Saif Ali Khan: “মই শুই আছিলোঁ…!” আক্ৰমণৰ পাছত ছেইফ আলী খানৰ নিৰাপত্তাৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া
Saif Ali Khan: বৃহস্পতিবাৰে পুৱা চৈফ-কৰীণাৰ ঘৰত প্ৰৱেশ কৰে অজ্ঞাত ব্যক্তিয়ে। তাৰ পাছত বাধা দিবলৈ চেষ্টা কৰোতে অভিনেতাজনক ছুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।তাৰ পিছতে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছেইফক। ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুৰক্ষাৰ দায়িত্বত থকা গাৰ্ডে।
বলীউডৰ অভিনেতা ছেইফ আলী খানক বাসগৃহৰ ভিতৰতে চুৰিৰে আক্ৰমণ কৰে এজন অজ্ঞাত ব্যক্তিয়ে। এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰটো পোহৰলৈ অহাৰ পিছত আচৰিত হৈ পৰিছে সকলো। কঠোৰ নিৰাপত্তা থকাৰ পাছতো কেনেকৈ অজ্ঞাত ব্যক্তিয়ে প্ৰৱেশ কৰিছিল ছেইফ আলী খানক বাসগৃহত? দুটাকৈ শ্বিফ্টত ছেইফৰ বাসগৃহৰ তত্বাৱধান কৰে নিৰাপত্তাৰক্ষীয়ে। তেওঁৰ সন্তান আৰু পৰিয়ালৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লয় ছেইফে। সেইকাৰণে তেওঁলোকে বাসগৃহৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তাৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত দেহৰক্ষী নিয়োগ কৰা হৈছে।
বৃহস্পতিবাৰে পুৱা ছেইফ-কৰীণাৰ ঘৰত প্ৰৱেশ কৰে অজ্ঞাত ব্যক্তিয়ে। তাৰ পাছত বাধা দিবলৈ চেষ্টা কৰোতে অভিনেতাজনক ছুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।তাৰ পিছতে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছেইফক। ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুৰক্ষাৰ দায়িত্বত থকা গাৰ্ডে। নিৰাপত্তাৰক্ষীজনে কয় যে যেতিয়া এই ঘটনাটো ঘটিছিল তেতিয়া তেওঁ শুই আছিল।
ছেইফ আলী খানৰ ঘৰৰ তলত ৩জন নিৰাপত্তাৰক্ষী আছিল। যেতিয়া অভিনেতাজনৰ ওপৰত আক্ৰমণৰ পিছত তেওঁক প্ৰশ্ন কৰা হৈছিল, “এজন নিৰাপত্তাৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে তেওঁৰ শ্বিফ্ট ৰাতিপুৱা আছিল। সেয়ে তেওঁ সেই সময়ত শুই আছিল। নিশাৰ শ্বিফ্টৰ মানুহৰ পৰা বিচাৰি উলিয়াওক।” উল্লেখ্য যে, নিৰাপত্তাৰক্ষীসকলে ছেইফ-কৰীণাৰ ভৱনৰ তলত দুটা শ্বিফ্টত কৰ্তব্য পালন কৰে। য’ত এটা শ্বিফ্টত ৩ৰ পৰা ৪ জন নিৰাপত্তাৰক্ষী উপস্থিত থাকে। আক্ৰমণটো পুৱা প্ৰায় ৩ বজাত সংঘটিত হৈছিল। সেয়েহে এই প্ৰশ্ন নিশাৰ শ্বিফ্টৰ থকাসকলৰ ওপৰত উত্থাপিত হয়।
নিৰাপত্তাৰক্ষী, কৰ্মচাৰীক আটক
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছেইফ আলী খানৰ বাসগৃহৰ নিৰাপত্তাৰক্ষী আৰু কৰ্মচাৰীসকলক নিজৰ জিম্মাত লৈছে। বৰ্তমান আৰক্ষীয়ে জেৰা কৰিছে সকলোকে। প্ৰাপ্ত তথ্য অনুসৰি যেতিয়া অজ্ঞাত ব্যক্তিজনে ছেইফৰ ঘৰত প্ৰৱেশ কৰিছিল, তেতিয়া অভিনেতাজনৰ ঘৰত বনকৰা ব্যক্তিৰ হাতত ধৰা পৰিছিল। তাৰ পিছত দুয়োৰে মাজত তৰ্ক হৈছিল।যেতিয়া তেওঁলোকৰ কথা ছেইফৰ কাণত পৰিছিল তেওঁ লগে লগে বনকৰা ব্যক্তিজনৰ ওচৰলৈ দৌৰি আহিছিল। অভিনেতাজনে দেখিছিল যে এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ বনকৰা বনকৰা মহিলাৰ সৈতে তৰ্ক কৰি আছিল।
দুৰ্বৃত্তই কেনেকৈ ছেইফৰ ঘৰত প্ৰৱেশ কৰিছিল?
তাৰ পাছত ছেইফ আলী খানে শান্তভাৱে মানুহজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়তে তেওঁ অভিনেতাজনক চুৰিৰে আক্ৰমণ কৰিছিল। কেইবাবাৰো ছুৰিকাঘাতৰ চেষ্টাৰ পিছত ব্যক্তিজন তাৰ পৰা পলাই গৈছিল। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে যেতিয়াই কোনোবাই বাসগৃহৰ ভিতৰলৈ যাব বিচাৰে প্ৰথমে মালিকক এই কথা জনোৱা হয়। মালিকৰ অনুমোদন পোৱাৰ পিছতহে ব্যক্তিজনক ঘৰৰ ভিতৰলৈ যাবলৈ অনুমতি দিয়া হয়। এনে পৰিস্থিতিত অজ্ঞাত ব্যক্তিজনক ছেইফৰ ঘৰলৈ যোৱাৰ অনুমতি কোনে দিছিল বা সকলোকে প্ৰত্যাহ্বান জনাই তেওঁ কেনেকৈ ঘৰত প্ৰৱেশ কৰিছিল?