ছেইফৰ পুত্ৰ আৰু ১ কোটি টকা! শ্বৰীফুলে আক্ৰমণ কৰাৰ প্ৰকৃত কাৰণ পোহৰলৈ…
বৰ্তমান সময়তো হাস্পাতালত ভৰ্তি হৈ আছে বলিউড অভিনেতা ছেইফ আলী খান। অভিনেতাগৰাকীক আক্ৰমণ কৰা অভিযুক্ত এজন বাংলাদেশী নাগৰিক বুলি জানিব পৰা গৈছে। অভিযুক্ত শ্বৰীফুল সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে।
ছেইফ আলী খানক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শ্বৰীফুল ইছলামৰ বিৰুদ্ধে নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে শ্বৰীফুলৰ উদ্দেশ্য ছেইফক আক্ৰমণ কৰাৰ নাছিল। সূত্ৰ অনুসৰি জানিব পৰা মতে, শ্বৰীফুলে ছেইফৰ পুত্ৰ জাহাংগীৰক পনবন্দী কৰি ধন দাবী কৰাৰ পৰিকল্পনা কৰিছিল। অভিযুক্তৰ উদ্দেশ্য আছিল ছেইফৰ পৰা ১ কোটি টকা জাহাংগীৰৰ মুক্তিপন হিচাপে লৈ বাংলাদেশলৈ যোৱা। জানিব পৰা মতে বাংলাদেশ যাবলৈ অভিযুক্তই ভুৱা পাছপোৰ্ট তৈয়াৰ কৰাৰ চেষ্টা কৰি আছিল আৰু ইয়াৰ বাবে তেওঁক ধনৰ প্ৰয়োজন আছিল।
ঘটনাৰ দিনা অভিযুক্তই ছেইফৰ ঘৰত কাম কৰা লিমা ফিলিপ্চক ১ কোটি টকা দাবী কৰিছিল। লিমাই এই দাবী নাকচ কৰাত অভিযুক্তই তেওঁৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত ঘৰৰ আনলোকসকল সাৰ পায়। এই কাজিয়াৰ ফলতেই ছেইফে টোপনিৰ পৰা সাৰ পাই আৰু কোঠাৰ বাহিৰলৈ ওলাই আছে। ছেইফে পাছত লিমা আৰু অভিযুক্তৰ কাজিয়াত হস্তক্ষেপ কৰে। যাৰ বাবে অভিযুক্তই কেইবাবাৰো ছেইফক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ছেইফৰ আক্ৰমণকাৰীৰ সৈতে জড়িত আন এক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে শ্বৰীফুল ইছলাম বাংলাদেশৰ এগৰাকী কুস্তী খেলুৱৈ। সৰুৰে পৰা তেওঁ কুস্তী খেলিছিল আৰু বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বলিউড অভিনেতা ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰিছিল। এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা ছেইফ বৰ্তমান সময়তো হাস্পাতালতে আছে। জানিব পৰা মতে, ছেইফৰ শৰীৰত অভিযুক্তই ৬ বাৰকৈ আক্ৰমণ কৰিছিল আৰু ইয়াৰে দুটা আঘাত অতি গুৰুত্বৰ আছিল। এই ঘটনাৰ পাছতে মুম্বাই আৰক্ষীৰ কেইবাটা দলে অভিযুক্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে শ্বৰীফুল ইছলামক।
তথ্য অনুসৰি, শ্বৰীফুল বাংলাদেশৰ বাসিন্দা আৰু অবৈধভাৱে তেওঁ যোৱা ৬ মাহ ধৰি ভাৰতত বাস কৰি আছিল। ইতিমধ্যে আদালতে শ্বৰীফুলক ৫ দিনৰ আৰক্ষীৰ জেৰালৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। একাংশই সন্দেহ কৰিছে যে এই ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থাকিব পাৰে। কিন্তু অভিযুক্তৰ অধিবক্তাই এই দাবী খণ্ডন কৰি কয় যে ইয়াৰ ক্ষেত্ৰত কোনো আন্তঃৰাষ্ট্ৰীয় কাৰণ জড়িত নাই। অৱশ্যে সকলো সত্য আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব।
অন্য খবৰঃ কি কাৰণে বাংলাদেশী শ্বৰীফুলে আক্ৰমণ কৰিছিল ছেইফ আলী খানক?