ’ক ডাঙৰ পৰ্দালৈ অনাৰ কাম আৰম্ভ কৰিছিলোঁ। যিয়ে ৫ হাজাৰত বছৰতকৈও অধিক সময় ধৰি বহুলোকৰ হৃদয়ত স্থান দখল কৰি আহিছে। আমাৰ দলটোৱে ইয়াৰ ওপৰত কাম কৰি থকা দেখি মই বহুত সুখী। এয়া হৈছে আমাৰ ইতিহাস, সত্য আৰু সংস্কৃতি – আমাৰ ‘ৰামায়ণ’। ইয়াৰ আটাইতকৈ প্ৰামাণিক সংস্কৰণটো সমগ্ৰ বিশ্বৰ লোকসকলৰ আগলৈ আনিবলৈ আমি উৎসাহিত।”
অৱশ্যে, অনুৰাগীসকলে এই ছবিখনৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব। আগতে কোৱা হৈছিল যে ছবিখনৰ পোষ্ট প্ৰডাকচনৰ বাবে এবছৰতকৈ অধিক সময় লাগিব। ইয়াক ভাৰতীয় ছবিজগতৰ আটাইতকৈ ডাঙৰ বাজেটৰ ছবি হিচাপে বৰ্ণনা কৰা হৈছে। যাৰ ওপৰত ৮৩৫ কোটি টকা ব্যয় কৰা হৈছে। য়চে এই ছবিখনৰ সহ-প্ৰযোজনা কৰিছে। একে সময়তে, তেওঁ ৰাৱণৰ চৰিত্ৰতো অভিনয় কৰিছে হৈ পৰিছে। লগতে, ছানী দেওলে ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰিব। প্ৰকৃততে ৰণবীৰ কাপুৰে ছবিখনত এক শক্তিশালী পৰিৱৰ্তন কৰিছিল।
ৰণবীৰ কাপুৰে পৰৱৰ্তী ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে
ৰণবীৰ কাপুৰে ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰাৰ পিছত ‘Love & War’ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ছবিখনৰ প্ৰথম ছিকুৱেন্স মুম্বাইতে দৃশ্যগ্ৰহণ কৰা হ’ব। শীঘ্ৰে ৰণবীৰ কাপুৰে ৫জন অভিনেতাৰ সৈতে এই দৃশ্যটোৰ চিত্ৰগ্ৰহণ কৰিব। বিকি কৌশলেও অহা সপ্তাহৰ পৰা টীমত যোগদান কৰিব।