India’s Got Latent: বিতৰ্কত ইনফ্লুৱেন্সাৰ ৰণবীৰ এলাহাবাদিয়া! অশ্লীল মন্তব্য কৰি হেৰুৱালে প্ৰায় ২ মিলিয়ন অনুৰাগী!

Ranveer Allahbadia Followers: নেটিজেনৰ ৰোষত ইনফ্লুৱেন্সাৰ ৰণবীৰ এলাহাবাদিয়া। ৰাইজে ছ’চিয়েল মিডিয়াত ৰণবীৰক আনফ’ল’ কৰিছে। এই তথ্য জানিলে আচৰিত হ'ব আপুনি!

India’s Got Latent: বিতৰ্কত ইনফ্লুৱেন্সাৰ ৰণবীৰ এলাহাবাদিয়া! অশ্লীল মন্তব্য কৰি হেৰুৱালে প্ৰায় ২ মিলিয়ন অনুৰাগী!

বিতৰ্কত ইনফ্লুৱেন্সাৰ!

Updated On: 

12 Feb 2025 22:52 PM

ছচিয়েল মিডিয়াত ৰণবীৰ এলাহবাদিয়াক লৈ ক্ষোভৰ সৃষ্টি হৈছে। এনে ক্ষেত্ৰত হোৰাহোৰে তেওঁৰ অনুৰাগী হ্ৰাস হৈ আছে। ছ’চিয়েল মিডিয়াৰ তথ্য অনুসৰি, ২০ মিলিয়ন অনুৰাগীয়ে তেওঁক ছ’চিয়েল মিডিয়াত আনফ’ল’ কৰিছে। যদি আমি ৰণবীৰৰ ইউটিউব চেনেলৰ বিষয়ে চাবলৈ যাও, তাতো যথেষ্ঠ হ্ৰাস পাইছে অনুৰাগী। ইনষ্টাগ্ৰাম আৰু ফেচবুকত তেওঁৰ বহু পেজ আছে। টুইটাৰতো এটা অফিচিয়েল একাউণ্ট আছে। সকলোতে ফ’ল’ৱাৰৰ সংখ্যা সামান্য হ্ৰাস পাইছে যদিও টুইটাৰত তেওঁৰ ফ’ল’ৱাৰ বৃদ্ধি পাইছে। ইফালে এই ঘটনাৰ পিছতে বহুতো উৰা বাতৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

তথ্যনুসৰি, অনুসৰি ৰণবীৰ এলাহবাদিয়াৰ ইউটিউবত ৪০ হাজাৰ অনুৰাগী হেৰুৱাইছে। কিন্তু ২০ লাখ অনুৰাগী হেৰুৱাৰ খবৰটো সম্পূৰ্ণ ভিত্তিহীন। প্ৰায় ১২০০০ লোকে ৰণবীৰক তেওঁৰ ফেচবুক পেজত আনফ’ল’ কৰাৰ লগতে ১০০০ লোকে তেওঁৰ ফেচবুক একাউণ্টত আনফ’ল’ কৰিছে। ইনষ্টাগ্ৰামতো তেওঁৰ দুটা একাউণ্ট আছে, যাৰ নাম বিয়েৰ বাইচেপছ আৰু ৰণবীৰ, য’ত ৪০০০ৰো অধিক লোকে তেওঁক আনফ’ল’ কৰিছে।

ইউটিউব চেনেল, ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজত ৰণবীৰ এলাহাবদিয়াৰ ফ’ল’ৱাৰৰ সংখ্যা হ্ৰাস পাইছে যদিও ছ’চিয়েল মিডিয়াত দেখুওৱাৰ দৰে ইমানো নহয়, মুঠতে প্ৰায় ১ লাখ লোকে তেওঁক আনফ’ল’ বা আনচাবস্ক্ৰাইব কৰিছে। আনহাতে টুইটাৰত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁৰ টুইটাৰ একাউণ্টত প্ৰায় ১৫০০ নতুন লোকে তেওঁক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। ইফালে ৰণবীৰৰ প্ৰেমিকায়ো ব্ৰেকআপ দিয়াৰ খবৰ ভাইৰেল হৈ আছে, কিন্তু এয়া কিমান সত্য তাৰ কোনো প্ৰমাণ নাই। India’s Got Latent শ্ব’ত সময় ৰাইনাই কৰা অশ্লীল মন্তব্যৰ বাবেই বাতৰিৰ শিৰোনামলৈ আহিছে ৰণবীৰ এলাহাবাদিয়া।

 

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?