আৰক্ষীৰ জালত ছেইফ আলী খানৰ আক্ৰমণকাৰী, দাবী কৰিছিল ১ কোটি টকা, তাৰ পূৰ্বে উপস্থিত হৈছিল শ্বাহৰুখ খানৰ ঘৰত!

Saif Ali Khan Case Update: ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক। আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে অভিযুক্তজনক। বৃহস্পতিবাৰে চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল।

আৰক্ষীৰ জালত ছেইফ আলী খানৰ আক্ৰমণকাৰী, দাবী কৰিছিল ১ কোটি টকা, তাৰ পূৰ্বে উপস্থিত হৈছিল শ্বাহৰুখ খানৰ ঘৰত!

ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক!

Updated On: 

17 Jan 2025 12:21 PM

অৱশেষত আৰক্ষীয়ে আটক কৰিলে ছেইফ আলী খানৰ আক্ৰমণকাৰীক। আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে অভিযুক্তক। ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰা আক্ৰমণকাৰীজনক বিচাৰি তীব্ৰ অভিযান চলাইছিল আৰক্ষীয়ে । ১৬ জানুৱাৰী বৃহস্পতিবাৰে ছেইফ-কৰীণা কাপুৰৰ ঘৰত প্ৰৱেশ কৰিছিল এজন অজ্ঞাত ব্যক্তিয়ে। তাৰ পিছত  সৈতে ছেইফৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল ব্যক্তিজন। চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল। এই ক্ষেত্ৰত আৰক্ষীয়ে এইটোও জানিব পাৰিছে যে আক্ৰমণকাৰীজনে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰথমে শ্বাহৰুখ খানৰ ঘৰৰ ওচৰত উপস্থিত হৈছিল।

বৰ্তমানো লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছেইফ আলী খান। একে সময়তে ছেইফৰ স্বাস্থ্যৰ অৱস্থা জানিবলৈ চিকিৎসালয়ত উপস্থিত হৈছে পৰিয়ালৰ সদস্যসকল । ইফালে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । আক্ৰমণকাৰীজনক বৃহস্পতিবাৰে ছেইফ-কৰীণাৰ ঘৰৰ চিচিটিভি ফুটেজৰ পৰা চিনাক্ত কৰা হৈছে। তাৰ পাছতে আৰক্ষীয়ে ঘটনাটোৰ প্ৰতিটো দিশৰ ওপৰত নিবিড়ভাৱে বিবেচনা কৰি আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, আক্ৰমণকাৰীজনে শ্বাহৰুখ খানৰ ঘৰ মান্নাতত নিৰীক্ষণ চলাইছিল।

এতিয়া এই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে আন এক নতুন তথ্য।  ছেইফক আক্ৰমণ কৰা অভিযুক্তজনে শ্বাহৰুখ খানৰ ঘৰৰ পুনৰীক্ষণো চলাইছিল। সূত্ৰ অনুসৰি, আক্ৰমণকাৰীজনে আগতে শ্বাহৰুখ খানৰ ঘৰৰ চাৰিওফালটো নিৰীক্ষণ কৰিছিল। এইটো এটা আশ্চৰ্যজনক কথা। এই তথ্যৰ লাভৰ পিছত  এইটোও অনুমান কৰা হৈছে যে শ্বাহৰুখ খানৰ ঘৰটো আক্ৰমণকাৰীয়ে লক্ষ্য কৰি ল’ব পাৰে। অৱশ্যে, শ্বাহৰুখ খানৰ ঘৰৰ কঠোৰ নিৰাপত্তাক অতিক্ৰম কৰাটো ইমান সহজ নহয়।উল্লেখ্য যে  শ্বাহৰুখ খানৰ ঘৰৰ নিৰাপত্তা ব্যৱস্থাৰ কেইবাটাও স্তৰ আছে। শ্বাহৰুখৰ ব্যক্তিগত দেহৰক্ষীৰ এটা দল আছে। তেওঁৰ নিজৰো দেহৰক্ষী আছে। ইয়াৰ উপৰিও, মান্নাতৰ প্ৰতিটো কোণত কেমেৰাও স্থাপন কৰা আছে।

১৬ জানুৱাৰীত ধৰা পৰা ব্যক্তিজনে ছেইফ আৰু কৰীণাৰ পুত্ৰ জেহৰ কোঠাত প্ৰৱেশ কৰিছিল। ইয়াৰ উপৰিও এই ব্যক্তিজনে ১ কোটি টকা দাবী কৰিছিল বুলিও জানিব পৰা গৈছে। যেতিয়া ছেইফে আক্ৰমণকাৰীজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল, তেওঁ অভিনেতাজনক কেইবাবাৰো ছুৰীৰে আঘাট কৰিছিল। যাৰ ফলত দুটাকৈ স্থানত গুৰুতৰভাৱে আঘাট পাইছিল ছেইফে। তাৰ পাছতে ছেইফ আলী খানক ভৰ্তি কৰোৱা হৈছিল লীলাৱতী চিকিৎসালয়ত। অভিনেতাজনৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু পিঠিৰ পৰা ছুৰীৰ টুকুৰা উলিওৱা হৈছিল। জানিব পৰা মতে এতিয়া সম্পূৰ্ণৰূপে বিপদমুক্ত হৈ আছে অভিনেতাজন।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?