ৰং দে বাসন্তীৰ পৰা বৰ্ডাৰলৈ…এই ১০খন ছবিয়ে হৃদয়ত জগাই তুলিব দেশপ্ৰেমৰ অনুভৱ

Republic Day film: দেশপ্ৰেমৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰসমূহক দৰ্শকে প্ৰশংসা কৰে। প্ৰায়ভাগে লোকে এনে বিশেষ দিনত এনে ধৰণৰ ছবি চাবলৈ ভাল পায়। এই চলচ্চিত্ৰসমূহত স্বাধীনতা সংগ্ৰামী আৰু সাহসী সৈনিকসকলৰ কাহিনী দেখুওৱা হৈছে যিয়ে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

ৰং দে বাসন্তীৰ পৰা বৰ্ডাৰলৈ...এই ১০খন ছবিয়ে হৃদয়ত জগাই তুলিব দেশপ্ৰেমৰ অনুভৱ

দেশপ্ৰেমৰ ছবি

Updated On: 

25 Jan 2025 18:09 PM

চলচ্চিত্ৰ আৰু গীত হৈছে মানুহৰ মনত দেশপ্ৰেমৰ অনুভূতি সৃষ্টি কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়। যিটো বলীউডত স্পষ্টভাৱে দৃশ্যমান। যাৰ বাবে গণৰাজ্য দিৱস উপলক্ষে টিভিত দেশপ্ৰেমমূলক ছবিসমূহত দেখুওৱা হয়। যিয়ে জনসাধাৰণৰ এই অনুভূতিক অধিক বৃদ্ধি কৰে।

দেশপ্ৰেমৰ ওপৰত নিৰ্মিত এই চলচ্চিত্ৰসমূহক দৰ্শকে প্ৰশংসা কৰে। প্ৰায়ভাগে লোকে এনে বিশেষ দিনত এনে ধৰণৰ ছবি চাবলৈ ভাল পায়। এই চলচ্চিত্ৰসমূহত স্বাধীনতা সংগ্ৰামী আৰু সাহসী সৈনিকসকলৰ কাহিনী দেখুওৱা হৈছে যিয়ে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

উপহাৰ

১৯৬৭ চনত উপহাৰ ছবিখন মুক্তি দিয়া হয়। যিয়ে সেই সময়ৰ জনসাধাৰণৰ মাজত জয় জোৱান জয় কিষাণৰ শ্ল’গান অধিক সক্ৰিয় কৰি তুলিছিল। ছবিখনত মুখ্য চৰিত্ৰত মনোজ কুমাৰ আৰু মুখ্য অভিনেত্ৰী হিচাপে আশা পাৰেখে অভিনয় কৰিছিল। ছবিখনত মনোজ কুমাৰৰ অভিনয়ে জয় কৰিছিল লাখ লাখ দেশবাসীৰ হৃদয় ।

ক্ৰান্তি

১৯৮১ চনত মনোজ কুমাৰ, হেমা মালিনী, দিলীপ কুমাৰ, শশী কাপুৰ আৰু শত্ৰুঘ্ন সিনহা অভিনীত ছবিখনে আকৌ এবাৰ জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেম জাগ্ৰত কৰে। মনোজ কুমাৰৰ পৰিচালনাত নিৰ্মিত এই চলচ্চিত্ৰখনৰ নাম আছিল ক্ৰান্তি। এই ছবিখন চুপাৰ হিট প্ৰমাণিত হৈছিল। চলচ্চিত্ৰখনৰ কাহিনীৰ বিষয়ে ক’বলৈ গ’লে, ইয়াক বিখ্যাত দম্পতী চেলিম-জাভেদে লিখিছিল।

স্বদেশ

দৰ্শকে শ্বাহৰুখ খানৰ স্বদেশকো যথেষ্ট মৰম দিছিল। চলচ্চিত্ৰখন ২০০৪ চনত মুক্তি দিয়া হৈছিল। ছবিখন পৰিচালনা কৰিছিল আশুতোষ গোৱাৰিকাৰে। ছবিখনত অভিনয় কৰিছে গায়ত্ৰী যোশীয়ে । যদিও ছবিখনে বিশেষ একো উপাৰ্জন নকৰিলেও সমালোচকসকলৰ পৰা যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

