৩৬ বছৰৰ পিছত সাৰ্থক হ’ব ছলমান খানৰ সপোন, ‘চিকন্দৰ’ৰ সৈতে আছে বিশেষ সংযোগ!
ছলমান খানে কোনো সিদ্ধান্ত নভবাকৈ নলয়। আহিবলগীয়া ছবি 'চিকন্দৰ'ৰ বাবে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত সম্পূৰ্ণ আত্মবিশ্বাসী অভিনেতাগৰাকী। এই ছবিখনৰ সৈতে ছলমান খানৰ এটা বিশেষ সংযোগ জড়িত আছে। যিয়ে 'চিকন্দৰ'ক ১০০০ কোটি উপাৰ্জন কৰা এখন ছবিত পৰিণত কৰাৰ পাৰে। ছলমানৰ এটা সিদ্ধান্ত তেওঁৰ পক্ষত হ'ব পাৰে।
চলচ্চিত্ৰ উদ্যোগত কাম কৰা প্ৰতিজন অভিনেতাই তেওঁলোকৰ ছবিসমূহক সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সপোন দেখে। আমিৰ খানৰ ডংগল ২০০০ কোটিতকৈও অধিক উপাৰ্জন কৰি হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ ছবি। ইফালে, শ্বাহৰুখ খান, প্ৰভাস, ৰণবীৰ কাপুৰ, ৰাম চৰণ, জুনিয়ৰ এনটিআৰ আৰু আন বহুতো তাৰকাৰ ছবি আছে যিয়ে ৯০০ ৰ পৰা ১০০০ কোটিৰ ভিতৰত উপাৰ্জন কৰিছে। অৱশ্যে, যোৱা কেইবছৰমানত শ্বাহৰুখ খান আৰু প্ৰভাসৰ চলচ্চিত্ৰসমূহৰ উল্লেখযোগ্য সফলতাই ছলমান খানক অনুপ্ৰাণিত কৰিছে। যাৰ বাবে একে ধৰণৰ সংবেদন সৃষ্টি কৰিবলৈ আগ্ৰহী হৈ পৰিছে অভিনেতাগৰাকী। এতিয়া ছলমান খানে ১০০০ কোটি টকাৰ এখন ছবি প্ৰদান কৰি তেওঁৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিব বিচাৰে।
শ্বাহৰুখ খান আৰু ছলমান খানৰ অনুৰাগীৰ মাজত তেওঁলোকৰ ছবিক লৈ প্ৰতিযোগিতা চলা দেখা যায়। এতিয়া ভাই জানৰ সকলো অনুৰাগীৰ মাত্ৰ এটা ইচ্ছা আছে, ১০০০ কোটি উপাৰ্জন কৰা ছবি উপহাৰ দিয়া অভিনেতাসকলৰ তালিকাত ছলমান খানৰ নাম অন্তৰ্ভুক্ত হওক । ছলমানও জানে যে তেওঁ যিকোনো প্ৰকাৰে এই কৃতিত্ব অৰ্জন কৰিবই লাগিব। সেয়েহে, ছলমানে তেওঁৰ আহিবলগীয়া ছবি ‘চিকন্দৰ’ত এক নিৰ্দিষ্ট উপাদান যোগ কৰিছে যি নিশ্চিতভাৱে ছবিখনক ১০০০ কোটিত উপনীত হোৱাত সহায় কৰিব।
‘চিকন্দৰ’ৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সংযোগটো হ’ল ৰশ্মিকা মান্দানা। আপুনিও চাগে এই কথা শুনিছে, ৰশ্মিকাক তেওঁৰ ‘চিকন্দৰ’ত অন্তৰ্ভুক্ত কৰাটো ছলমান খানৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত হ’ব পাৰে।
ইয়াৰ আঁৰৰ কাৰণ হৈছে ৰশ্মিকাৰ ফিল্মী গ্ৰাফ, যি অত্যন্ত আকৰ্ষক। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীৰ লাইনআপত কেইবাখনো ডাঙৰ ছবি আছে, যাৰ বাবে ‘চিকন্দৰ’তকৈও অধিক চৰ্চিত হৈছে।
পুষ্পা
ৰশ্মিকা মান্দানা ২০১১ চনত ‘Pushpa: The Rise’ত আল্লু অৰ্জুনৰ সৈতে দেখা গৈছিল। এই ছবিখনৰ পৰা ৰশ্মিকাই ‘শ্ৰীবল্লী’ৰ টেগ লাভ কৰিছে। দক্ষিণ চলচ্চিত্ৰৰ অনুৰাগীসকলৰ বাবে, অভিনেত্ৰীগৰাকী এতিয়া ‘শ্ৰীবল্লী’ হৈ পৰিছে। ছবিখন ১৫০ কোটি বাজেটেৰে নিৰ্মাণ কৰা হৈছিল আৰু ৩৫০ কোটিতকৈও অধিক উপাৰ্জন কৰিছিল। ছবিখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছিল।
এনিমেল
বলীউডত ভৰি থৈও নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল ৰশ্মিকা মান্দানাই। সন্দীপ ৰেড্ডীৰ দ্বাৰা পৰিচালিত এনিমেল ছবিখনত ৰশ্মিকাক ৰণবীৰ কাপুৰৰ সৈতে অভিনয় কৰিছিল। গীতাঞ্জলি হিচাপে, তেওঁ দৰ্শকৰ হৃদয় জয় কৰিছিল। এনিমেলে বক্স অফিচত ৯০০ কোটিতকৈও অধিক উপাৰ্জন কৰিছিল।
পুষ্পা ২
ৰশ্মিকা মান্দানাক পুষ্পা ২ ত আল্লু অৰ্জুনৰ সৈতে দেখা যাব। এই ছবিখন ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব। এই ছবিখনকৈ লৈ সকলোৰে উচ্চ প্ৰত্যাশা আছে। ছবিখনৰ প্ৰচাৰো পূৰ্ণ গতিত চলি আছে। ৰশ্মিকাই পুষ্পা 2 ইভেণ্টৰ বাবে য’লৈকে যায়, অনুৰাগীসকলে তেওঁক চাবলৈ আগ্ৰহী হৈ থাকে।
ছাভা
ৰশ্মিকা মান্দনাক ছভাত বিকি কৌশলৰ সৈতে দেখা যাব। এই ছবিখনক লৈও যথেষ্ট চৰ্চা চলি আছে। এই ছবিখন অহা বছৰৰ ফেব্ৰুৱাৰীত মুক্তি পাব। এনেদৰে, ৰশ্মিকাক লৈ অনুৰাগীৰ বৰ্ধিত উন্মাদনাই ‘চিকন্দৰ’ক লাভান্বিত কৰিব।
‘চিকন্দৰ’
ছলমান খানৰ ‘চিকন্দৰ’ অহা বছৰ ঈদ উপলক্ষে মুক্তি পাব। ইয়াৰ অৰ্থ হৈছে এই ছবিখনে মাৰ্চত মুক্তিলাভ কৰিব। ‘চিকন্দৰ’ৰ মুক্তিৰ আগতে, ৰশ্মিকাৰ দুখন ছবিয়ে ইতিমধ্যে মুক্তি পাব।এইটোৱে স্পষ্ট কৰে যে দৰ্শকে ৰশ্মিকাক বাৰে বাৰে চাব বিচাৰে। অৱশ্যে, যেতিয়া কোনো নায়িকাই ছলমানৰ সৈতে প্ৰথমবাৰৰ বাবে কাম কৰে, অনুৰাগীসকলেও তেওঁলোকক চাবলৈ যথেষ্ট উৎসাহিত হৈ থাকে।