এলভিছ যাদৱ, সময় ৰাইনা, ৰণবীৰ এলাহাবাদীয়া, আশীষ চাঞ্চলানী… এইসকল জনপ্ৰিয় ইউটিউবাৰৰ মাহিলী উপাৰ্জন কিমান জাননে?
মনোৰঞ্জন আৰু কন্টেন্টৰ নামত অশ্লীলতাক প্ৰচাৰ কৰা ৰণবীৰ এলাহাবাদীয়া আৰু সময় ৰাইনাৰ লগতে এনে বহু ইউটিউবাৰ আছে যাৰ উপাৰ্জন চিকিৎসক আৰু অভিযন্তাৰ তুলনাত বেছি। গতিকে কন্টেন্ট ক্ৰিয়েচনৰ জগতখনত নিজৰ কেৰিয়াৰ গঢ়া দেশৰ এই বিখ্যাত ইউটিউবাৰ সকলে প্ৰতিমাহে কিমান টকা উপাৰ্জন কৰে সেয়া জানো আহক..

ইসকল জনপ্ৰিয় ইউটিউবাৰৰ মাহিলী কিমান টকা উপাৰ্জন কৰে?
সকলো ধৰণৰ মানুহৰ বাবে উৎকৃষ্ট প্লেটফৰ্ম হৈছে ইউটিউব। য’ত শিক্ষাৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন, খাদ্য প্ৰণালী সকলোবোৰ উপলব্ধ। কিন্তু ইউটিউবৰ দৰে ভিডিঅ’ প্লেটফৰ্মক লৈ মানুহ এতিয়া চিন্তিত হৈ পৰিছে। ইউটিউবত বিভিন্ন কন্টেন্টত এনে বহুতো বস্তু আপলোড কৰা হয় যিবোৰক লৈ হয়তো একাংশ লোক সন্তুষ্ট নহয়। এই ক্ষেত্ৰত শেহতীয়াকৈ চৰ্চাত থকা সময় ৰাইনা, এলভিছ যাদৱ, ৰণবীৰ এলাহাবাদীয়াৰ দৰে ইউটিউবাৰৰ কথাকে ক’ব পাৰি।
বৰ্তমান সময় ৰাইনা, এলভিছ যাদৱ, ৰণবীৰ এলাহাবাদীয়াৰ দৰে ইউটিউবাৰৰ বাবেই ইউটিউবৰ দৰে ভিডিঅ’ প্লেটফৰ্মক লৈ চিন্তিত হৈ পৰিছে একাংশ ব্যৱহাৰকাৰী। মানুহে ইউটিউবত বিভিন্ন ধৰণৰ কন্টেন্ট উপভোগ কৰিব পাৰে। আপুনি টিভি9ৰ দৰে চেনেলৰ জৰিয়তে ইউটিউবত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাতৰি আৰু শেহতীয়া আপডেট চাব পাৰে, যেতিয়াই মন যায়, ইয়াত খাদ্যৰ ৰেচিপি চাই খাদ্য ৰান্ধিব পাৰে। যদিও শিক্ষাৰ পৰা আৰম্ভ কৰি জ্ঞান আৰু আস্থালৈকে সকলো ইউটিউবত উপলব্ধ, কিন্তু এই প্লেটফৰ্মৰ পৰা ৰণবীৰ এলাহাবাদীয়া , আশীষ চাঞ্চলানী, এলভিছ যাদৱ, সময় ৰাইনা আৰু কেৰী মিনাটিৰ দৰে ইউটিউবাৰসকলহে লাভান্বিত হৈছে। এই ৫ জন ইউটিউবাৰে মাহে কিমান টকা উপাৰ্জন কৰে জানো আহক…
সময় ৰাইনা
‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ দৰে অনুষ্ঠানৰ পৰা সময় ৰাইনাই তেওঁৰ অশ্লীলভাৱপূৰ্ণ বিষয়বস্তুৰ পৰা প্ৰতিমাহে ১.৫ কোটি টকা উপাৰ্জন কৰে। সময়ৰ উপাৰ্জন তেওঁৰ সতীৰ্থ ইউটিউবাৰ বন্ধুতকৈ বেছি, কাৰণ তেওঁ নিজৰ অনুষ্ঠানৰ ভিডিঅ’ কেৱল পেইড দৰ্শককহে দেখুৱায়। বৰ্তমান ৫ৰ পৰা ৬ লাখ লোকে প্ৰতিমাহে ৫৯ টকাৰ চাবস্ক্ৰিপচনত ক্ৰয় কৰি সময়ৰ কন্টেন্ট চাই আছে। এই শ্ব’ৰ পৰা সময়ে প্ৰায় ডেৰ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও শ্ব’ আৰু ছ’চিয়েল মিডিয়াৰ পৰাও তেওঁ প্ৰায় ৫০ লাখ টকাৰ ৰাজহ লাভ কৰে। অৰ্থাৎ প্ৰতিমাহে ২ কোটি টকা উপাৰ্জন কৰে এইজন ।
ৰণবীৰ এলাহাবাদীয়া
ৰণবীৰ এলাহাবাদীয়াৰ ইউটিউবত প্ৰায় ৭টা চেনেল আছে। এই চেনেলবোৰৰ পৰা তেওঁ প্ৰায় ৩৫ লাখ টকা মাহে উপাৰ্জন কৰে। ইয়াৰ উপৰিও ৰণবীৰৰ বহু ব্যৱসায়ো আছে। ছ’চিয়েল মিডিয়াতো ৰণবীৰৰ প্ৰচুৰ প্ৰসাৰ আছে আৰু এই সকলোবোৰৰ বাবেই তেওঁ প্ৰতিমাহে প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰে।
আশীষ চাঞ্চলানী
ইনফ্লুয়েন্সাৰ স্পেচ ৱেবছাইটৰ তথ্য অনুসৰি আশীষ চাঞ্চলানীয়ে নিজৰ ইউটিউব চেনেলৰ পৰা প্ৰতিমাহে প্ৰায় ৩০ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও এক্টিং এচাইনমেণ্ট, ব্ৰেণ্ড ক’লেবৰেচন, ছ’চিয়েল মিডিয়া একাউণ্টৰ ৰাজহৰ ফলত তেওঁৰ মাহিলী উপাৰ্জন ৭০ৰ পৰা ৮০ লাখ টকা হয়।
এলভিছ যাদৱ
বিগ বছ অ’টিটি ছিজন ২ৰ বিজয়ী এলভিছ যাদৱৰ ২টা ইউটিউব চেনেল আছে। তেওঁৰ এটা ইউটিউব ভিডিঅ’ৰ পৰা প্ৰায় ৪ৰ পৰা ৬ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান এলভিছে ‘লাফটাৰ চেফ’ৰ বাবে প্ৰতি সপ্তাহত ১.২ লাখ টকা মাননি লাভ কৰিছে। ইউটিউব আৰু টিভিৰ লগতে এলভিছে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ব্ৰেণ্ড ক’লেবৰেচন কৰে। অৰ্থাৎ মুঠতে এলভিছে মাহে প্ৰায় ৪০ লাখ টকা উপাৰ্জন কৰে।
কেৰী মিনাটি (অজয় নগৰ)
ইনফ্লুয়েন্সাৰ স্পেচ ৱেবছাইটৰ তথ্য অনুসৰি ইউটিউবাৰ কেৰী মিনাটিয়ে প্ৰতিমাহে ১৬ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও তেওঁৰ ব্ৰেণ্ডিং আৰু ইনষ্টাগ্ৰামৰ কন্টেন্টৰ বাবে কেৰীয়ে প্ৰতিমাহে প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰে।