৩৪০০ কোটি টকা উপাৰ্জন কৰা ছবিৰ নায়িকা Rashmika Mandannaই ‘চিকন্দৰ’ৰ টিজাৰত পালে কম স্থান!
চলমান খানৰ ‘চিকান্দৰ’ৰ টিজাৰত ভাইজান জিলিকি থকাৰ বিপৰীতে অভিনেত্ৰী ৰশ্মিকা মণ্ডনাক অতি কম সময়ৰ বাবে দেখা হৈছে। টিজাৰটোত চলমানক নিজৰ ষ্টাইলত শত্ৰুক পৰাস্ত কৰা দেখা গৈছে। ছবিখনত ৰশ্মিকা-চলমানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বাহুবলীৰ সত্যৰাজ অৰ্থাৎ কট্টপ্পাই খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে।

বলীউডৰ অভিনেতা চলমান খানে নিজৰ সকলো অনুৰাগীক ঈদত উপহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে। ভাইজানে ঈদ উপলক্ষে চিকন্দৰ ছবিখন মুকলি কৰিব। তাৰ পূৰ্বে ছবিখনৰ টিজাৰ মুকলি কৰিছে। টিজাৰ মুকলিৰ পিছতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হয়। ছবিখনৰ টিজাৰ চাই চলমানৰ অনুৰাগীসকল অতি আনন্দিত হৈছে। অৱশ্যে এই টিজাৰটোত এগৰাকী ব্যক্তিৰ লগত ভুল হোৱা বুলিও সামাজিক মাধ্যত কৈছে অনুৰাগীয়ে।
‘চিকান্দৰ’ৰ শক্তিশালী টিজাৰত ভাইজান জিলিকি থকাৰ বিপৰীতে অভিনেত্ৰী ৰশ্মিকা মণ্ডনাক অতি কম স্থান দিছে। টিজাৰটোত ভাইজানক নিজৰ ষ্টাইলত শত্ৰুক পৰাস্ত কৰা দেখা গৈছে। ছবিখনত ৰশ্মিকাই চলমানৰ সৈতে প্ৰেমৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বাহুবলীৰ সত্যৰাজ অৰ্থাৎ কট্টপ্পাই খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে।
কিমান সময়ত ৰশ্মিকাক দেখা গৈছে?
টিজাৰ ভিডিঅ’টোৰ আৰম্ভণিতে চলমান খানৰ আছে গধুৰ সংলাপ। ভাইজানৰ প্ৰৱেশ বিশেষ ধৰণেৰে কৰা দেখা গৈছে। অৱশ্যে তেওঁৰ মুখখন সম্পূৰ্ণ ৰূপে দেখোৱা নাই। ইফালে ৰশ্মিকা মণ্ডনাৰ অলপ দৃশ্যাংশও ইয়াত দেখা গৈছে। কিন্তু ৩৪০০ কোটি টকা উপাৰ্জন কৰা ছবিৰ নায়িকা ৰশ্মিকাক মাত্ৰ ৫ ছেকেণ্ডৰ বাবে টিজাৰত দেখুওৱা হৈছে।
বিগত বছৰবোৰত ৰশ্মিকাই নিজকে এতিয়া বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী হিচাপে উপস্থাপন কৰিছে। এতিয়া ৰশ্মিকা বহু ডাঙৰ প্ৰজেক্টৰ অংশ হৈছে। ‘পুষ্পা’ আৰু ‘সীতা ৰাম’ৰ পিছত ‘গুডবাই’, ‘ছাৱা’, ‘পুষ্পা ২’ আৰু ‘এনিমেল’ত ৰশ্মিকাই সুন্দৰ অভিনয় কৰিছে। চিকন্দৰ টিজাৰত ৰশ্মিকাৰ মাত্ৰ এটা সংলাপ আছে যিটো তেওঁ চলমান খানৰ চৰিত্ৰৰ সৈতে কথা পাতে। ইয়াৰ উপৰিও দুয়োৰে গীতৰ দৃশ্য দেখুওৱা হৈছে।
ডাইলগ টিজাৰ পূৰ্বেও আহিছিল
এই ছবিখনৰ দ্বিতীয়টো টিজাৰ ভিডিঅ’ৰ হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ডিচেম্বৰ মাহত ইয়াৰ আন এটা টিজাৰো মুকলি কৰিছিল। সেই টিজাৰত অনুৰাগীসকলে চলমানক বহুত ভাল পাইছিল।