Saif Ali Khan Attacked: ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষী থকাৰ পাছতো কিদৰে ছেইফ আলী খানক আক্ৰমণ কৰিলে দুৰ্বৃত্তই? ঘটনাক লৈ চাঞ্চল্য…

Saif Ali Khan: ছেইফ আলী খানক দুৰ্বৃত্তৰ আক্ৰমণ। তাৰ পিছতে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ছেইফক। কৰীণা কাপুৰ খান আৰু ছেইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহত বৃহস্পতিবাৰে সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ।

Saif Ali Khan Attacked: ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষী থকাৰ পাছতো কিদৰে ছেইফ আলী খানক আক্ৰমণ কৰিলে দুৰ্বৃত্তই? ঘটনাক লৈ চাঞ্চল্য...

ছেইফ আলী খানক দুৰ্বৃত্তৰ আক্ৰমণ!

Updated On: 

16 Jan 2025 10:31 AM

বলীউডৰ অভিনেতা আৰু সৰু নৱাব ছেইফ আলী খান তেওঁৰ চলচ্চিত্ৰৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনক লৈও প্ৰায়ে ৰাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কিন্তু ইয়াৰ মাজতে সংঘটিত হৈছে  এক ভয়ংকৰ ঘটনা। যিটো হৈছে ছেইফ আলী খানক দুৰ্বৃত্তৰ আক্ৰমণ । তাৰ পিছতে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ছেইফক। কৰীণা কাপুৰ খান আৰু ছেইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহত বৃহস্পতিবাৰে সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা চৈফ-কৰীণাৰ ঘৰত প্ৰৱেশ কৰে চোৰে। তাৰ পাছত চুৰি কৰিবলৈ চেষ্টা কৰাৰ লগতে লগতে অভিনেতাজনক ছুৰিৰে আক্ৰমণ কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ছেইফ আলী খানক ছুৰিকাঘাত কৰাৰ পিছত লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে কোৱা হৈছে যে আতংকিত হোৱাৰ তেনেকুৱা কোনো কাৰণ নাই। আক্ৰমণত যথেষ্ট  আঘাত পোৱা নাই ছেইফ আলী খানে। তেওঁৰ আঘাত গুৰুতৰ নহয়। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে আজি  বাসস্থান আৰু আশে-পাশে থকা চিচিটিভি ফুটেজো পৰীক্ষা কৰি আছে। একে সময়তে সম্পূৰ্ণৰূপে সুৰক্ষিত আছে কৰীণা কাপুৰ খান আৰু তেওঁৰ দুই সন্তান।

এই সন্দৰ্ভত ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানে এতিয়ালৈকে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু প্ৰশ্নটো হ’ল যে চৈফ-কৰীণাৰ বাসগৃহত ২৪ ঘণ্টাই কঠোৰ নিৰাপত্তা বেষ্টনী থাকে। ছেইফ আলী খান তেওঁৰ পৰিয়ালৰ সৈতে থাকে। সেয়েহে তেওঁ তেওঁলোকৰ নিৰাপত্তাৰ বিশেষ যত্ন লোৱা হয়। তেওঁৰ ঘৰৰ বাহিৰত সদায় নিৰাপত্তাৰক্ষী  উপস্থিত থাকে। আনকি পাপাৰাজীয়েও ছেইফৰ এপাৰ্টমেণ্টৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।

অৰ্থাৎ, আন কোনো লোককে এপাৰ্টমেণ্টত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। যিসকল লোক ভিতৰলৈ যায় তেওঁলোকক পুংখানুপুংখভাৱে অনুসন্ধান কৰা হয়। এনে পৰিস্থিতিত, চোৰ ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ইমান ডাঙৰ ভুল ক’ত আছিল? ছেইফ আলী খানকো বহুবাৰ তেওঁৰ নিৰাপত্তাৰক্ষীসকলক গালি পৰা দেখা গৈছে। সেয়েহে ইয়াক এটা ডাঙৰ ভুল বুলি গণ্য কৰা হয়। অৱশ্যে, বিষয়টো সন্দৰ্ভত এতিয়াও সবিশেষ আপডেটৰ বাবে অপেক্ষা কৰা হৈছে। আৰক্ষীয়ে সকলো ধৰণে আৰম্ভ কৰিছে ঘটনাটোৰ তদন্ত ।

বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...