আদিত্যৰ প্ৰথম বিবাহ ৰাণীৰ কাৰণে বিচ্ছেদ হ'ল ! কি ক'লে ৰাণীয়ে | Rani Mukherjee Was Accused By Many For Breaking The First Marriage Of Present Husband Aditya Chopra Assam news - Assam Tv9

আদিত্যৰ প্ৰথম বিবাহ বিচ্ছেদ ৰাণীৰ কাৰণে হ’ল ! বহু কথা সহ্য কৰিব পৰা নাছিল ৰাণীয়ে

Updated On: 

25 May 2024 20:21 PM

২০১৪ চনৰ ২১ এপ্ৰিলত ৰাণীয়ে আদিত্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠান ইটালীত অনুষ্ঠিত হৈছিল। ৰাণীক বিয়া কৰোৱাৰ আগতে আদিত্যৰ আৰু এখন বিয়া হৈছিল। আদিত্যৰ প্ৰথম পত্নী কোন আছিল? বহুতে কয় ৰাণীৰ বাবে আদিত্যৰ বিবাহ বিচ্ছেদ হৈছিল ।

1 / 7ৰাণী

ৰাণী মুখাৰ্জীয়ে আৰম্ভণিৰে পৰাই নিজৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনক লৈ খুব কম কথা কৈ আহিছে । তেওঁ সদায় নিজৰ কামক প্ৰথম স্থান দি আহিছে। তেওঁৰ শেষৰখন ছবি আছিল ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’। সেই ছবিখন ব্লকবাষ্টাৰ হিট হৈ পৰিছিল।

2 / 7

কন্যা আদিৰাৰ জন্মৰ পিছত ৰাণী বৰ বাচনিশীল হৈ পৰিল। বেছিভাগ সময়তে শিশুটিক সময় দিছিল। তেওঁৰ স্বামী আদিত্য চোপ্ৰা এগৰাকী অতি সফল প্ৰযোজক।

3 / 7

২০১৪ চনৰ ২১ এপ্ৰিলত ৰাণীয়ে আদিত্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠান ইটালীত অনুষ্ঠিত হৈছিল। ৰাণীক বিয়া কৰোৱাৰ আগতে আদিত্যৰ আৰু এখন বিয়া হৈছিল। আদিত্যৰ প্ৰথম পত্নী কোন আছিল? বহুতে কয় ৰাণীৰ বাবে আদিত্যৰ বিবাহ বিচ্ছেদ হৈছিল ।

4 / 7

ৰাণীক বিয়া কৰাৰ আগতে আদিত্যৰ শৈশৱৰ বন্ধু পায়ল খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আদিত্যৰ দৰেই তেওঁও আছিল প্ৰযোজক। পেছাত তেওঁ এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ। আদিত্য-পায়লে মুম্বাইৰ স্কটিছ স্কুলত একেলগে অধ্যয়ন কৰিছিল। আদিত্যৰ মাক-দেউতাকে পায়লক বৰ ভাল পাইছিল।

5 / 7

এই পায়লৰ লগত আদিত্যৰ দাম্পত্য জীৱন ৮ বছৰ। সেই সময়ত ৰাণী চিনেমা উদ্যোগটোত নতুন আছিল। ৰাণীৰ বিষয়ে সেই সময়ত বহু উৰাবাতৰি উলাইছিল । কোৱা হয় যে ৰাণীয়ে ছবিত সুযোগ পাবলৈ প্ৰযোজকৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল । এই কথাবোৰ সহজভাৱে ল'ব পৰা নাছিল ৰাণীয়ে ।

6 / 7

ৰাণীয়ে কয়, "মই এনেকুৱা ছোৱালী নহয় যিয়ে নিজৰ কেৰিয়াৰ স্থাপন কৰিবলৈ প্ৰযোজকৰ সৈতে গোপন সম্পৰ্ক স্থাপন কৰিম । ইমান অস্বস্তিকৰ কথা বন্ধ কৰক। আদিত্যৰ সৈতে সম্পৰ্কত অহাৰ সময়ত মই ছবিত অভিনয় কৰা নাছিলো।"

7 / 7

এই কথাবোৰ ৰাণীয়ে ভাল নাপালে। তেওঁ কয়, "সেই সময়ত আদিত্য অকলে আছিল। তেওঁৰ জীৱনত কোনো নাছিল। সেইবাবেই আমি ডেটিং কৰি ভাল পাইছিলো।"

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?