ৰং দে বাসন্তী

আমিৰ খানৰ ছবি ৰং দে বাসন্তী আজিৰ প্ৰজন্মৰ কথা মনত ৰাখি বিশেষভাৱে নিৰ্মাণ কৰা হৈছিল। আমিৰ খানৰ উপৰিও এই ছবিখনত আছিল কুনাল কাপুৰ, ছোহা আলী খান, সিদ্ধাৰ্থ, আৰ মাধৱন, শৰমন যোশী আৰু অতুল কুলকাৰ্ণী । সেই সময়ত সৰ্বাধিক উপাৰ্জন কৰা ছবি হৈ পৰিছিল ৰং দে বাসন্তী। এই ছবিখন ৰাকেশ ওমপ্ৰকাশ মেহৰাই পৰিচালনা কৰিছিল।

এলঅচি: কাৰ্গিল

২০০৩ চনত এলঅচি: কাৰ্গিল ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখনত সঞ্জয় দত্ত, অজয় দেৱগন, ছেইফ আলী খান, কৰীণা কাপুৰ, ৰাণী মুখাৰ্জী, সুনীল চেট্টী, সঞ্জয় কাপুৰ, অভিষেক বচ্চন আৰু অক্ষয় খান্না আদি প্ৰখ্যাত অভিনেতাই অভিনয় কৰিছিল। জে পি দত্তৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছিল এই ছবিখন। যিখন কাৰ্গিলৰ যুদ্ধৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল।

কৰ্মা

কিছুমান চলচ্চিত্ৰৰ গান আজিও বাজি থকা দেখা যায। যাৰ ভিতৰত এটা হৰ কৰম আপনা কাৰেগা, এ ৱতন তেৰে লিয়ে। এই গীতটো ১৯৮৬ চনত মুক্তি পোৱা ‘কৰ্মা’ চলচ্চিত্ৰৰ। এইখন এখন মাল্টি-ষ্টাৰ চলচ্চিত্ৰ, য’ত সন্ত্ৰাসবাদীক নিৰ্মূল কৰা দেখুওৱা হৈছে।

দ্য লেজেণ্ড অৱ ভগত সিং

অজয় দেৱগনৰ ছবি ‘দ্য লেজেণ্ড অৱ ভগত সিং’ দৰ্শকে যথেষ্ট পছন্দ কৰিছিল। এই ছবিখনত অভিনেতাজনৰ অভিনয়কো ৰাইজে যথেষ্ট প্ৰশংসা কৰিছিল। চলচ্চিত্ৰখন ২০০২ চনত মুক্তি লাভ কৰে। অজয়ক এই চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

বৰ্ডাৰ

১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ কাহিনীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল, যাক বৰ্ডাৰ বুলি কোৱা হয়। ছবিখনত ছানী দেওল, সুনীল চেট্টী আৰু অক্ষয় খান্নাই অভিনয় কৰিছিল। এই ছবিখন জে পি দত্তই পৰিচালনা কৰিছে। ছবিখনে তিনিটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

লগন

আমিৰ খানৰ ছবি ‘লগন’ ব্ৰিটিছসকলৰ শোষণৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। এই চলচ্চিত্ৰখন ২০০১ চনত নিৰ্মাণ কৰা হৈছিল, য’ত ব্ৰিটিছে এখন গাঁৱৰ লোকৰ পৰা অধিক কৰ আদায় কৰিছিল। সেই কৰ হ্ৰাস কৰিবলৈ, গাওঁবাসীয়ে ব্ৰিটিছৰ সৈতে এখন ক্ৰিকেট মেচ খেলি জয় লাভ কৰে।

ৰাজী

২০১৮ চনত, আলিয়া ভট্টৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰ ৰাজী ছবিগৃহলৈ আহিছিল। য’ত অভিনয়ৰ বাবে আলিয়াৰ যথেষ্ট প্ৰশংসিত হৈছিল। চলচ্চিত্ৰখন মেঘনা গুলজাৰে পৰিচালনা কৰিছিল, য’ত অভিনেত্ৰীগৰাকীয়ে এগৰাকী চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰাজীত অভিনয় বিকি কৌশলে। ছবিখনে ভাল প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

প্ৰায়ে হয় নেকি ধনৰ সমস্যা? তেন্তে নকৰিব এই ভুল...
মাত্ৰ এমাহ এইদৰে ব্যৱহাৰ কৰক ভিটামিন E কেপচুল আৰু এলোভেৰা জেল, হৈ পৰিব ধুনীয়া
কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?