দৰ্শকৰ হৃদয় জিনিবলৈ আহি আছে কান্তাৰাঃ কঠোৰ প্ৰশিক্ষণত ব্যস্ত ঋষভ, কেতিয়া পাব মুক্তি?
এক ব্যতিক্ৰমী কাহিনীৰ কান্তাৰা ছবিয়ে দৰ্শকক আকৃষ্ট কৰিছিল, লাভ কৰিছিল সমাদৰ। কান্তাৰা ছবিখনক আদৰি লোৱা দৰ্শকসকলৰ বাবে এক সুখবৰ। পুনৰ তেওঁলোকৰ মন জয় কৰিবলৈ নতুন ৰূপত ছবিগৃ্হলৈ আহিব কান্তাৰা। এই ছবিখনৰ শ্বুটিং এতিয়াও সম্পূৰ্ণ হোৱা নাই। ‘কান্তাৰা চেপ্টাৰ ১’ৰ বাবে শ্বুটিঙত ব্যস্ত ঋষভসহ সকলো কলা-কুশলী।
বিগত কেইটামান বছৰত দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগে লাভ কৰিছে অপাৰ সফলতা। ইখনৰ পিছত সিখনকৈ দাক্ষিণাত্যৰ ছবিয়ে কাহিনীৰ দিশৰ পৰা দৰ্শকৰ মন জয় কৰাৰ লগতে বক্স অফিচতো ল্হৰ তুলিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ দৰ্শনীয় অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে কেইগৰাকীমান অভিনেতাই। কান্তাৰা ছবিৰ জৰিয়তে এইদৰে দৰ্শকৰ মনত বিশেষভাৱে সাঁচ বহুৱাইছিল দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেতা ঋষভ শ্বেট্টীয়ে। এই ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে তেওঁ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল।
এক ব্যতিক্ৰমী কাহিনীৰ এই ছবিখনে দৰ্শকক আকৃষ্ট কৰিছিল, লাভ কৰিছিল সমাদৰ। কান্তাৰা ছবিখনক আদৰি লোৱা দৰ্শকসকলৰ বাবে এক সুখবৰ। পুনৰ তেওঁলোকৰ মন জয় কৰিবলৈ নতুন ৰূপত ছবিগৃ্হলৈ আহিব কান্তাৰা। এই বছৰতে মুক্তি পাব এই ছবিখনে, নাম হ’ব ‘কান্তাৰা চেপ্টাৰ ১’। অহা ২ অক্টোবৰত মুক্তি পাব এই ছবিখন। অৱশ্যে ছবিখনৰ শ্বুটিং এতিয়াও সম্পূৰ্ণ হোৱা নাই। ‘কান্তাৰা চেপ্টাৰ ১’ৰ বাবে শ্বুটিঙত ব্যস্ত ঋষভসহ সকলো কলা-কুশলী।
এই ছবিখনত ঋষভ শ্বেট্টীক সম্পূৰ্ণ পৃথক ৰূপত দেখিবলৈ পোৱা যাব। এই উপলক্ষে নতুন নতুন বিষয়ৰ প্ৰশিক্ষণ লৈছে অভিনেতাগৰাকীয়ে। শেহতীয়াকৈ বক্স অফিচ ৱৰ্ল্ড ৱাইড ডট কমত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন মতে ঋষভ শ্বেট্টীয়ে বহুদিনৰ পৰা অত্যন্ত পৰিশ্ৰমেৰে ‘কান্তাৰাঃ চেপ্টাৰ ১’ৰ বাবে সাজু হৈছে। ছবিখনত থাকিবলগা কিছুমান যুদ্ধৰ দৃশ্যৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে অভিনেতাগৰাকীয়ে।
প্ৰতিবেদন অনুসৰি তেওঁ যুদ্ধৰ দৃশ্যৰ বাবে ঘোঁৰা চলোৱা, তৰোৱাল চলোৱা, কলাৰিপয়ট্টু নামৰ কেৰালাৰ এক স্থানীয় যুদ্ধ কলাৰ প্ৰশিক্ষণ লৈছে। উল্লেখ্য যে কলাৰিপয়ট্টু নামৰ এই যুদ্ধ কলাক বিশ্বৰ আটাইতকৈ পুৰণি যুদ্ধ কলা হিচাপে গণ্য কৰা হয়। অৰ্থাৎ নিৰ্মাতাসকলে এই ছবিখনৰ জৰিয়তে অনুৰাগীসকলক যে এক নতুন অভিজ্ঞতা দিব বিচাৰিছে, সেয়া নিশ্চিত। ছবিখনৰ কাহিনী সন্দৰ্ভতো এক তথ্য প্ৰকাশ পাইছে।
‘কান্তাৰাঃ চেপ্টাৰ ১’ কৰ্ণাটকৰ কদম্ব যুগৰ ওপৰত আধাৰিত বুলি জানিব পৰা গৈছে। এই কদম্বসকল পূৰ্বে কৰ্ণাটকৰ কিছুমান অঞ্চলৰ শাসক আছিল। একে সময়তে এই অঞ্চলৰ সংস্কৃতি আৰু স্থাপত্য গঢ়ি তোলাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল এয়াই নহয়, তেওঁলোকৰ শাসনকালক ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলিও গণ্য কৰা হয়। গতিকে নতুন ছবিখনে ভাৰতীয় দৰ্শকক নিশ্চিতভাৱে আমোদ দিব।