Saif Ali Khan Attack Case: নিৰাপত্তা ব্যৱস্থাত দুটাকৈ ডাঙৰ ভুল! যাৰ সুযোগ লৈ ছেইফৰ ফ্লেটত প্ৰৱেশ কৰিছিল চোৰে..

পাঁচ দিনৰ অন্তত মঙলবাৰে মুম্বাইৰ লীলাৱতী চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ছেইফ আলী খানক। ছেইফ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা, তেওঁৰ সুৰক্ষা সন্দৰ্ভত বহুতো প্ৰশ্ন উত্থাপন হৈছে। এতিয়া আন এটা কথা পোহৰলৈ আহিছে যে তেওঁৰ বাসগৃহত নিৰপত্তাৰ ক্ষেত্ৰত হোৱা দুটাকৈ ডাঙৰ ভুলৰ বাবে সেই নিশা অভিযুক্তজনে তেওঁৰ ফ্লেটত উপস্থিত হ'বলৈ সক্ষম হৈছিল।

Saif Ali Khan Attack Case: নিৰাপত্তা ব্যৱস্থাত দুটাকৈ ডাঙৰ ভুল! যাৰ সুযোগ লৈ ছেইফৰ ফ্লেটত প্ৰৱেশ কৰিছিল চোৰে..

কেনেকৈ ছেইফৰ ঘৰত প্ৰৱেশ কৰিছিল চোৰে?

Updated On: 

22 Jan 2025 15:27 PM

অভিনেতা ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ আজিও চাঞ্চল্যই বিৰাজ কৰিছে।  এটা চোৰে এগৰাকী জনপ্ৰিয় অভিনেতাৰ ঘৰত প্ৰৱেশ কৰাৰ লগতে ছুৰীৰে বেয়াকৈ আঘাত প্ৰাপ্ত কৰাৰ পিছত পলাই যাবলৈ সক্ষম হয়। এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছিল।  অভিযুক্তজনে চুৰি কৰাৰ উদ্দেশ্যৰে ১১তম মহলাত উপস্থিত হৈছিল। অভিযুক্তজনে এনে এটা এপাৰ্টমেণ্টত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল য’ত ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ দৰে বলীউডৰ ডাঙৰ তাৰকাসকল থাকে। ইয়াৰ উপৰিও এগৰাকী অভিনেতাক আক্ৰমণ কৰাৰ পিছত সহজে পলাই গৈছিল। ভাবিলে হয়তো এই সকলোবোৰ এখন চিনেমা কাহিনীৰ দৰে লাগে। কিন্তু এয়া বাস্তৱ।

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা এটা ডাঙৰ ত্ৰুটিকে দৰ্শাইছে। অৱশ্যে ছেইফৰ নিজৰ বাবে কোনো বিশেষ নিৰাপত্তা লগত ৰখা নাছিল। কিন্তু যদি তেওঁ বাস কৰি থকা ভৱনটোৰ নিৰাপত্তা ব্যৱস্থাত কোনো ত্ৰুটি নাথাকিলেহেঁতেন। তেন্তে হয়তো ছেইফৰ ওপৰত এই আক্ৰমণ নহ’লহেঁতেন।

ইফালে মুম্বাই আৰক্ষীয়ে মঙলবাৰে ছেইফ ঘৰলৈ লৈ যায় অভিযুক্তজনক । তাত আৰক্ষীয়ে অভিযুক্তৰ সৈতে অপৰাধৰ দৃশ্যটো ৰিক্ৰেয়েট কৰিছিল। অভিযুক্তজনক বাংলাদেশৰ নাগৰিক শ্বৰিফুল ইছলাম শ্বাহজাদ মহম্মদ ৰোহিল্লা আমিন ফকীৰ বুলি চিনাক্ত কৰা হৈছে। অপৰাধৰ অপৰাধৰ দৃশ্য ৰিক্ৰেয়েট কৰাৰ সময়ত আৰক্ষীয়ে শ্বাহজাদক অপৰাধ কৰাৰ পিছত যোৱা প্ৰতিটো ঠাইলৈ লৈ গৈছিল।

সুৰক্ষা ব্যৱস্থাত হোৱা দুটাকৈ গুৰুত্বপূৰ্ণ ত্ৰুটি

এগৰাকী বিষয়াই জনোৱা মতে যেতিয়া অভিযুক্তজনে দেখিলে যে দুয়োজন নিৰাপত্তাৰক্ষী গভীৰ নিদ্ৰাত আছে। তেতিয়া তেওঁ মূল প্ৰৱেশদ্বাৰেৰে বাসগৃহত প্ৰৱেশ কৰিছিল। তেওঁ কয়,  “যেতিয়া আক্ৰমণকাৰীজনে দেৱালখন জপিয়াই ভিতৰলৈ আহিছিল, ছেইফ আলী খানৰ বাসগৃহৰ দুজন নিৰাপত্তাৰক্ষী শুই আছিল,”।  আশ্চৰ্যজনকভাৱে, মুখ্য প্ৰৱেশদ্বাৰত কোনো চিচিটিভি কেমেৰা স্থাপন কৰা হোৱা নাছিল।

অভিযুক্তজনে তেতিয়া জোতা খুলিছিল যাতে কোনো শব্দ নহয়। ইয়াৰ উপৰিও, তেওঁ মোবাইল ফোনটো বন্ধ কৰি দিছিল। অনুসন্ধানৰ সময়ত, এইটোও পোৱা গৈছিল যে বাসগৃহৰ কৰিডৰত কোনো চিচিটিভি কেমেৰা স্থাপন কৰা নাছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এজন নিৰাপত্তাৰক্ষী কেবিনত আৰু আনজন গেটৰ ওচৰত শুই আছিল। অৰ্থাৎ, এয়া স্পষ্ট যে যদি নিৰাপত্তাৰক্ষীসকল সাৰ পাই থাকিলহেঁতেন আৰু তাত চিচিটিভি কেমেৰা স্থাপন কৰাহেঁতেন, অভিযুক্তজনে ভৱনটোত প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন।

গোটেই ঘটনাটোৰ বিষয়ে ক’বলৈ গ’লে, এজন ব্যক্তিয়ে ১৬ জানুৱাৰীৰ পুৱতি নিশা হঠাতে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল। তাৰ পাছত ব্যক্তিজনে ছেইফ-কৰীণাৰ সৰু পুত্ৰ জেহৰ কোঠাত প্ৰৱেশ কৰে। যেতিয়া তেওঁলোকক ঘৰৰ সহায়িকাই ব্যক্তিজনক দেখিলে, দুয়োৰো মাজত তৰ্কা-তৰ্কি আৰম্ভ হয়। তাৰ পাছত তেওঁলোকৰ মাত শুনি ছেইফ আলী খান তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। য’ত তেওঁ অভিযুক্তজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে। কিন্তু দুয়োৰে মাজত হোৱা হাতাহতিৰ সময়ত আক্ৰমণকাৰীজনে অভিনেতাজনক ছুৰিকাঘাট কৰি তাৰ পৰা পলাই যায়।

মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...