মই মাত্ৰ নিশা ৩ ঘণ্টা সময় জিৰণি ল’ব পাৰো: প্ৰধানমন্ত্ৰী মোদীয়ে চেইফ আলী খানক ক’লে এইদৰে…

বলীউডৰ অভিনেতা চেইফ আলী খানে শেহতীয়াকৈ ৰাজ কাপুৰৰ ১০০ তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰীক লগ পোৱাৰ সময়ত কি কি কথা পাতিলে সেই বিষয়ে উল্লেখ কৰিছে চেইফ আলী খানে । চেইফে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীয়ে সকলোকে অতি উৎসাহেৰে লগ কৰিছিল।

মই মাত্ৰ নিশা ৩ ঘণ্টা সময় জিৰণি লব পাৰো: প্ৰধানমন্ত্ৰী মোদীয়ে চেইফ আলী খানক কলে এইদৰে...

মই মাত্ৰ নিশা তিনি ঘণ্টা জিৰণি ল'ব পাৰো: প্ৰধানমন্ত্ৰী মোদী

Published: 

15 Dec 2024 18:46 PM

হিন্দী চিনেমাৰ শ্ব’ মেন ৰাজ কাপুৰৰ ১০০ তম জন্ম জয়ন্তী অতি ধুমধামেৰে উদযাপন কৰি কাপুৰ পৰিয়ালে তেওঁক স্মৰণ কৰিছিল। কেইদিনমান আগতে, সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনাবলৈ গৈছিল। প্ৰধানমন্ত্ৰীয়ে কৰীণা কাপুৰ খান, চেইফ আলী খান, আলিয়া ভাট, নীতু কাপুৰ আৰু ৰণবীৰ কাপুৰৰ লগতে উপস্থিত সকলোকে সাক্ষাৎ কৰিছিল। এতিয়া চেইফে প্ৰধানমন্ত্ৰীক লগ পোৱাৰ সময়ত কি কি কথা পাতিছিল সেই বিষয়ে প্ৰকাশ কৰিছে।

এইচটি চিটিৰ সৈতে বাৰ্তালাপ কৰি চেইফ আলী খানে কয়, “তেওঁ (প্ৰধানমন্ত্ৰী) গোটেই দিনটো সংসদত থকাৰ পিছত আমাক লগ কৰিছিল। গতিকে মই ভাবিছিলো যে তেওঁ নিশ্চয় ভাগৰি পৰিছে, কিন্তু তেওঁ আমাক এক উষ্ম হাঁহিৰে সৈতে লগ কৰিছিল।” চেইফে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পিতৃ-মাতৃক লৈও তেওঁৰ সৈতে কথা পাতিছিল। তেওঁ ভাবিছিল যে আমি টাইমুৰ আৰু জাহাংগীৰকো তেওঁৰ সৈতে পৰিচয় কৰাই দিম। দুয়োটা সন্তানৰ বাবে এখন কাগজত তেওঁৰ স্বাক্ষৰ দিছিল, যিটো কৰীণাই তেওঁৰ পৰা বিচাৰিছিল।”

চেইফ আলী খানে প্ৰধানমন্ত্ৰীক এই প্ৰশ্ন সুধিছিল

চৈফে লগতে কয়, “তেওঁক লগ পোৱাৰ পিছত মই অনুভৱ কৰিছিলো যে, তেওঁ দেশখন চলাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। মই তেওঁক সুধিছিলো যে তেওঁ কিমান সময় জিৰণি লয়? যাৰ উত্তৰত তেওঁ কৈছিল যে ‘মই নিশা মাত্ৰ তিনি ঘণ্টা জিৰণি ল’ব পাৰো।”

 

১১ ডিচেম্বৰত, কাপুৰ পৰিয়ালৰ সৈতে হোৱা বৈঠকৰ এটা ভিডিঅ’ প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টোত প্ৰধানমন্ত্ৰীক সকলো লোকৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছিল। সেই সময়ছোৱাত ৰণবীৰে কৈছিল, “মই এসপ্তাহ ধৰি ভাবি আছিলো যে যদি মই আপোনাক লগ পাওঁ তেন্তে কি ক’ম।” এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ৰণবীৰক কয়, “মই আপোনাৰে পৰিয়ালৰ, আপুনি যি বিচাৰে কওঁক।”

ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?